Logo
image

হেল’ৱিন উদ্‌যাপনত পদপিষ্ট ডেৰ শতাধিক

ছিউলত মৃত্যু উৎসৱ

আমাৰ অসম, ৩১ অক্টোবৰঃ হেলোৱিন– বা ভূতৰ মহোৎসৱ, ভাৰতত এতিয়াও সিমান পৰিচিত নহয়৷ কিন্তু আমেৰিকাকে ধৰি পশ্চিমীয়া দেশত আৰু আনকি এছিয়াৰ বিভিন্ন দেশত এই হেলোৱিন নামৰ ভূতৰ উৎসৱ প্ৰভূত জনপ্ৰিয়৷ হেলোৱিন অনুষ্ঠিত হ’ব ৩১ অক্টোবৰত৷ কিন্তু তাৰ দুদিন পূৰ্বে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছৌলত হেলোৱিনৰ বাবে বজাৰ-সমাৰ কৰিবলৈ যোৱা অত্যুৎসাহী জনতাৰ ভিৰত সংঘটিত পদপিষ্টৰ ঘটনাত নিহত হৈছে ১৫৩ জনৰো অধিক লোক৷ নিহতসকলৰ অধিকাংশই কুৰি বছৰ বা তাৰো কম বয়সীয়া কিশোৰ-কিশোৰী৷ শনিবাৰে সন্ধিয়া ছৌলৰ এটা কুখ্যাত ৰেডলাইট অঞ্চলৰ নিষিদ্ধ গলিত সংঘটিত এই ঘটনাই কেৱল দেশখনতেই নহয়, সমগ্ৰ বিশ্বত শোকৰ ছাঁ পেলাইছে৷ অতি সংকীৰ্ণ এটা গলিত একে সময়তে লক্ষাধিক উৎসাহীৰ সমাগম হোৱাৰ ফলত এই ঘটনা সংঘটিত হয়৷ ৰাজধানী ছৌলৰ প্ৰাণকেন্দ্ৰত এখন বজাৰ আছিল এই সংকীৰ্ণ গলিটোত৷ সেই গলিত হেলোৱিনৰ বজাৰ-সমাৰ কৰাৰ বাবে অত্যুৎসাহী কিশোৰ-কিশোৰীৰ বিৰাট সমাগম ঘটিছিল৷ এক অৰ্থত মাত্ৰ চাৰিমিটাৰ বহল  সেই গলিটো উপস্থিত কিশোৰ-কিশোৰীৰে ঠাহ খাই পৰে৷ ৰাজধানীৰ আইটেওন জিলাৰ সেই সংকীৰ্ণ গলিটোত বজাৰৰ উপৰি আছিল নিষিদ্ধ ৰেডলাইট অঞ্চলো৷ গলিটোত আছিল কেইবাটাও নাইট ক্লাৱ, য’ত সাধাৰণতে যুৱক-যুৱতীৰ বিশাল সমাগম ঘটে৷ শনিবাৰে তেনে নাইট ক্লাৱলৈ যোৱা অসংখ্য যুৱক-যুৱতীৰ লগতে ৩১ অক্টোবৰত হ’বলগীয়া হেলোৱিনৰ বাবে বজাৰ কৰিবলৈ আৰু ৰেডলাইট অঞ্চলৰ নিষিদ্ধ আনন্দ ভূতৰ মুখা পিন্ধি প্ৰত্যক্ষ কৰিবলৈ  ঠাহ খাই পৰিছিল কিশোৰ-কিশোৰী৷ এই হেলোৱিন বা ভূতৰ উৎসৱত আক্ষৰিক অৰ্থতে ভূত-পিশাচ বা ডাইনী-যখিনীৰ দৰে পোছাক পৰিধান কৰে অংশগ্ৰহণকাৰীয়ে৷ তেনে অদ্ভূত পোছাক ছৌলৰ আইটেওন জিলাৰ সেই গলিটোত পোৱা যায়৷ যিহেতু ভূতৰ উৎসৱলৈ মাজত এদিনহে সময় আছিল সেয়ে হেলোৱিনত ভাগ ল’বলৈ মনস্থ কৰা লাখ লাখ অংশগ্ৰহণকাৰীৰে সেই দোকান-বজাৰ ভৰি পৰিছিল৷ লাহে লাহে সময় আগবাঢ়িছিল আৰু তেতিয়ালৈ মাজনিশা হৈছিলগৈ৷ তেনে সময়তে সেই গলিত থকা  বহু কিশোৰ-কিশোৰীয়ে ঠাহ খাই পৰা ভিৰৰ বাবে উশাহ-নিশাহ ল’বলৈ কষ্ট অনুভৱ কৰে৷ তেনেদৰে কষ্ট অনুভৱ কৰা কিছুসংখ্যক কিশোৰ-কিশোৰীক সংকীৰ্ণ গলিটোতে বন্ধু-বান্ধৱীয়ে প্ৰাথমিক চিকিৎসা দিয়াৰ চেষ্টা কৰে৷ তেনে সময়তে উৰা বাতৰি বিয়পি পৰে গলিটোত থকা বহু লোকৰ মৃত্যু হোৱা বুলি৷ লগে লগে দৌৰা-ঢপৰা আৰম্ভ হয় আৰু মাটিত বাগৰি পৰা অনেকক গছকি বজাৰত সমৱেত হোৱা কিশোৰ-কিশোৰী গলিটোৰ বাহিৰলৈ ওলাই আহিবলৈ আপ্ৰাণ চেষ্টা কৰে৷ ইয়াৰ ফলত অসংখ্য সমৱেত উৎসাহীয়ে পদপিষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হয়৷ কিয়নো  অভাৱনীয় ঠেলা-হেঁচাত গলিটোৰ বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিও অনেকেই ওলাই আহিব পৰা নাছিল৷ তাৰে অসংখ্য লোক মাটিত বাগৰি পৰিছিল যদিও তেওঁলোকক বচাবলৈ কাৰো আহৰি নাছিল৷ মাজনিশাৰ পৰা কেইবাঘণ্টা ধৰি সেই আতংকময় পৰিস্থিতি অব্যাহত আছিল৷ গলিটো অতিশয় সংকীৰ্ণ হোৱাৰ বাবে তাৰ পৰা কাকো উদ্ধাৰ কৰা সম্ভৱ হোৱা নাছিল অথবা উদ্ধাৰ কৰিবলৈ গলিটোত প্ৰৱেশ কৰাও কঠিন হৈছিল৷ কিয়নো সকলোৱেই গলিটোৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি প্ৰাণপণে দৌৰিছিল৷ সেয়ে তালৈ আৰক্ষী অথবা উদ্ধাৰকাৰী সোমাই যোৱা সম্ভৱ হোৱা নাছিল৷ কেইবাঘণ্টাৰ পাছত সম্পূৰ্ণ বিধবস্ত ৰূপত দেখা গৈছিল গলিটো, য’ত শ শ কিশোৰ-কিশোৰী মাটিত বাগৰি পৰি আছিল৷ তাৰে অনেকৰ প্ৰাণবায়ু ওলাই গৈছিল আৰু অনেকেই মৃত্যুৰে যুঁজি আছিল৷ আহত দুশৰো অধিক কিশোৰ-কিশোৰীক আৰক্ষী আৰু চৰকাৰে নিয়োজিত কৰা উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে৷ তাৰে অৰ্দ্ধ শতাধিক আহতৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে৷ 

অভাৱনীয় এই ঘটনাত হতভম্ভ হৈ পৰিছে দক্ষিণ কোৰিয়াৰ চৰকাৰ আৰু প্ৰশাসন৷ ৰাষ্ট্ৰপতি য়ুন ছুক ইউৱে জৰুৰীভাৱে প্ৰশাসনক উদ্ধাৰকাৰ্য তদাৰক কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ব্যক্তিগতভাৱে ঘটনাৰ কাৰণ উদ্ধাৰত তৎপৰতা প্ৰদৰ্শন কৰিছে৷ প্ৰকৃততে কি কাৰণত এনে ঘটনা সংঘটিত হ’বলৈ পালে সেই সন্দৰ্ভত দক্ষিণ কোৰিয়া চৰকাৰে তদন্ত আৰম্ভ কৰিছে৷ দেওবাৰে ৰাষ্ট˜পতিয়ে দক্ষিণ কোৰিয়াত ৰাষ্ট্ৰীয় শোকৰ দিন ঘোষণা কৰে৷  ইতিমধ্যে পদপিষ্ট হোৱা ঘটনাৰ ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ ফলত সমগ্ৰ বিশ্বই দেখিবলৈ পাইছে সেই আতংকজনক দৃশ্য৷ নিহতসকলৰ  অধিকাংশই কিশোৰী বা যুৱতী৷ ইতিমধ্যে নিহতৰ ৯৭ গৰাকী কিশোৰী বা যুৱতী বুলি আৰু ৫৪ জন কিশোৰ আৰু যুৱক বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে৷ নিহতৰ মাজত ১৯ জন বিদেশীও আছে৷ তাৰে চীন, ইৰাণ, নৰৱে আৰু উজবেকিস্তানৰ নিহত নাগৰিকক চিনাক্ত কৰা হৈছে৷ স্থানীয় একাংশ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি সেই গলিটোত অৱস্থিত এটা নাইট ক্লাৱলৈ কোনোবা এজন চেলেব্ৰিটী অহা বুলি গুজব ওলায়৷ সেই বিখ্যাত ব্যক্তিজনক চাবলৈ গলিটোৰ নিৰ্দিষ্ট এটা অংশত প্ৰথমে হেঁচা-ঠেলা আৰম্ভ হয়৷ তাত হেঁচা-ঠেলা কৰি থকা একাংশ কিশোৰ-কিশোৰীয়ে উশাহ-নিশাহ ল’বলৈ কষ্ট পাই বহি পৰে আৰু তাৰে একাধিক হূদৰোগত আক্ৰান্ত হৈ পৰে৷ তাৰ পাছতে এই ভয়ংকৰ পদপিষ্টৰ ঘটনা সংঘটিত হয়৷ দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমৰ মতে, ক’ভিড অতিমাৰীৰ বাবে বিগত দুবছৰ ধৰি দক্ষিণ কোৰিয়াত আৰু বিশেষকৈ ৰাজধানী ছৌলত হেলোৱিন উৎসৱ বা ভূতৰ উৎসৱ অনুষ্ঠিত হোৱা নাছিল৷ সেয়ে দুবছৰৰ বিৰতিত অনুষ্ঠিত এই ভূতৰ উৎসৱত ভাগ ল’বলৈ কিশোৰ-কিশোৰীয়ে পাৰভঙা উৎসাহ প্ৰদৰ্শন কৰিছিল৷ তদুপৰি নিষিদ্ধ নৈশ জীৱনৰ বাবে কুখ্যাত এই গলিটোত সাধাৰণতে কিশোৰ-কিশোৰীৰ প্ৰৱেশ নিষিদ্ধ থাকে৷ হেলোৱিন উৎসৱৰ বাবে অনেকেই ভূত-প্ৰেতৰ মুখা পিন্ধি নিষিদ্ধ আনন্দ ল’বলৈ বা তাৰ সোৱাদ কেনে সেয়া বুজিবলৈ জাকে জাকে নিষিদ্ধ অঞ্চলৰ সংকীৰ্ণ গলিটোত প্ৰৱেশ কৰিছিল৷ এটা সময়ত গলিটোত এক লক্ষাধিক কিশোৰ-কিশোৰীৰে ভৰি পৰিছিল৷ তেনেদৰে এটা চাৰিমিটাৰ বহল গলিত লাখৰ ওপৰত সমৱেত হ’লে শ্বাস-প্ৰশ্বাস লোৱা আক্ষৰিত অৰ্থতেই অসম্ভৱ৷ বাস্তৱত সেয়াই ঘটিল৷ ভূতেই হয়তো প্ৰাণ কাঢ়ি নিলে ভূতৰ উৎসৱত ভাগ ল’বলৈ ওলোৱা অত্যুৎসাহীৰ৷