Logo
image

জাতিভেদৰ কংকাল

মঙলদৈৰ গণকচুবাত সমাজৰ সংকীৰ্ণতাৰ ভয়ংকৰ ছবি

অসবৰ্ণ বিবাহৰ বাবে সৎকাৰত বাধা, গাঁতৰ পৰা তুলি শৱদাহ

আমাৰ অসম, ১৩ আগষ্টঃ পুৰণিকলীয়া জাতিভেদ প্ৰথাৰ কলংকই কলংকিত কৰিলে মঙলদৈৰ এখন গাঁৱক৷ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি গাঁৱখনত সংঘটিত এক হৃদয় বিদাৰক ঘটনাই ইতিমধ্যে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷ সমাজৰ একাংশ লোকৰ সংকীন মানসিকতাৰ ভয়ংকৰ ছবি প্ৰতিফলিত হৈছে এই ঘটনাৰ পৰা৷ উল্লেখ্য,  ধৰ্মীয় গোড়ামী, সংকীৰ্ণতাৰ বলি হৈ মঙলদৈ পটালশিং পাৰাৰ অতুল শৰ্মা [৬৩]ৰ মৃতদেহ সৎকাৰ কৰিব নোৱাৰি পৰিয়ালে নদীৰ পাৰত যোৱা ১০ আগষ্টত পুতি থ’বলগীয়া হোৱা হৃদয়বিদাৰক ঘটনাই শুকুৰবাৰে নতুন মোৰ লয়৷ পুতি থোৱা মৃতদেহ দৰং জিলা প্ৰশাসনে আৰক্ষীৰ উপস্থিতিত গাঁতৰ পৰা উলিয়াই মঙলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি মঙলদৈ টেঙাবাৰীস্থিত কালী মন্দিৰ শ্মশানত সৎকাৰ কৰে৷ এই ঘটনাৰ সংক্ৰান্তত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে আজি মঙলদৈ থানাত বৰ আঠিয়াবাৰীৰ মুখিয়াল যাদব দেৱ শৰ্মা, বিনোদ শৰ্মা, জগত শৰ্মা, লংকেশ্বৰ শৰ্মা, অৰুণ বৰদলৈ, তিলক শৰ্মা, কমলা শৰ্মা, চন্দন শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত তথা ৰাইজৰ দাবীৰ ভিত্তিত আৰক্ষীয়ে অশীতিপৰ যাদব দেৱ শৰ্মা [৮৬]ক আটক কৰি মঙলদৈ থানালৈ আনে৷ উল্লেখ্য যে পটালশিং পাৰাৰ কটকীপাৰা [গণক চুবা]ৰ অতুল শৰ্মা কৰ্মসূত্ৰে উত্তৰ লখিমপুৰ চহৰত থাকোঁতে ২৭ বছৰ পূৰ্বে চহৰখনৰ আজাদ তিনিআলিৰ প্ৰণিতা খাটনিয়াৰক বিয়া কৰোৱায়৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ ছোৱালীক বিয়া কৰোৱাৰ বাবে নিজৰ গাঁৱৰ স্ব গোষ্ঠীৰ গণক সমাজ খনে অতুল শৰ্মাক এঘৰীয়া কৰে৷ দিন বাগৰিল, অতুল শৰ্মাৰ দুটি সন্তানৰ পিতৃ হ’ল৷ সাধাৰণ পাণ তামোলৰ দোকান দি জীৱন যুঁজত অবৰ্তীৰ্ণ হোৱা অতুল শৰ্মাৰ পৰিয়ালটো কোনোমতে দুবেলা দুমুঠি খাই চলি থাকিল৷ এনেতে অতুল শৰ্মা হৃদৰোগত আক্ৰান্ত হয়৷ উপায়ন্তৰ হৈ পুত্ৰ কামৰ সন্ধানত পাঞ্জাবলৈ গ’ল৷ কন্যা ধৰিত্ৰীক লগত লৈ পত্নী প্ৰণিতা দেৱী গুৱাহাটীত থাকি কাম কৰিব ধৰিলে৷ এনেদৰে উপাৰ্জন কৰা ধনেৰে অতুল শৰ্মাৰ চিকিৎসা চলোৱাৰ লগতে তেওঁলোকৰ জীৱন নিৰ্বাহ হৈ থাকে৷ বিবাহৰ উপযুক্ত বয়স হোৱাত সমাজে এঘৰীয়া কৰি থোৱাৰ বাবে পাঞ্জাৱৰ ব্যক্তিগত কোম্পানীত কাম কৰা পুত্ৰ প্ৰাঞ্জ ল শৰ্মাই কলিতা সম্প্ৰদায়ৰ ছোৱালী বিয়া পাতে ঐতিহাসিক খটৰা সত্ৰত৷ আনহাতে একমাত্ৰ ছোৱালী ধৰিত্ৰী দেৱী বিয়া হ’ল বঙালী সম্প্ৰদায়ৰ যুবকৰ লগত৷ ঘৰত অকলে থকা ৰুগীয়া অতুল শৰ্মাৰ যোৱা ৯ আগষ্টৰ মাজনিশা মৃত্যু হয়৷ মৃত্যুৰ বতৰা পাই পত্নী প্ৰণিতা দেৱী নিশাই ঘৰত উপস্থিত হয়৷ ১০ আগষ্টৰ পুৱা সমাজৰ মানুহ কিছুমানক খবৰ দি মাতি আনে যদিও সমাজৰ মুখিয়াল কেইজনমান লোকে ‘আমি মৃতদেহ চুবও নোৱাৰিম আৰু সৎকাৰ কৰিবও নোৱাৰিম৷ তোমালোকে মৃতদেহটো পুতি থৈ প্ৰায়শ্চিত্ত হৈ লোৱা’ বুলি কোৱাত হতভম্ভ হৈ পৰা পৰিয়ালটোৰ কাষত থিয় হয় অতুল শৰ্মাৰ দুই ভাতৃ অমৰ শৰ্মা আৰু ৰায় শৰ্মা৷ তেওঁলোক দুজনে সমাজৰ নিৰ্দেশনা মৰ্মে মৃতদেহটো নদীৰ পাৰত গাঁত খান্দি সেইদিনাই পুতি থৈ আহে৷ অতুল শৰ্মাৰ মৃত্যু আৰু মৃত্যুৰ পিছত হোৱা ঘটনা-পৰিঘটনাৰ বিষয়ে ১০ আগষ্টলৈ গাঁৱৰ গাওঁবুঢ়া ভূপেন বৰুৱা আৰু গাঁৱৰক্ষী বাহিনীৰ সম্পাদক ক্ষীৰোদ বৰুৱা অৱগত হোৱা নাছিল বুলি দুয়োজনে দাবী কৰিছে৷ ইফালে পিতৃৰ মৃত্যু হোৱাৰ বতৰা পাই পুত্ৰ পাঞ্জাবৰ পৰা বৃহস্পতিবাৰে আহি ঘৰ পায়৷ ৰাইজৰ অসহযোগত অতুল শৰ্মাৰ মৃতদেহ সৎকাৰ কৰিব নোৱাৰি পুতি থোৱ সম্পৰ্কত সংবাদ মাধ্যমৰ লোক কালি অৱগত হয়৷ এই সম্পৰ্কত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে তৎপৰতা প্ৰদৰ্শন কৰি আজি মঙলদৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নয়নজিৎ পাঠক, মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিসহ বহু লোকৰ উপস্থিতিত মৃতদেহ গাঁতৰ পৰা খান্দি উলিয়াই মঙলদৈ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰে৷ পিছত মঙলদৈ কালী মন্দিৰ শ্মশানত পুত্ৰ প্ৰাঞ্জ ল শৰ্মাই পিতৃৰ মুখাগ্নি কৰে৷ সৎকাৰ কাৰ্যসূচীত বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, ৰাজহ চক্ৰ বিষয়া নয়নজিৎ পাঠক, উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল ফুকনসহ বহু লোক উপস্থিত থাকে৷ তাৎপৰ্যপূৰ্ণ যে, গাঁতৰ পৰা মৃতদেহ উলিয়াই অনা, মৰণোত্তৰ পৰীক্ষা কৰা আৰু মৃতদেহ সৎকাৰ কৰাৰ সময়তো অতুল শৰ্মাৰ গাঁৱৰ লোক উপস্থিত নাথাকিল৷ স্থানীয় আৰক্ষীৰ দাবী ঘৰুৱাভাৱে আমাক কোনোৱই অৱগত কৰিলে আজি বিষয়টো এই পৰ্যায়লৈ নাযায়৷ মৃতদেহ সৎকাৰৰ সকলো ব্যৱস্থা আমিয়ে কৰি দিলোহেতেন৷ এইটো অতি দুভাগ্যজনক ঘটনা৷ শৰ্মাৰ আত্মীয়ৰ মতে ৰাইজে দিছিল মৃতদেহ গাতত পুতি ৰখাৰ সিদ্ধান্ত৷ ‘ৰাইজৰ যিটো মত তাক আমি বিৰোধ কৰিব নোৱাৰো৷ মৃতদেহ পুতি থোৱাৰ সিদ্ধান্ত ৰাইজে দিছে৷ গণক সমাজৰ সভাপতিয়ে দিছিলে এই সিদ্ধান্ত৷ –এই ভাষ্য শৰ্মাৰ আত্মীয়ৰ৷ আনহাতে গণক চুবাৰ সভাপতি বিনোদ শৰ্মাৰ মতে প্ৰয়াত শৰ্মাৰ আত্মীৰ অনুমতি সাপেক্ষে পোতা হৈছিল মৃতদেহ৷ এটা সম্প্ৰদায়ৰ কিছুমান নিয়ম নীতি থাকে, সমাজ বান্ধন এটা থাকে৷ সেই কাৰণে তেওঁলোক সমাজখনৰ পৰা বাহিত আছে৷ আচলতে মৃতদেহ সৎকাৰ কৰা হ’ল হয়৷ কিন্তু ঘৰৰ সকলো মানুহ বাহিৰত থাকে৷ ল’ৰা পাঞ্জাবত থাকে৷ কেতিয়া আহি পায় ঠিক নাই৷ মৃতদেহ সৎকাৰৰ কথা আহি পৰাৰ লগে লগে আনুসাংগিক কিছুমান বিষয় আহি পৰে৷ তেওঁলোকৰ মাজত অস্থি আদি ৰখাৰ মানুহ নোলাল৷ মৃতদেহ পুতি থোৱাৰ ক্ষেত্ৰ তেওঁৰ পত্নীৰো সহমত আছিল৷ তেওঁ আমাৰ আগত সন্মতি দিছিলে৷ ইতিমধ্যে নিজৰ মন্তব্যৰ দ্বাৰা বিতৰ্কৰ আৰ্বতত সোমাই পৰা যাদৱ দেৱ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– আমি শৰ্মাৰ মৃতদেহ নুচোও বুলি কৈ দিছিলো৷ এই মৃতদেহ চুলে আমি পৰাচিত হ’ব লাগিব৷ তেওঁ জাতি যোৱা মানুহ আছিল৷ লক্ষ্যনীয়ভাৱে প্ৰয়াত শৰ্মাৰ পত্নীয়ে প্ৰণীতা খাতনিয়াৰে কয়– মোৰ জাতিটোৰ কাৰণে গাঁৱৰ মানুহে আমাক গ্ৰহণ কৰা নাছিল৷ গাঁৱৰ মানুহে মৃতদেহটো পুতি থোৱাৰ পৰামৰ্শ দিছিলে আৰু আমি সেইমতে কাম কৰো৷

দোষীক শাস্তি বিহাৰ দাবী আক্ৰাছুৰ

কোচ ৰাজবংশী জনগোষ্ঠী বৃহত্তৰ সমাজখনৰ ঐতিহাসিক আৰু স্বাভিমান থকা এটা খিলঞ্জীয়া জনগোষ্ঠী৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস শৌৰ্য-বীৰ্যৰে ভৰা৷ তেনে এটা জনগোষ্ঠীৰ এজন সন্তান হ’ব পৰাটো গৌৰৱৰ কথা৷ ইতিহাসপ্ৰসিদ্ধ এটা জনগোষ্ঠীৰ এগৰাকী মহিলা গণক কুলৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ ২৭ বছৰ পূৰ্ণ কৰিলে৷ মহিলাগৰাকীক ২৭ বছৰে সেই নিচ কুলৰ বুলি অপমান কৰি থাকি অৱশেষত তেওঁৰ স্বামীৰ মৃতদেহ সৎকাৰ কৰিব নোযোৱাটো একবিংশ শতিকাৰ মানৱ জাতিৰ বাবে লজ্জাজনক৷ মঙলদৈৰ পতালসিং গাঁৱৰ গণক চুবাত জাতি-ভেদ প্ৰথাৰ কু-মানসিকতা মনত পুহি ২৭ বছৰে এগৰাকী মহিলা তথা মহিলাগৰাকীৰ স্বামী অতুল শৰ্মাক মানসিক নিৰ্যাতন দিয়া এই ঘটনাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আজি এক বিবৃতিযোগে সংগঠনটোৰ সভাপতি ক্ষীতিশ বৰ্মন আৰু যুটীয়া সম্পাদক কপিল দেৱ সিংহ আৰু পাৰ্থজ্যোতি বড়াই অতুল শৰ্মাৰ পত্নীক নীচজ্ঞান কৰি মানসিক হাৰাশাস্তি কৰাৰ নেপথ্যত থকা লোকৰ ওপৰত অতিশীঘ্ৰে ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনায়৷ সংগঠনটোৱে আজিৰে পৰা প্ৰয়াত অতুল শৰ্মাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ পত্নীগৰাকী আৰু তেওঁৰ সন্তানৰ লগত কোচ ৰাজবংশী ছাত্ৰ সন্থা থাকিব বুলি জানিবলৈ দিয়ে৷ সংবাদ মাধ্যমযোগে এই কথা জানিব পাৰি সংগঠনটোৱে এনে ঘটনাক তীব্ৰ নিন্দা কৰি গণক চুবাৰ লোকৰ মানসিকতা সলনি কৰাৰ সময় আহি পৰিছে বুলি কয়৷ জাত-পাতক লৈ মানুহক ককৰ্থনা কৰা নিকৃষ্ট মানসিকতা এৰি প্ৰকৃতাৰ্থত মানুহ হ’বলৈ আহ্বান জনায় সংগঠনটোৱে৷