Logo
image

জালুকবাৰীত হিমন্তক প্ৰত্যাহ্বান লুৰীণৰ!

আমাৰ অসম, ১৭ ডিচেম্বৰঃ এইবাৰ হয়তো শেনৰ এজাত! হয় গুৱাহাটী, নহয় ৰঙামাটি!এফালে বিজেপিৰ বিচক্ষণ নেতা হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে আছু এৰিয়েই এজেপিলৈ যোৱা আৰু অসমৰ জনতাৰ মাজত এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা লুৰীণজ্যোতি গগৈ৷ একালৰ জাতীয়তাবাদৰ দুৰ্গ বুলি পৰিচিত জালুকবাৰী সমষ্টি পুনৰুদ্ধাৰৰ বাবে ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব পাৰে৷ সকলো ঠিকে থাকে থাকিলে আঞ্চলিক ৰাজনৈতিক শক্তি উত্থানৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি আগন্তুক বিধানসভাৰ নিৰ্বাচনত জালুকবাৰী সমষ্টিত মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত৷ আছু ত্যাগ কৰি আজি এজেপি দলত যোগদান কৰা লুৰীণজ্যোতি গগৈৰ প্ৰথম পচন্দৰ সমষ্টি হৈছে দুলীয়াজান সমষ্টি৷ দুলীয়াজানৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বৰ বাবে লুৰীণজ্যোতি গগৈয়ে তলে তলে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ দ্বিতীয়টো সমষ্টি হিচাপে গগৈয়ে ২০২১ত জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব পাৰে৷ অৱশ্যে লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাই যদিও তেওঁৰ এক ঘনিষ্ঠ সূত্ৰই এই সম্ভাৱনা নাকচ কৰা নাই৷ উল্লেখ্য, এসময়ত অসমৰ আঞ্চলিক ৰাজনীতিৰ ঘাটি আছিল জালুকবাৰী৷ জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল অসম আন্দোলনৰ অন্যতম নেতা ভৃগু কুমাৰ ফুকন৷ সন্মানীয় এই সমষ্টিটো ভৃগু কুমাৰ ফুকনৰ মৃত্যুৰ পাছত নিজৰ দখললৈ আনিছিল ড॰ হিমন্তবিশ্ব শৰ্মাই৷ কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিও সেই সমষ্টি নিজৰ দখলত ৰাখিছিল ড॰ শৰ্মাই৷ লক্ষণীয় যে আজি শিৱসাগৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ অভিৱৰ্তনত লুৰীণজ্যোতি গগৈয়ে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে৷ আঞ্চলিক স্বাৰ্থক নেতৃত্ব দি জাতীয়তাবাদৰ লক্ষ্যৰে লুৰীণজ্যোতি গগৈয়ে কেনেদৰে এজেপিক আগুৱাই নিব সেয়া লক্ষণীয় হ’ব৷