Logo
image

কংগ্ৰেছ ত্যাগ কমল কুমাৰ মেধিৰ

আমাৰ অসম, ১৪ ডিচেম্বৰঃ কংগ্ৰেছ দল ত্যাগ কৰিলে কমল কুমাৰ মেধিয়ে। সোমবাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে দলটো মুখপত্ৰৰ লগতে কংগ্ৰেছৰ আৰ টি আই বিভাগৰ অধ্যক্ষৰ দায়িত্বত থকা কমল কুমাৰ মেধিয়ে। দলৰ সকলো দায়িত্ব তথা সাধাৰণ সদস্য পদৰ পৰাও অব্যাহতি বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ পদত্যাদ পত্ৰ প্ৰেৰণ কৰিছে কমল কুমাৰ মেধিয়ে। তেখেতৰ পৰৱৰ্তী পদক্ষেপ কি হব সেই বিষয়ে কম দিনৰ ভিতৰতে প্ৰকাশ কৰিব বুলি মন্তব্য আগবঢ়াই যদিও খবৰ ওলাইছে অতি সোনকালে কমল কুমাৰ মেধিয়ে ৰাইজৰ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।