Logo
image

২০২১ বৰ্ষৰ মাৰ্চত কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহ

আমাৰ অসম, ১৩ ডিচেম্বৰঃ আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহ। ২০১৭ৰ পৰা ২০১৯ বৰ্ষৰ স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্ল’মা পাঠ্যক্ৰমৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰা হ'ব এই সমাৱৰ্তন সমাৰোহত।

বৰ্তমান ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমাৱৰ্তন সমাৰোহ ভাৰ্চুৱেলী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে, প্ৰত্যেক বৰ্ষৰ সংশ্লিষ্ট শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট তাৰিখত অফলাইন মাধ্যমেৰে স্বৰ্ণ মেডেল প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।  সমাৱৰ্তন সমাৰোহৰ অনলাইন পঞ্জীয়নৰ অন্তিম তাৰিখ ১২ জানুৱাৰী,২০২১ । সবিশেষ তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.cottonuniversity.ac.in ত উপলব্ধ। লগতে পঞ্জীয়নৰ বাবে ৱেবছাইট হ’ল-https://applyonline.cottonuniversity.ac.in/convocation20/search

এই সমাৱৰ্তন অনুষ্ঠানখন বিশ্ববিদ্যালয়ৰ ৱেবছাইট আৰু অন্যান্য সামাজিক মাধ্যম যেনে ফেচবুক আৰু ইউটিইউবৰ মাধ্যমেৰে লাইভ সম্প্ৰচাৰ কৰাৰ কথা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।