Logo
image

কণমানি স্নিগ্ধাৰ মৃত্যুৰ সূত্ৰ বিচাৰি নিকল্‌ছত শিশু অধিকাৰ আয়োগ

আমাৰ অসম, ১৩ আগষ্টঃ কণমানি ছাত্ৰী স্নিগ্ধা শিখা দাসৰ মৃত্যুৰ সূত্ৰ বিচাৰি আজি শিশু অধিকাৰ আয়োগৰ এটা তদন্তকাৰী দল মহানগৰীৰ ছাত্ৰীবাৰীস্থিত নিকলছ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ চৰজমিন তদন্ত কৰে৷ ছাত্ৰী স্নিগ্ধা শিখা দাসৰ মৃত্যুৰ সন্দৰ্ভত অসম শিশু অধিকাৰ আয়োগৰ তদন্তকাৰী দলটোৱে স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক সোধা পোছা কৰে৷ তদন্তকাৰী দলটোৱে স্কুলখনত অনুষ্ঠিত হোৱা প্ৰাৰ্থনা সভাৰ স্থানো পৰিদৰ্শন কৰে৷ স্কুলখনৰ এটা ভিতৰুৱা সূত্ৰই জনোৱা অনুসৰি নিকলছ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষজনে স্নিগ্ধা শিখাই সেইদিনা স্কুললৈ অহা আৰু ঘৰলৈ উভতি যোৱাৰ চিচি কেমেৰাৰ ফুটেজ শিশু অধিকাৰ আয়োগৰ তদন্তকাৰী দলটোক দেখুওৱা হয়৷ তদুপৰি অধ্যক্ষজনে ছাত্ৰী স্নিগ্ধা প্ৰাৰ্থণা সভাত ঢলি পৰা নাছিল বুলিও শিশু সুৰক্ষা আয়োগক জানিবলৈ দিয়ে৷ স্কুল কতৃৰ্পক্ষই আত্মপক্ষ সকলো তথ্যপাতি শিশু অধিকাৰ আয়োগক দাঙি ধৰে বুলি স্কুলৰ এটা সূত্ৰই জানিবলৈ দিয়ে৷ সংবাদ  মাধ্যমৰ আগোচৰে শিশু অধিকাৰ আয়োগে স্নিগ্ধা শিক্ষাৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত কৰি কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় বিষয়৷ উল্লেখ্য যে, ছাত্ৰীবাৰীৰ নিকলছ উচ্ছতৰ মাধ্যমিক বিদ্যালয় চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী স্নিগ্ধা শিখা দাসৰ যোৱা ৰআগষ্টত গুৱাহাটী চিকিৎসা মহবিদ্যালয় হাস্পতলত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল৷ নিকলছ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত ছাত্ৰী স্নিগ্ধা শিখা দাসে [১০] মাটিত ঢলি পৰি সংজ্ঞাহীন হৈ পৰিছিল বুলি পিতৃ মহদেব দাসে অভিযোগ উত্থাপন কৰিছিল৷ তদুপৰি স্কুল কতৃৰ্পক্ষৰ ভুলৰ বাবেই স্নিগ্ধাৰ মৃত্যু হোৱা বুলি অভিযোগ আনি পিতৃ সহদেব দাসে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰিছিল৷ অৱশ্যে স্কুল কতৃপক্ষই সেইদিনা ছাত্ৰী স্নিগ্ধা শিখা প্ৰাৰ্থনা সভাত ঢলি পৰা নাছিল বুলি দাবী কৰিছে৷ ছাত্ৰীগৰাকীৰ পিতৃয়ে অনা অভিযোগ সম্পূৰ্ণ মিছা বুলি স্কুল কতৃৰ্পক্ষই দাবী কৰিছে৷ অৱশ্যে শিশু অধিকাৰ আয়োগৰ তদন্তত প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে৷