অসম আৰক্ষীৰ ৪ বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বঁটা
আমাৰ অসম, ১৩ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ আহিল বিশেষ সুখবৰ৷ অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়াই লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিতা বঁটা৷ তেওঁলোক হ’ল ক্ৰমে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস, হোজাইৰ উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ আৰু ডিমাহাচাওৰ উপ পৰিদৰ্শক নাৰায়ণ শইকীয়া৷ উল্লেখ্য যে ভাৰতবৰ্ষৰ মুঠ ১৫১গৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্মান আগবঢ়াইছে৷ অসম আৰক্ষীলৈ সুনাম কঢ়িয়াই অনা চাৰি আৰক্ষী বিষয়াক শুভেচ্ছা জনাইছে মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাত, ডিজিপি ভাস্কৰজ্যোতি মহন্তই৷