Logo
image

অভিজাত বিজেপি কাৰ্যালয় উদ্বোধন কৰিলেহি নড্ডাই

আমাৰ অসম, ৩০ আগষ্টঃ দুদিনীয়া ত্ৰিপুৰা ভ্ৰমণ সামৰি সোমবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷ পোনে পোনে নড্ডাই সপৰিয়ালে কামাখ্যা ধামত উপস্থিত হয় আৰু ‘মা’ কামাখ্যাৰ আশ¹বাদ বিচাৰে৷ ইয়াৰ পাছতে তেওঁ উজানবজাৰলৈ আহে আৰু উজানবজাৰস্থিত বিজেপিৰ উত্তৰ-পূব কাৰ্যালয় পদ্ম ভৱন উদ্বোধন কৰে৷ উল্লেখ্য বিজেপিৰ এই অভিজাত কাৰ্যালয় মুকলি অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ  কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে চাৰিগৰাকী মুখ্যমন্ত্ৰী আৰু আঠ ৰাজ্যৰ ৰাজ্যিক সভাপতিকে ধৰি বহু সংখ্যক কেন্দ্ৰীয় তথা ৰাজ্যিক নেতা উপস্থিত থাকে৷ ইয়াৰ পাছতেই পদ্ম ভৱনৰ শুভাৰম্ভৰ লগত সংগতি ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই সোমবাৰে সন্ধিয়া মাছখোৱাৰ আই টি চেণ্টাৰত এখন কাৰ্যকৰ্তাৰ সভা উদ্বোধন কৰে৷ এই সভাত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগাৰীকয়ে কয় যে অষ্টলক্ষ্মীৰ দৰে উত্তৰ-পূবক সজাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ গোপীনাথ বৰদলৈ আৰু শ্যাম প্ৰসাদ মুখাৰ্জীৰ প্ৰসংগ উত্থাপন কৰি নড্ডাই কয় যে এই দুয়োজনৰ অৱদানৰ বাবেহে অসম ভাৰতৰ অভিন্ন অংগ হৈ আছে৷ এই কাৰ্যকৰ্তাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাইয়ো ভাষণ দিয়ে৷ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে উত্তৰ-পূব বিজেপিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক অজয় জামুৱালে৷ উল্লেখ্য অসম তথা উত্তৰ-পূবত বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা৷ সন্মুখত থকা মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সাজু কৰি তুলিছে বিজেপিৰ উত্তৰ-পূবৰ কাৰ্যালয় পদ্ম ভৱন৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে নৱ নিৰ্মিত বশিষ্ঠৰ বাজপেয়ী ভৱনো৷ প্ৰায় ৩০ কোটি টকা ব্যয় কৰি এই ভৱন নিৰ্মাণ কৰা হৈছে৷ নৱ নিৰ্মিত কাৰ্যালয়েৰে তৎপৰ হৈছে গেৰুৱা শিবিৰ৷ এই তৎপৰতাৰে চকুৰ সন্মুখতে বিজেপিয়ে নিৰ্মাণ কৰি সাজু কৰি উলিয়ালে অসম বিজেপি আৰু উত্তৰ-পূবৰ বিজেপিৰ দুটাকৈ মুখ্য কাৰ্যালয়৷ আজি মুকলি হোৱা উজানবজাৰৰ পদ্ম ভৱনৰ পৰাই চলিব ২০২৩ৰ ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড বিধানসভাৰ কামকাজ৷ উল্লেখ্য যে বিজেপিৰ এই পদ্ম ভৱনৰ সমান্তৰালভাৱে সাজু হৈছে বশিষ্ঠত নিৰ্মাণ হৈ থকা ছয়মহলীয়া আন এটি ভৱনো৷ পহিলা ছেপ্টেম্বৰত গণেশ চতুৰ্থীৰ শুভক্ষণত পূজা অৰ্চা কৰি অনুষ্টুপীয়াকৈ প্ৰৱেশ ঘটিব এই কাৰ্যালয়ত৷ একেলগে প্ৰায় দুশ চাৰিচকীয়া বাহন ৰাখিব পৰা যাব এই ভৱনটোত৷ জানিব পৰা মতে অহা ৮ অক্টোবৰত অমিত শ্বাহে এই কাৰ্যালয়টো মুকলি কৰিব৷