Logo
image

ঘৰভাৰাত লাগিল ১৮% জিএছটি

আমাৰ অসম, ১৩ আগষ্টঃ এইবাৰ ভাৰাতীয়াৰ পৰাও জি এছ টি অৰ্থাৎ পণ্য আৰু সেৱা কৰ সংগ্ৰহ কৰিব মোদী চৰকাৰে৷ জি এছ টি কাউন্সিলৰ শেহতীয়া বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই ব্যৱস্থা বিগত ১৮ জুলাইৰ পৰা দেশজুৰি বলৱৎ কৰা হৈছে৷ এতিয়াৰ পৰা প্ৰায় এমাহ পূৰ্বেই ভাৰাতীয়াৰ ওপৰত মোদী চৰকাৰে ১৮ শতাংশ জি এছ টি আৰোপ কৰিলেও বিষয়টো সংবাদ মাধ্যমত বহুলভাৱে চৰ্চা হোৱাৰ পাছতে ভাৰাতীয়াৰ জি এছ টিক লৈ দেশজুৰি তুমুল বিতৰ্ক আৰু বিভ্ৰান্তি আৰম্ভ হৈছে৷ এইক্ষেত্ৰত প্ৰথমেই উত্থাপিত প্ৰশ্নটো হৈছে– কোনে ভৰিব লাগিব জি এছ টি? দ্বিতীয় প্ৰশ্নটো হৈছে– জি এছ টি আদায়ৰ ক্ষেত্ৰত ঘৰভাৰাৰ উচ্ছসীমা আৰু নিম্নসীমা আছে নেকি? জি এছ টি ব্যৱস্থা আৰম্ভ হোৱাৰ পৰা শেহতীয়া জি এছ টি কাউন্সিলৰ বৈঠক পৰ্যন্ত কমাৰ্চিয়েল বা বাণিজ্যিক ঘৰভাৰাৰ ক্ষেত্ৰত জি এছ টি বলৱৎ আছিল৷ অৰ্থাৎ যোৱা ১৮ জুলাইৰ আগলৈকে বাণিজ্যিক কাৰণত লোৱা ভাৰাঘৰৰ ক্ষেত্ৰত ভাৰাতীয়াই চৰকাৰক জি এছ টি প্ৰদান কৰিবলগীয়া হৈছিল৷ কিন্তু নতুন নিয়ম অনুসৰি বসবাসৰ ক্ষেত্ৰত ভাৰা লোৱা ঘৰৰ বাবদো ভাৰাতীয়াই চৰকাৰক ১৮ শতাংশ জি এছ টি অৰ্থাৎ পণ্য আৰু সেৱাকৰ আদায় দিব লাগিব৷ জি এছ টি কাউন্সিলৰ ৪৭সংখ্যক বৈঠকত কেন্দ্ৰীয় চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ‘ৰিভাৰ্ছ চাৰ্জ মেকানিজম’ৰ মাধ্যমত সেৱা কৰ আদায় দিব লাগিব৷ কেনে ভাৰাতীয়া বা কোন ভাৰাতীয়াই জি এছ টি আদায় দিব লাগিব বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰ যদি পৰোক্ষভাৱে দিয়া হয়, তেন্তে এটা বিষয় নিশ্চিত, কোনো বেতনভোগী কৰ্মচাৰীয়ে তেওঁ থকা ভাৰাঘৰৰ বাবদ জি এছ টি ভৰিব নালাগে৷ বসবাস কৰা ভাৰাঘৰৰ ক্ষেত্ৰত ১৮ শতাংশ জি এছ টি ভৰিব লাগিব ব্যৱসায়ীয়ে বা স্বনিৰ্ভৰ উপাৰ্জনকাৰীয়ে৷ পিছে সকলো স্বনিৰ্ভৰ উপাৰ্জনকাৰী আৰু  ব্যৱসায়ীয়েই ভাৰাঘৰৰ বিপৰীতে জি এছ টি ভৰিব নালাগে৷ জি এছ টি ভৰিব লাগিব তেনে ব্যৱসায়ীয়ে, যাৰ নাম জি এছ টিত পঞ্জীয়নভুক্ত হৈ আছে৷ অৰ্থাৎ জি এছ টি কাউন্সিলৰ শেহতীয়া বৈঠকৰ সিদ্ধান্ত অনুসৰি যোৱা ১৮ জুলাইৰ পৰা দেশত বসবাস কৰা ঘৰৰ ক্ষেত্ৰতো ভাৰাতীয়াই চৰকাৰক ১৮ শতাংশ জি এছ টি আদায় দিব লাগিব, কিন্তু সেই ভাৰাতীয়াৰ নাম জি এছ টিত পঞ্জীয়নভুক্ত হৈ থাকিব লাগিব৷ উল্লেখ্য, কোনো বেতনভোগী কৰ্মচাৰীয়ে, লাগিলে চৰকাৰীয়েই অথবা বেচৰকাৰী, জি এছ টিত নিজৰ নাম পঞ্জীয়ন কৰিব নোৱাৰে৷ বেতনভোগী কৰ্মচাৰীয়ে চৰকাৰক প্ৰত্যক্ষ কৰ আয়কৰ আদায়ৰ জৰিয়তে প্ৰদান কৰে, তেওঁলোকে চৰকাৰক প্ৰত্যক্ষভাৱে জি এছ টি প্ৰদান কৰিব নালাগে৷ ব্যৱসায়ীয়ে চৰকাৰক জি এছ টি প্ৰদান কৰে আৰু তাৰ বাবে তেওঁলোকে জি এছ টি পঞ্জীয়ন কৰিবলগীয়া হয়৷ পিছে সকলো ব্যৱসায়ীৰ বাবে জি এছ টি পঞ্জীয়ন বাধ্যতামূলক নহয়৷ ভাৰতবৰ্ষত ব্যৱসায় কৰা [উত্তৰ পূব আৰু জম্মু-কাশ্মীৰৰ বাহিৰে] যি ব্যৱসায়ীৰ বাৰ্ষিক লেনদেন ৪০ লাখ টকা বা তাৰ অধিক, তেনে ব্যৱসায়ীৰ বাবে জি এছ টি পঞ্জীয়ন বাধ্যতামূলক৷ অসমকে ধৰি উত্তৰ পূবৰ সকলো ৰাজ্য আৰু জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত বাৰ্ষিক লেনদেন ১০ লাখ টকা বা তাৰ অধিক হ’লেহে জি এছ টিৰ পঞ্জীয়ন বাধ্যতামূলক৷ ইয়াৰ পৰা অন্ততঃ এটা বিষয় স্পষ্ট হৈ পৰে যে, ক্ষুদ্ৰ ব্যৱসায়ীয়ে নহয়, ডাঙৰ ব্যৱসায়ীয়েহে বাসভৱন হিচাপে ব্যৱহাৰ কৰা ভাৰাঘৰৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰক ঘৰভাৰাৰ ১৮ শতাংশ জি এছ টি আদায় দিব লাগিব৷ এই ক্ষেত্ৰত ঘৰভাৰাৰ কোনো উচ্ছসীমা, নিম্নসীমা নাই৷ বেতনভোগী অৰ্থাৎ চাকৰিয়ালৰ ক্ষেত্ৰত ভাৰাঘৰৰ বিপৰীতে জি এছ টি আদায়ৰ প্ৰশ্নই নুঠে৷ অৱশ্যে, জি এছ টিৰ পঞ্জীয়ন থকা কোনো ব্যক্তি বা প্ৰতিষ্ঠানে যদি তেওঁলোকৰ কৰ্মচাৰীৰ থকাৰ বাবে ঘৰভাৰা লয়, তেন্তে তেনে ঘৰৰ বিপৰীতে চৰকাৰক ঘৰভাৰাৰ ১৮ শতাংশ জি এছ টি আদায় দিব লাগিব৷ অৱশ্যে, ‘ইনপুট টেক্স ক্ৰেডিট’ৰ নিয়ম অনুযায়ী সেই ধন বা জি এছ টি ফেৰতযোগ্য বা ওভোটাই পাব পাৰিব৷