Logo
image

সীমা বিবাদৰ ওৰ পেলাবলৈ আইজলত মন্ত্ৰী অতুলৰ বৈঠক

আমাৰ অসম, ১০ আগষ্টঃ অসম মিজোৰাম সীমান্ত সমস্যাৰ সমাধানৰ বাবে মঙলবাৰে আইজলত দুই ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ এখন হাইভেল্টেজ বৈঠক অনুষ্ঠিত হয়৷ অসমৰ পৰা উপস্থিত আছিল সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল৷ লগতে আছিলে সীমান্ত বিভাগৰ আয়ুক্ত জিডি ত্ৰিপাঠী৷ মিজোৰাম চৰকাৰৰ ফালৰ পৰা উপস্থিত আছিল গৃহমন্ত্ৰী লালচাহমিলিয়ানা আৰু তথ্য জনসংযোগ মন্ত্ৰী লালৰুৱাটকিমা৷ দুপৰীয়া ২টা ৩০ মিনিটৰ পৰা আইজল ক্লাবত আৰম্ভ হয় এই বিশেষ বৈঠকখন৷ সীমান্ত সমস্যা লৈ প্ৰায় ১ ঘণ্টাৰ অধিক সময় আইজল ক্লাবত দুই ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকখন অনুষ্ঠিত হয়৷ বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী অশোক সিংঘল আৰু মিজোৰামৰ গৃহমন্ত্ৰী লাল চামলিয়ানাই সংবাদমেলত কয় যে,  দীৰ্ঘদিনীয়া বিবাদ সমাধানৰ প্ৰক্ৰিয়াটো আগুৱাই নিয়াৰ বাবে বৈঠকত কেতবোৰ বিষয়ত পাৰস্পৰিকভাৱে সন্মতি দিয়া হয়৷ সেই অনুসৰি দুয়োখন ৰাজ্যই ৫ আগষ্ট, ২০২১ তাৰিখৰ যুটীয়া বিবৃতিত পুনৰ নিশ্চিত কৰা হয়৷ দুয়োখন ৰাজ্যই সীমান্তত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব৷ সীমান্তত অৰ্থনৈতিক তথা কৃষিৰ কাম-কাজ পুনৰ আৰম্ভ কৰা হ’ব৷ পৰৱৰ্তী উচ্ছ পৰ্যায়ৰ বৈঠক অক্টোবৰ, ২০২২ত অনুষ্ঠিত হ’ব৷ সংবাদমেলত মন্ত্ৰী অতুল বৰাই কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম-মিজোৰামৰ সীমা সমস্যাৰ সমাধানৰ বাবে খুবেই আগ্ৰহী৷ আজিৰ মন্ত্ৰী পৰ্যায়ৰ  দ্বিপাক্ষিক বৈঠকৰ সিদ্ধান্তসমূহ তেওঁক অৱগত কৰাৰ পাছতহে ৰাজহুৱা কৰা হৈছে৷ বিশেষকৈ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত বিবাদিত বিষয়সমূহে পুঙ্খানুপুঙ্খভাৱে আলোচনাৰ মেজত স্থান পাব বুলি মুখ্যমন্ত্ৰীয়ে আগ্ৰহ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বুধবাৰে পুৱা মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাকো সৌজন্যমূলক সাক্ষাৎ কৰিব মন্ত্ৰী অতুল বৰাই৷ উল্লেখ্য, অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ বাবে আজি ৰাজ্যৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ল৷