Logo
image

বিশাল সেনাবাহিনী, কুৰিখন জেচিবি লৈ বৰছলাত উচ্ছেদ

আমাৰ অসম, ৪ ছেপ্টেম্বৰঃ শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ চিতলমাৰী, তিনি নম্বৰ চিতল মাৰি, ননকে চিতলমাৰীৰ এহেজাৰ বিঘা চৰকৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি আজি পুৱা প্ৰায় ছয় বজাৰ পৰাই তিনি নম্বৰ চিতলমাৰীত আৰম্ভ হয় চৰকাৰী উচ্ছেদ অভিযান৷ ইতিমধ্যে ইয়াৰ প্ৰস্তুতি যোৱা এসপ্তাহে চলাৰ লগতে নিৰাপত্তা বাহিনীৰ বৃহৎ শিবিৰ স্থাপন কৰা হৈছিল৷ বিশাল সেনাবাহিনী আৰু মুঠ ২০খন বুলড’জাৰৰ সহায়ত আজি আৰম্ভ হোৱা উচ্ছেদৰ কালত ইয়াত নিৰ্মিত বহুকেইটা পকীঘৰৰ লগতে দোকান তথা বজাৰগৃহও উচ্ছেদ কৰা হয়৷ বৰ্ষাবিঘ্নিত দিনটোত তিনিসহস্ৰাধিক নিৰাপত্তা বাহিনীৰ উপস্থিতিত চলা এই উচ্ছেদ অভিযান অৱশ্যে আজি শান্তিপূৰ্ণভাৱে সমাপ্ত হয়৷ ইতিমধ্যে চৰকাৰী জাননী লাভ কৰাৰ পাছতে ইয়াৰ পৰা বহুসংখ্যক লোক আগতেই আঁতৰি যায় যদিও আজি একাংশ লোকৰ চকুৰ সন্মুখতে তেওঁলোকৰ মৰমৰ ঘৰখন ভাঙি পেলোৱাত তেওঁলোক ক্ৰন্দনত ভাঙি পৰে৷ উল্লেখ্য যে, একাংশ লোকে এই অঞ্চলত ৪০-৫০বছৰকাল বাস কৰি আহিছে বুলি প্ৰকাশ কৰি তেওঁলোক এতিয়া ক’লৈ যাব বুলি প্ৰকাশ কৰি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনায়৷ উল্লেখ্য যে, তিনিশতাধিক পৰিয়াল উচ্ছেদ হোৱা এই অঞ্চলটোত আজি উচ্ছেদ হোৱাসকলৰ অধিকাংশই ইছলাম ধৰ্মাৱলম্বী লোক যদিও ইয়াৰ মাজতে ৪৫টা হিন্দু বাঙালী পৰিয়ালো আছে৷ এইসকল লোকে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকক পূৰ্বে উচ্ছেদ কৰা নহয় বুলি কোৱা হৈছিল যদিও পাছত তেওঁলোককো উচ্ছেদ কৰা হয়৷ বৰ্তমান পথৰ দাঁতিতে আশ্ৰয় লৈ থকা এইসকল লোকে কয় যে, তেওঁলোকৰ ভৱিষ্যত চূড়ান্ত অনি(য়তাত ওলমি ৰৈছে৷ শিশুসকলে এই উচ্ছেদৰ বিষয়ে কোনো কথাই বুজি পোৱা নাই বুলি প্ৰকাশ কৰি পথৰ দাঁতিৰ পৰা নিৰাপত্তা বাহিনীৰ আৱেষ্টনিৰ মাজৰে নিজা বাসগৃহ, উপাসনাস্থলী আদি উচ্ছেদৰ কৰুণ দৃশ্য অসহায়ভাৱে চাই কয় যে, বৰষুণৰ এই বতৰত তেওঁলোক ক’ত কেনেদৰে থাকিব সেয়া তেওঁলোকে থিৰাং কৰিব পৰা নাই৷ তদুপৰি, ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতকলৈয়ো চিন্তিত হৈ পৰা একাংশ লোকে কয় যে তেওঁলোকৰ জন্ম ইয়াত, তেওঁলোকক পূৰ্বে ভূমি পট্টা দিয়া হ’ব বুলি কোৱা হৈছিল যদিও মূৰকত সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ তদুপৰি, বহুসংখ্যক লোকে তেওঁলোকৰ আন ঠাইত ভূমি নাই বুলিও সদৰি কৰে৷ ইয়াৰ মাজতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰসহ আৰক্ষী আৰু প্ৰশাসনীয় বিষয়াসকলৰ উপস্থিতিত প্ৰায় ছঘণ্টাযোৰা উচ্ছেদ অভিযানৰ প্ৰথম দিনটোত উপায়ুক্ত মিশ্ৰই কয় যে, ইয়াত যথেষ্ট পৰিমাণৰ মৰাপাট খেতি কৰা হৈছিল আৰু ইতিমধ্যে তাৰে অধিকাংশই কাটি নিছে যদিও বাকী থকা মৰাপাট কাটিবৰ বাবে আৰু এসপ্তাহ সময় দিয়া হৈছে উচ্ছেদৰ সন্মুখীন হ’বলগীয়া ৰাইজক৷ উচ্ছেদৰ বাবে ৰাইজে সহযোগিতা আগবঢ়োৱা বুলিও প্ৰকাশ কৰি তেওঁ বাকী বেদখলীকৃত অংশত উচ্ছেদ অভিযানৰ সময়তো একেদৰেই সহযোগিতা লাভ কৰাৰ আশা ব্যক্ত কৰে উপায়ুক্ত মিশ্ৰই৷ উচ্ছেদিত এলেকাত একাংশ লোকে প্ৰকাশ কৰিছে যে, আজি বেদখলমুক্ত কৰা ভূমিখিনি যদি চৰকাৰী ভূমি আছিল তেন্তে এই বেদখলকাৰীসকলে প্ৰধানমন্ত্ৰী আৱাস গৃহকে ধৰি চৰকাৰী আঁচনিসমূহ কেনেদৰে লাভ কৰিলে সেইটোহে এতিয়া ৰহস্যৰ সৃষ্টি কৰাৰ লগতে ইয়াৰো এক উচ্ছ পযায়ৰ তদন্ত ব্যৱস্থা কৰাৰো চৰকাৰৰ ওচৰত দাবী তুলিছে৷ 

ডিফু-লামডিং পথত বন বিভাগৰ উচ্ছেদ

তুলিৰাম ৰংহাঙৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন পৰিষদ গঠন হোৱাৰ পাছত দ্বিতীয়বাৰ আজি উচ্ছেদ অভিযান চলোৱা হয় বন বিভাগৰ দ্বাৰা৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলত বছৰ বছৰ ধৰি অবাধ হাৰত বন ধবংসৰ লগতে অবৈধ দখল চলি আহিছে৷ আজি ডিফুস্থিত চেণ্ট্ৰেল ৰেঞ্জৰ জৰিয়তে মাৰাট লংৰি সংৰক্ষিত বনাঞ্চলত অবৈধ দখলৰ বিৰুদ্ধে অভিযান চলোৱা হয়৷ কাৰ্বি আংলং জিলা পূব সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জগন্নাথ ৰংপিৰ নেতৃত্বত আজি পুৱাৰে পৰা চলা অভিযানত ডিফু-লামডিং পথৰ সংৰক্ষিত বনাঞ্চলখনত অবৈধভাৱে দখল কৰি গৃহ নিৰ্মাণ কৰা ৩০টা গৃহ উচ্ছেদ কৰা হয়৷ উল্লেখ্য যে, ডিফু-লামডিং পথৰ এই সংৰক্ষিত বনাঞ্চলখনত পথৰ কাষতেই বহুবছৰ ধৰি অবাধ বেদখল চলি আহিছে৷ আনকি শান্তি চুক্তিৰ পূৰ্বে জিলাখনৰ বহুকেইটা বিদ্ৰোহী সংগঠনে নিজৰ নিজৰ সংগঠনৰ নামত সংৰক্ষিত বনাঞ্চলখনৰ ভূমি দখল কৰি নাম লিখি থোৱাও পৰিলক্ষিত হৈছে৷ আজিও তেনে ছাইনব’ৰ্ড ঠায়ে ঠায়ে বিদ্যমান হৈ আছে৷ শেহতীয়াকৈ বন বিভাগ উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত কিছু সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে৷ আজি উচ্ছেদ অভিযান কালত ডিএফঅ’ জগন্নাথ ৰংপিয়ে সংবাদ মাধ্যমৰ আগত কয় যে সংৰক্ষিত বনাঞ্চলত এনে বেদখল অবৈধ আৰু ইয়াৰ বিৰুদ্ধে আমি অভিযান চলাই আহিছোঁ আৰু ভৱিষ্যতেও চলাই যাম৷ সংৰক্ষিত বনাঞ্চলত কোনো লোকক দখল সাব্যস্ত নকৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰী ভূমি আৰু  সংৰক্ষিত বনাঞ্চলত এনে দখল চলালে বন বিভাগেও ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে৷ আনহাতে, উচ্ছেদ অভিযানকালত এজন প্ৰাক্তন বিদ্ৰোহী নেতাই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে আমি চোৰ-ডকাইত কৰি চলা নাই আৰু  সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আমি বিভিন্নধৰণৰ খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰি আছোঁ৷ বহু  সংৰক্ষিত বনাঞ্চলত অবৈধ নাগৰিকে অবাধ হাৰত বেদখল চলাই আছে বুলি অভিযোগ তুলি এইসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সাহস নাই বুলিও প্ৰাক্তন বিদ্ৰোহী নেতাজনে প্ৰত্যাহ্বান জনায়৷