Logo
image

ত্ৰিৰংগা লৈ মাদ্ৰাছাৰ মাজত অঘোষিত প্ৰতিযোগিতা

আমাৰ অসম, ১৩ আগষ্টঃ বিজেপি চৰকাৰৰ আমোলত বিভিন্ন ক্ষেত্ৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলক সততে ‘টাৰ্গেট’ কৰি লোৱা বুলি উঠা অভিযোগে সৰ্বত্ৰ চৰ্চা লাভ কৰাৰ সময়তে এইবাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আয়োজিত অমৃত মহোৎসৱ আৰু ত্ৰিৰংগা সমদলক লৈ একাংশ মাদ্ৰাছাৰ মাজত কাৰ্যতঃ পৰিলক্ষিত হৈছে অঘোষিত প্ৰতিযোগিতা৷ এজন জেহাদী ধৰিলেই প্ৰায় সকলো মুছলমানক জেহাদী সজোৱাৰ বাবে একাংশই নিৰৱচ্ছিন্নভাৱে চেষ্টা চলাই অহাৰ পৰিপ্ৰেক্ষিতত দেশপ্ৰেমী, সচেতন আৰু সংবেদনশীল মুছলমানসকলে নিজকে দেশপ্ৰেমী বুলি কামে-কাজে পৰিচয় দিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ সেইবাবেই হয়তো এইবাৰ পূৰ্বৰ তুলনাত বহু মাদ্ৰাছাত অমৃত মহোৎসৱ আৰু ত্ৰিৰংগা সমদলকে ধৰি স্বাধীনতা দিৱস উদ্‌যাপনৰ বিভিন্ন চৰকাৰী কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত অধিক উৎসাহ আৰু তৎপৰতা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত ৰং-বিৰঙী ত্ৰিৰংগা লৈ সমদলত অংশ লৈছে মাদ্ৰাছাৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলে৷ মাদ্ৰাছা পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে স্থানীয় লোকেও এই সমদলত অংশগ্ৰহণ কৰিছে৷ অমৃত মহোৎসৱৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনাই ঘটিছে৷ দেশৰ নাগৰিক হিচাপে স্বাধীনতা দিৱস উদ্‌যাপন কৰাটো সকলোৰে কৰ্তব্য যদিও অভিযোগ উঠা ধৰণে যদি দেশপ্ৰেমিক বুলি পৰিচয় দিবলৈকে স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচীত আনক দেখুৱাই অধিক উৎসাহেৰে যোগদান কৰিবলগীয়া হৈছে, তেন্তে সেয়া নি(য় আদৰণীয় নহয়৷ এই কথাৰ দীৰ্ঘম্যাদী ফলাফল ইতিবাচক নহ’ব বুলি অনুমান কৰাত নিশ্চয় কাৰো অসুবিধা নহ’ব৷ অৱশ্যে সকলো মুছলমানেই আনক দেখুৱাবলৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অধিক তৎপৰতাৰে ভাগ লোৱা বুলি ক’লেও ভুল কৰা হ’ব৷ কিয়নো অসম তথা ভাৰতৰ মুছলমানে ইতিপূৰ্বে বহুবাৰ তেওঁলোকৰ নিভাঁজ দেশপ্ৰেমৰ পৰিচয় দি থৈছে৷
বৰক্ষেত্ৰীৰ মাদ্ৰাছাৰ দুঘণ্টা জোৰা ত্ৰিৰংগা সমদল
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ এখন মাদ্ৰাছা কতৃৰ্পক্ষই স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে উলিওৱা প্ৰভাত ফেৰিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাক্ষম হৈছে৷ বৰক্ষেত্ৰীৰ বামুণবড়ীস্থিত হজৰত ৰমজান শ্বাহ ইছলামীয়া মাদ্ৰাছাৰ ত্ৰিৰংগা সমদলৰ নিয়মানুবৰ্তিতা দেখি সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে৷ আজি মাদ্ৰাছাখনৰ ছাত্ৰ, শিক্ষক আৰু পৰিচালনা সমিতিৰ লোকসকলে পুৱা ৭ বজাত মাদ্ৰাছা প্ৰাংগণত উপস্থিত হৈ আৰম্ভ কৰে এই সমদল৷ মাদ্ৰাছাৰ ছাত্ৰ, শিক্ষক সকলোৱে শুভ্ৰ পোছাক পৰিধান কৰি হাতে হাতে ত্ৰিৰংগা পতাকা লৈ সমদল কৰি অঞ্চলটোত এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে৷ মাদ্ৰাছা প্ৰাংগণৰ পৰা আৰম্ভ কৰা এই সমদল প্ৰায় দুঘণ্টা ধৰি লাচিমা, ৰামপুৰ আদি গাঁৱৰ মাজেৰে গৈ জনসাধাৰণক ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ বাৰ্তা প্ৰেৰণ কৰে৷ মাদ্ৰাছা কতৃৰ্পক্ষই সকলো জনসাধাৰণকে স্বাধীনতাৰ অমৃত মহোৎসৱত অংশগ্ৰহণ কৰাৰ আহ্বান জনায়৷ কতৃৰ্পক্ষই লগতে এনেদৰে সমদল উলিয়াবলৈও সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক আহ্বান জনায়৷ কতৃৰ্পক্ষই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে পতাকা উত্তোলন কৰাৰ যি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ আহ্বান কৰে৷