Logo
image

শুভাকাংক্ষীৰ আশা, থমকি নৰ’ব মুখ্য সচিব বৰঠাকুৰৰ কবিতাৰ কলম

আমাৰ অসম, ১৩ আগষ্টঃ এফালে চৰকাৰী দায়িত্বৰ বোজা, আনফালে দিনে-নিশাই সৃষ্টিৰ তাগিদা৷ এই দুয়োটাৰে মাজত সামঞ্জস্য ৰক্ষা কৰি চলাটো আক্ষৰিক অৰ্থতেই সম্ভৱপৰ নহয়৷ অথচ এই অসম্ভৱক সম্ভৱ কৰি তুলিছে এজন অতি মেধাৱী আৰু সৃষ্টিশীল লোকে– নাম পৱন কুমাৰ বৰঠাকুৰ৷ হয়, ৰাজ্যৰ নতুন মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ কথাই কৈছোঁ৷ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এইগৰাকী জ্যেষ্ঠ বিষয়াই ১ ছেপ্টেম্বৰত অসমৰ মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব৷ সম্প্ৰতি অতিৰিক্ত মুখ্য সচিবৰূপে কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব বহন কৰি থকা পৱন বৰঠাকুৰৰ আইএএছ বিষয়াৰ পৰিচয়ৰ উপৰি আছে আন বিশেষ পৰিচয়৷ পৱন বৰঠাকুৰ একাধাৰে কবি, গীতিকাৰ আৰু চিন্তাশীল লেখক৷ গীত গোৱাতো পাৰ্গত বৰঠাকুৰ৷ সময় পালে নিজে লিখা গীতত সুৰো দিয়ে বৰঠাকুৰে৷ এতিয়ালৈকে পৱন বৰঠাকুৰে লিখা অসমীয়া কবিতাৰ চাৰিটা সংকলন প্ৰকাশ পাইছে– ‘ধন্য জন্ম ভাৰত বৰিষে’, ‘ইৰৱাদীৰ পগলা ফাটেক আৰু একুৰি কবিতা’, ‘এজন দ্ৰষ্টাৰ স্বপ্ন’ আৰু ‘প্ৰেম, ভালপোৱা আৰু অসংবৃত জীৱন’৷ ইফালে, শিক্ষাগুৰু, আলাবৈ, পথৰুঘাট, কাজিৰঙা আদি বিভিন্ন গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত গীত ৰচনা কৰা পৱন বৰঠাকুৰৰ গীতৰ দুখন উল্লেখযোগ্য অডিঅ’ চিডি সংকলন হৈছে ‘আই মহেশ্বৰী’ আৰু ‘তোমাৰ কাৰণে’৷ বৰঠাকুৰৰ গীত আৰু কবিতাৰ ভাষা প্ৰাঞ্জল আৰু গীতিময়৷ দহৰ কথাৰ পৰা দেশৰ কথালৈ, পথাৰৰ পৰা প্ৰকৃতিলৈ, পৃথিৱীৰ পৰা আকাশলৈ, মানুহৰ পৰা মানৱতালৈ, মানসিক উত্তৰণৰ পৰা সামাজিক চেতনালৈ বিবিধ বিষয় সামৰি লৈছে পৱন বৰঠাকুৰৰ গীত আৰু কবিতাই৷ মুখ্য সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত হেৰাই যাব নেকি কবি-গীতিকাৰ আৰু লেখক পৱন বৰঠাকুৰ? এই প্ৰশ্নই এতিয়া জোকাৰি গৈছে পৱন বৰঠাকুৰৰ গীত-কবিতা-লেখাৰ অনুৰাগী-গুণমুগ্ধসকলক৷ এই বিষয়ে ‘আমাৰ অসম’ৰ তৰফৰ পৰা সোধা প্ৰশ্নৰ উত্তৰত পৱন বৰঠাকুৰে এইদৰে কয়– ‘কামৰ মাজে মাজে সেইবোৰ কৰিবলৈ চেষ্টা কৰি আহিছোঁ৷ এইবাৰো তাকেই কৰিবলৈ চেষ্টা কৰিম৷ অৱশ্যে মুখ্য সচিবৰূপে মোৰ কামৰ দায়িত্ব আগতকৈ বৃদ্ধি পাব৷ সকলো শ্ৰেণীৰ ৰাইজৰ সৰ্বাংগীণ উত্তৰণৰ সৈতে সম্পৰ্ক থকা চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণৰ দিশত মই অগ্ৰাধিকাৰ দিম৷ চৰকাৰী আঁচনি, কাৰ্যসূচী আদিৰ সমান্তৰালভাৱে প্ৰশাসনীয় ব্যৱস্থাটোৰ উন্নয়নৰ বাবেও চেষ্টা চলোৱা হ’ব৷’ উল্লেখ্য, বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই চলিত মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰিব৷ তাৰ পিছতে পৱন কুমাৰ বৰঠাকুৰে মুখ্য সচিবৰ দায়িত্ব গ্ৰহণ কৰিব৷ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ১৯৮৯ বেট্‌ছৰ অসম-মেঘালয় কেডাৰৰ বিষয়া পৱন বৰঠাকুৰ বৰ্তমান ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে৷ কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা গাঁৱত জন্মগ্ৰহণ কৰা পৱন কুমাৰ বৰঠাকুৰে কামাখ্যা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি কলিয়াবৰ হাইস্কুলৰ [বৰ্তমান উচ্ছতৰ মাধ্যমিক বিদ্যালয়] পৰা ১৯৭৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰে৷ তেওঁ মেট্ৰিকত অংক বিষয়ত সৰ্বোচ্ছ নম্বৰো পাইছিল৷ ১৯৮২ চনত কটন কলেজৰ পৰা উচ্ছতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ সপ্তম স্থান লাভ কৰে৷ ১৯৮৫ চনত দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা স্বৰ্ণ পদকসহ পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা বৰঠাকুৰে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত ৮০ শতাংশ নম্বৰসহ প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰে৷ তেওঁ অতি সন্মানজনক অক্সফ’ৰ্ড কেম্‌ব্ৰিজ ছ’চাইটীৰ জলপানিও লাভ কৰে৷ ১৯৮৯ চনত তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে ১৭সংখ্যক স্থান লাভ কৰে৷ তেওঁ পদাৰ্থ বিজ্ঞান আৰু অংক বিষয় দুটা লৈ এই পৰীক্ষাত উত্তীৰ্ণ হয়৷ শ্ৰেষ্ঠ ছাত্ৰ হিচাপে ১৯৮৫ চনত ছেইণ্ট ষ্টিফেন্স কলেজ ছেণ্টিনেৰী এৱাৰ্ড লাভ কৰা পৱন বৰঠাকুৰে চাকৰি জীৱন আৰম্ভ কৰে ঢকুৱাখনাৰ মহকুমাধিপতি হিচাপে৷ তাৰ পাছত কোক্‌ৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব, কাছাৰ জিলাৰ উপায়ুক্ত আদি দায়িত্ব নিষ্ঠাৰে পালন কৰে৷ সাধাৰণ প্ৰশাসন বিভাগ, সচিবালয় প্ৰশাসন বিভাগ, শিক্ষা, বিত্ত, পাৰ্ছনেল, উদ্যোগ, মীন, চহৰ উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া, পৰ্যটন, ৰূপান্তৰ আৰু উন্নয়ন আদি বিভাগত গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা পৱন বৰঠাকুৰ আছিল এপিডিচিএলৰ প্ৰথমগৰাকী পৰিচালন সঞ্চালক৷ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক উন্নয়ন বিভাগৰ যুটীয়া সচিবৰ লগতে কৃষি আৰু খাদ্য উৎপাদন আৰু সংসাধন বিভাগৰ উপৰি ৰপ্তানি উন্নয়ন কতৃৰ্পক্ষৰ দায়িত্বও বহন কৰিছিল বৰঠাকুৰে৷ এনে এগৰাকী অভিজ্ঞতাসম্পন্ন আৰু দক্ষ প্ৰশাসনীয় বিষয়াই অসমৰ মুখ্য সচিবৰ দায়িত্ব পোৱা প্ৰসংগই স্বাভাৱিকতে ৰাইজৰ মাজত আশাৰ সঞ্চাৰ ঘটাইছে– তাতে আকৌ পৱন বৰঠাকুৰ কবি, গীতিকাৰ আৰু সংবেদনশীল লেখক৷