Logo
image

সৰুসজাইত ত্ৰিৰংগাৰ বিশেষ অনুষ্ঠানত সোণোৱাল, বিমল বৰা

আমাৰ অসম, ১৩ আগষ্টঃ গুৱাহাটীৰ সৰুসজাইত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীত ভাগ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ কেন্দ্ৰীয় মন্ত্ৰীজনৰ সৈতে অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আদি বিভাগৰ মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে৷ উল্লেখ্য, স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত দেশজুৰি আয়োজিত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে সৰুসজাইত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈছিল৷ এই কাৰ্যসূচীত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়– ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী এতিয়া এক জন আন্দোলনলৈ পৰিণত হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমতো ‘ঘৰে ঘৰে ত্ৰিৰংগা’ অভিযানে সৰ্বস্তৰৰ লোককে সামৰি লৈছে৷ এই কাৰ্যসূচীৰ প্ৰতি ৰাইজৰ ব্যাপক উৎসাহ আৰু সঁহাৰি দেখি আমি অত্যন্ত আপ্লুত হৈছোঁ৷ ১৩-১৫ আগষ্টত নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে দেশপ্ৰেমৰ চেতনাক উজ্জীৱিত কৰি তুলিবলৈ প্ৰতিগৰাকী নাগৰিককে মই আন্তৰিকতাৰে আহ্বান জনালোঁ৷ ত্ৰিৰংগা জাতীয় পতাকা আমাৰ মান, সন্মান আৰু স্বাভিমানৰ প্ৰতীক৷ জাতীয় পতাকাখনে আমাৰ দেশৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বক শক্তিশালী কৰাৰ লগতে দেশবাসীক অফুৰন্ত শক্তি, সাহস আৰু মনোবল যোগান ধৰি আহিছে৷ এই ত্ৰিৰংগাৰ তলত ঐক্যবদ্ধ হৈ আমি দেশমাতৃৰ সেৱাত সমৰ্পিত, দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব৷’ অনুষ্ঠানৰ আৰম্ভণিতে সৰ্বানন্দ সোণোৱালে মহান দেশপ্ৰেমিক, স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ প্ৰতিমূৰ্তিত সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ লগতে বন্তি প্ৰজ্বলন কৰে৷ তাৰ পাছত তেওঁ সৰুসজাই ষ্টেডিয়ামৰ প্ৰাংগণত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটোত আৰম্ভণি ভাষণ প্ৰদান কৰে বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁয়ে৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল, অসম চৰকাৰৰ উদ্যোগমন্ত্ৰী বিমল বৰাৰ উপৰি অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জয়ন্ত মল্ল বৰুৱা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো ভাষণ প্ৰদান কৰে৷