Logo
image

ধুবুৰীত প্ৰায় আঢ়ৈশ যুৱকক অস্ত্ৰচালনাৰ প্ৰশিক্ষণ বজৰঙৰ

আমাৰ অসম, ১০ আগষ্টঃ আৰক্ষী বা সেনা বাহিনী নহয়৷ ৰাষ্ট্ৰীয় বজৰংদলৰ প্ৰত্যক্ষ তত্বাবধানত ধুবুৰী জিলাৰ এক গোপন স্থানত প্ৰায় আঢ়ৈশ যুৱকে গ্ৰহণ কৰিলে মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ৷ ইতিমধ্যে এই প্ৰশিক্ষণৰ ছবি ৰাজহুৱা হোৱাৰ পিছতে গৃহ বিভাগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগৰিয়া নেতৃত্বাধীন ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত অনুষ্ঠিত এই অস্ত্ৰ চালনাৰ প্ৰশিক্ষণত সীমান্তৱৰ্তী জিলাখনৰ প্ৰায় আঢ়ৈশ যুৱকে অংশ লয়৷ লক্ষণীয়ভাৱে সমগ্ৰ প্ৰশিক্ষণটো আয়োজন কৰা হৈছিল অতি সংগোপনে৷ জিলাখনৰ এক আওহতীয়া স্থানত চলিছিল এই মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ৷ ৰাজ্যৰ বাহিৰৰ পৰা অনা হৈছিল একাধিক প্ৰশিক্ষকক৷ ধুবুৰী আৰু ইয়াৰ পাশ্বৱৰ্তী জিলাৰ নিৰ্বাচিত আঢ়ৈশ যুৱকক দিয়া হৈছিল মাৰণাস্ত্ৰৰ এই প্ৰশিক্ষণ৷ উল্লেখ্য যে আন্তৰ্জাতিক হিন্দু পৰিষদৰ ভাতৃ সংগঠন হ’ল ৰাষ্ট্ৰীয় বজৰং দল৷ জুলাই মাহৰ শেষৰ পিনে এই যুৱকসকলৰ বাবে অনুষ্ঠিত কৰা হৈছিল এই প্ৰশিক্ষণ শিবিৰৰ৷ মাৰণাস্ত্ৰ চালনাৰ এই প্ৰশিক্ষণ শিবিৰত নিৰ্বাচিত যুৱকসকলক সমৰকলাৰ অন্যান্য প্ৰশিক্ষণো দিয়া হয়৷ এই প্ৰশিক্ষণ শিবিৰত আয়োজনৰ দায়িত্বত থকা এজন বিষয়ববীয়াৰ দাবী বাংলাভাষী মুছলমানৰ বদ্ধিৰ্ত আক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই শিবিৰৰ আয়োজন কৰা হৈছে৷ আত্মৰক্ষাৰ কৌশল মাৰ্ছিয়েল আৰ্টছ, লঘু মাৰণাস্ত্ৰ চালনা, যোগা আৰু আধ্যাত্মিক শিক্ষা দিয়া হৈছিল এই প্ৰশিক্ষণ শিবিৰত৷ সমগ্ৰ শিবিৰটো পৰিচালনা হৈছে দিল্লীৰ পৰা অহা সংগঠনটোৰ জ্যেষ্ঠ বিষয়ববীয়াৰ অধীনত৷ ২০১৯ চনত অসমত ৰাষ্ট্ৰীয় বজৰংদলে আত্মপ্ৰকাশ কৰিছিল৷ ৰাজ্যৰ ২৩ খন জিলাত সংগঠনটোৰ প্ৰায় ৫০ হাজাৰ সমৰ্থক সদস্য থকা বুলি দাবী কৰা হয়৷ সংগঠনৰ সদস্যৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপক ইতিমধ্যে গ্ৰহণ কৰাৰ উপৰিও এনেধৰণৰ প্ৰশিক্ষণ শিবিৰ বাংলাভাষী মুছলমান অধ্যুষিত জিলাসমূহতো সঘনে অনুষ্ঠিত কৰাৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় বজৰংদলে৷ ধুবুৰী জিলাত অস্ত্ৰ পৰিচালনাৰ এই শিবিৰ চাৰিদিন ধৰি চলে৷ ৰাষ্ট্ৰীয় বজৰংদলে মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিলেও কাৰ্যতঃ অৰ্ধ সামৰিক বাহিনী বা সেনা বাহিনীৰ বাহিৰে কোনেও চৰকাৰৰ অনুমতি অবিহনে এনেদৰে মাৰাণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিব নোৱাৰে৷ লক্ষণীয়ভাৱে ২০ জুলাইৰ পৰা ২৫ জুলাইলৈ ধুবুৰী জিলাৰ গোলকগঞ্জত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশৰ কাৰ্যকৰ্তা প্ৰশিক্ষণ শিবিৰ৷