Logo
image

সুৰা-ধবংসী বুলড’জাৰ চালকৰ ৰূপত তুলিৰাম

আমাৰ অসম, ১০ আগষ্টঃ  ৰাজ্য চৰকাৰে মঙলবাৰে কেবিনেট বৈঠকত সিদ্ধান্ত লৈছে গ্ৰাম্য এলেকাত থকা সকলো বিয়েৰ বাৰ বিলাতী সুৰাৰ দোকানলৈ পৰিৱৰ্তন কৰিব৷ বিত্তীয় সংকটত ককবকাই থকা ৰাজ্য চৰকাৰে ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে এতিয়া গাঁৱে-গাঁৱে বিলাতী সুৰাৰ দোকান খুলাৰ সিদ্ধান্ত লৈছে৷ আনহাতে, আজি কাৰ্বি আংলং জিলাৰ খটখটীত ৬০ লাখ টকাৰ বিলাতী সুৰা আৰু বিয়েৰ ভাঙি চূৰমাৰ কৰা হয়৷ চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে এই সুৰাখিনি নিলাম কৰাৰ বাবে অৱশ্যে চিন্তা নকৰিলে৷ ২০১৯ চনৰ পৰা কাৰ্বি আংলং জিলা আবকাৰী আৰু আৰক্ষী বিভাগে জব্দ কৰা ১০১২৪ লিটাৰ বিলাতী সুৰা আৰু ২০২৯৪ লিটাৰ বিয়েৰ আজি নষ্ট কৰা হয়৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উপায়ুক্ত দিবাকৰ নাথ, আৰক্ষী অধীক্ষক পুষ্টৰাজ সিং আৰু পৰিষদৰ কাৰ্যবাহী সদস্যসকল আজি খটখটী টিলাবস্তিৰ এই সুৰা ধবংসৰ অভিযানত উপস্থিত থাকে৷ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে বুলড’জাৰ নিজে চলাই সুৰাৰ বটলসমূহ ভাঙি চূৰ্ণাকৃত কৰে৷ উল্লেখ যে, ২০১৯ চনত অসম চৰকাৰৰ অৰ্থনৈতিক অপৰাধ শাখাই খটখটীত অভিযান চলাই কৰ ফাকি দি মজুত ৰখা ১৬ ট্ৰাক অৰুণাচলী সুৰা জব্দ কৰিছিল৷ তদুপৰি, ডিমাপুৰলৈ অনা অবৈধ অৰুণাচলী সুৰা খটখটী, শান্তিপুৰত জব্দ কৰি মজুত কৰি ৰখা হৈছিল৷ আজি জব্দকৃত সকলো অবৈধ সুৰা ভাঙি নষ্ট কৰা হয়৷ স্মৰ্তব্য যে, চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰ সুৰামুক্ত ৰাজ্য হোৱাৰ বাবে খটখটীৰ পৰাই দুয়োখন ৰাজ্যলৈ বিলাতী সুৰা অবৈধভাৱে সৰবৰাহ হয়৷ অসম চৰকাৰে খটখটী, লাহৰিজানত ইখনৰ পাছত সিখন সুৰাৰ বিপণী আৰু সুৰাৰ কাৰখানা স্থাপন কৰিছে৷ অসম চৰকাৰে খটখটীৰ সুৰা কাৰখানা আৰু বিপণীৰ পৰা আটাইতকৈ বেছি ৰাজহ সংগ্ৰহ কৰি আহিছে৷ কিন্তু এই ধন নাগালেণ্ড আৰু মণিপুৰৰ পৰাহে সংগ্ৰহ হয়৷ অসম চৰকাৰে কেৱল ৰাজহ সংগ্ৰহৰ বাবে গাঁৱে-ভূঞে বিলাতী সুৰাৰ দোকান খুলিবলৈ দিয়াৰ সময়তে আজি জব্দকৃত ৬০ লাখ টকাৰ বিলাতী সুৰা বুলড’জাৰ চলাই ধবংস কৰা হয়৷