Logo
image

ৰাখীবন্ধনৰ মূল আকৰ্ষণ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৩ আগষ্টঃ এইবাৰৰ ৰাখী বন্ধনৰ মূল আকৰ্ষণ যেন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ পবিত্ৰ ৰাখী পূৰ্ণিমা উপলক্ষে শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত ৰাখী বন্ধন কাৰ্যসূচী অনুষ্ঠিত হয়৷ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ভগ্নী, এছ অ’ এছ শিশু গাঁৱৰ কণমানিসকলৰ উপৰি বিজেপিৰ মহিলা মৰ্চাৰ কৰ্মী, গুৱাহাটী মহানগৰীৰ মহিলা পাৰিষদসকলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ভাতৃ-ভগ্নীৰ মৰম চেনেহ আৰু দায়িত্ববোধৰ এনাজৰী ৰাখী বান্ধি মৰম আৰু শ্ৰদ্ধাৰে ওপচাই দিয়ে৷ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আংগুৰলতা ডেকা সমন্বিতে বহু ভগ্নীয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক পিন্ধায় ৰাখী৷ কণমানিসকলৰ উপৰি অসংখ্য ভগ্নীয়ে ৰাখী পিন্ধোৱা বাবে কাৰ্যতঃ মুখ্যমন্ত্ৰীৰ হাতত ৰাখী বান্ধিবলৈ ঠাই নোহোৱা হৈ পৰে৷ বাধ্য হৈ কিছু ৰাখী খুলি ভগ্নীসকলক ৰাখী বন্ধাৰ সুবিধা কৰি দিয়া হয়৷ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংঘাল, সাংসদ পল্লবলোচন দাস সমন্বিতে বহুজন৷ ৰাখী বন্ধনৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যখনৰ ভগ্নীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাটো তেওঁৰ প্ৰাথমিক আৰু অগ্ৰাধিকাৰ হিচাপে থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ উল্লেখ্য, বৃহস্পতিবাৰৰ পুৱা সাত বজাৰ পৰা আৰম্ভ হয় ৰাখী পূৰ্ণিমা৷ শুকুৰবাৰে পুৱা সাত বজালৈ ৰাখী পূৰ্ণিমাৰ তিথি থকাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰেও উদ্‌যাপন কৰা হয় ৰাখী বন্ধন কাৰ্যসূচী৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দীৰ্ঘদিন ধৰি উদ্‌যাপন কৰি আহিছে ৰাখী বন্ধন কাৰ্যসূচী৷ কিন্তু পূৰ্বৰ বছৰসমূহৰ তুলনাত এইবেলি ৰাখী বন্ধন কাৰ্যসূচীয়ে পায় সৰ্বাত্মক ৰূপ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে নিজাববীয়াকৈ ৰাখী বন্ধন কাৰ্যসূচী ৰূপায়ণ কৰে৷ চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানতো ৰূপায়ণ কৰা হয় ৰাখী বন্ধন কাৰ্যসূচী৷ বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আংগুৰলতা ডেকাৰ নেতৃত্বত মহিলা মৰ্চাৰ এদল মহিলা কৰ্মীয়ে দিছপুৰ থানালৈ গৈ আৰক্ষী বিষয়া জোৱানক ৰাখী পিন্ধায়৷ আৰক্ষী বিষয়া জোৱানসকলেও ৰাখী পিন্ধাবলৈ অহা মহিলা যুৱতীসকলক মিঠাই খুৱায়৷