Logo
image

ৰিপুণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি কংগ্ৰেছ নেত্ৰী হিমন্তৰ কাষত

আমাৰ অসম, ২১ ডিচেম্বৰঃ বিপদে লগ এৰা নাই কংগ্ৰেছক৷ ইজনৰ পাছত সিজনকৈ নেতাৰ পদত্যাগ আৰু বিজেপি গমনৰ পাছত এইবাৰ স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে অশ্লীল প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলৰে এগৰাকী মহিলা নেত্ৰীয়ে৷ এই ঘটনাই প্ৰদেশ কংগ্ৰেছৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ লক্ষণীয়ভাৱে ৰিপুণ বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই প্ৰদেশ কংগ্ৰেছ নেত্ৰী বিথীকা বৰাক বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ উল্লেখ্য, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি থকা বীথিকা বৰুৱাই শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অশ্লীল প্ৰস্তাৱ দিয়াৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে৷ এনে অশ্লীন প্ৰস্তাৱ পৰৱৰ্তী সময়তো কংগ্ৰেছৰ শীৰ্ষ নেতাজনৰ পৰা লাভ কৰাত হাইকামাণ্ড ছোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি ৰাজ্যিক তত্বাৱধায়ক চি পি যোশী আৰু জীতেন্দ্ৰ সিঙকো পত্ৰ যোগে অভিযোগ দাখিলৰ কথা সদৰী কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ তদুপৰি বিথীকা বৰুৱাই ৰিপুণ বৰাৰ হাতত নাৰী সুৰক্ষিত নহয় বুলি অভিযোগ কৰি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা বুলিও সংবাদ মেল যোগে ঘোষণা কৰে৷ লক্ষণীয়ভাৱে বিথীকা বৰুৱাই প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ৰিপুণ বৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপনৰ পাছতেই ছ’চিয়েল মিডিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিথীকা বৰুৱাৰ এখন ফটো ভাইৰেল হৈ পৰাত ব্যাপক চৰ্চা লাভ কৰিছে৷ কেইবাগৰাকী মহিলাৰ সৈতে উঠা ফটোখনত বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ কাষতে থকা দেখা গৈছে বিথীকা বৰুৱাক৷ দুয়োজনে থুতুৰি তলত মাক্স ওলোমাই ৰখাত ক’ভিডৰ মাজতে যে ফটো উঠিছে সেয়া স্পষ্ট হৈ পৰিছে৷ স্বাভাৱিকতেই বিথীকা বৰুৱাই বিজেপি দলত যোগদান কৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ বিজেপিত যোগদানৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীজনৰ বিৰুদ্ধে আপত্তিজনক অভিযোগ প্ৰচাৰ কৰা বুলিও ছ’চিয়েল মিডিয়াত একাংশই পোষ্ট দিয়া দেখা গৈছে৷