Logo
image

দৰঙৰ এছপি, এএছপি অ’চিক নিলম্বনৰ নিৰ্দেশ

মৃত কিশোৰীৰ ঘৰত মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৩ আগষ্টঃ দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক [অ’চি] তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিলম্বনৰ নিৰ্দেশ দিছে৷ উল্লেখ্য, দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত ৰহস্যজনক অৱস্থাত ঢেকিয়াজুলিৰ প্ৰজাপথাৰ গাঁৱৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ১১ জুনত মৃত্যু হৈছিল৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ প্ৰকাশ হোৱাৰ পাছত বিষয়টো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হয়৷ সেইমৰ্মে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তক লগত লৈ বিষয়টো সংক্ৰান্তত মৃত কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ ঢেকিয়াজুলিৰ প্ৰজাপথাৰ গাঁওস্থিত বাসগৃহত উপস্থিত হয়৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মৃত্যুৰ সময়ত কিশোৰীগৰাকী চিপ লৈ ওলমি থকা অৱস্থাত পোৱা গৈছিল৷ এই ঘটনাৰ তদন্তৰ সময়ত ফটো আৰু ভিডিঅ’ প্ৰমাণ সংগ্ৰহৰ ক্ষেত্ৰত আৰক্ষীয়ে গাফিলতি কৰা পৰিলক্ষিত হয়৷ তদুপৰি ধূলা থানাৰ আৰক্ষী বিষয়াই কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গক এজাহাৰ দাখিলৰ ক্ষেত্ৰতো বাধা প্ৰদানৰ গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে লাভ কৰে৷ এনে অৱস্থাত প্ৰথম দৃষ্টিত নিৰপেক্ষভাৱে তদন্ত কৰাৰ ক্ষেত্ৰত দৰং আৰক্ষীৰ ভূমিকা সন্দেহমুক্ত নহয় বুলি মুখ্যমন্ত্ৰী পতিয়ন যায়৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে জিলাখনৰ এছপি, এএছপি আৰু ধূলা থানাৰ অ’চিক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিছে৷ লগতে এই ঘটনা সংক্ৰান্তত এটা বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিয়ে৷ এই তিনিজনীয়া বিশেষ তদন্তকাৰী দলটোত দুগৰাকী মহিলা বিষয়াক অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ আনহাতে, মৃত কিশোৰীগৰাকীৰ দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহ চৰকাৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগতে পৰিয়ালটোক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবেও জিলা উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰিছে৷