Logo
image

‘উচ্ছ পৰ্যায়’ৰ কমিটী বনাই নিজৰ বিল্ডিঙকেই অনুমতি সিংঘালৰ

ন্যায়ালয়ৰ স্থগিতাদেশ, প্ৰতিবেদন-১০

আমাৰ অসম, ২২ ডিচেম্বৰঃ বিল্ডাৰক গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষৰ আসনত বহুৱালে কেনেদৰে একে ৰাতিৰ ভিতৰতে চৰকাৰী নীতি-নিয়ম সলনি কৰিব পাৰে, সেই সন্দৰ্ভত ধাৰাবাহিকভাৱে ‘আমাৰ অসম’ কাকতে ফাদিল কৰি আহিছে৷ সৰ্বসাধাৰণ নাগৰিক আৰু বিল্ডাৰে গুৱাহাটী মহানগৰীত অট্টালিকা নিৰ্মাণৰ অনুমতি বিচাৰি আবেদন কৰা  মানেই জি এম ডি এৰ বাবে এক প্ৰকাৰ সোণৰ কণী পৰা হাঁহ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল শ্ল’গান আওৰোৱা চৰকাৰৰ কাৰ্যকালতে জি এম ডি এত বিল্ডাৰ তথা অধ্যক্ষ অশোক সিংঘালে অট্টালিকা নিৰ্মাণৰ অনুমতি প্ৰদানৰ নামত ছিণ্ডিকেটৰ মুকলি বজাৰ গঢ়ি তোলৰ অভিযোগ উঠিছে৷ অধ্যক্ষ অশোক সিংঘালক কমিচন নিদিলে বিল্ডিঙৰ ‘প্লেনিং পাৰ্মিট’ আৰু বিল্ডিং পাৰ্মিছন বিচৰা নাগৰিক আৰু বিল্ডাৰে যে তাঁত-বাতি কাঢ়িব লগা পৰিস্থিতি হয়, সেয়া সৰ্বজনবিদিত৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সতীৰ্থ বিধায়ক তথা বিল্ডাৰ অশোক সিংঘালক জি এম ডি এৰ অধ্যক্ষ নিযুক্তি দিলে যদিও গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আশীৰ্বাদতেই যে অশোক সিংঘালে জি এম ডি এক সোঁৱে-বাঁৱে ধন ঘটাৰ উৎসত পৰিণত কৰিছে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে৷ ভাৰতীয় সংবিধানৰ ২৪৩ [ডব্লিউ] অনুচ্ছেদ অনুসৰি বিল্ডিং প্লেনিং আৰু নিৰ্মাণৰ অনুজ্ঞা-পত্ৰ প্ৰদানৰ কতৃৰ্ত্ব আছে কেৱল পৌৰ নিগমৰ৷ অসম পৌৰ নিগম [সংশোধন] আইন-২০১১ অনুসৰি গুৱাহাটী মহানগৰীত অট্টালিকা নিৰ্মাণ তথা প্লেনিঙৰ সকলো ধৰণৰ অনুজ্ঞা-পত্ৰৰ স্বত্ব কেৱল গুৱাহাটী পৌৰ নিগমকে প্ৰদান কৰিছে৷ কিন্তু জি+৫ অৰ্থাৎ পাঁচ মহলাতকৈ ওপৰৰ সুউচ্ছ অট্টালিকা নিৰ্মাণৰ অনুজ্ঞা-পত্ৰ প্ৰদানৰ নামত জি এম ডি এক অবৈধভাৱে কতৃৰ্ত্ব হস্তান্তৰ কৰি কমিচন সংগ্ৰহৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে অশোক সিংঘালে৷ সেই অনুসৰি গুৱাহাটী উন্নয়ন বিভাগে বিল্ডিং প্লেনিং আৰু বিল্ডিং পাৰ্মিছনৰ নামত চলিত বৰ্ষৰ ১৯ অক্টোবৰত ‘চিংগল উইণ্ড ক্লিয়াৰেন্স কমিটী’ শীৰ্ষক উচ্ছ ক্ষমতাসম্পন্ন এখন কমিটী গঠন কৰি দিছে৷ যিখন কমিটীত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক অধ্যক্ষ, জি এম ডি এৰ অধ্যক্ষ অশোক সিংঘালক উপাধ্যক্ষ, জি ডি ডিৰ অতিৰিক্ত মুখ্য সচিব আৰু জি এম ডি এৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য, জি এম চিৰ মুখ্য অভিযন্ত্ৰাক সদস্য সচিব আৰু জি এম ডি এ-জি এম চিৰ প্লেনাৰক সদস্য সমন্বয়ক হিচাপে বাছনি কৰি গঠন কৰিছে৷ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জিঋপ্ত অৰ্থাৎ পাঁচ মহলাৰ ওপৰৰ সু-উচ্ছ একাংশ অট্টালিকাৰ কমিচনৰ বিনিময়ত বিল্ডাৰক নিৰ্মাণৰ অনুমতি দিয়াৰ লক্ষ্যৰেই আইন বিৰুদ্ধভাৱে অশোক সিংঘালৰ মন্ত্ৰণাত কমিটীখন গঠন কৰা বুলিও অভিযোগ উঠিছে৷ যাতে ‘চিংগল উইণ্ড’ৰ নাম দি প্ৰয়োজনীয় নিৰ্মাণ চৰ্ত পূৰণ কৰিব নোৱাৰা একাংশ বিল্ডাৰকো সু-উচ্ছ অট্টালিকা নিৰ্মাণৰ অনুমতি প্ৰদান কৰিব পাৰে৷ আ(ৰ্যজনক বিষয়টো হৈছে বিগত ১৯ অক্টোবৰত উচ্ছ ক্ষমতাসম্পন্ন কমিটীখন গঠন কৰাৰ পাছত জি এম ডি এ এতিয়া কেৱল অশোক সিংঘালৰ মালিকানাধীন ‘প্ৰ’টেক গ্ৰুপ’ৰ বিল্ডিঙৰ নিৰ্মাণ অনুমতি প্ৰদান কৰা বুলি জি এম ডি এৰ সূত্ৰই জানিবলৈ দিছে৷ অশোক সিংঘাল বাহিনীয়ে বিল্ডিং নিৰ্মাণ তথা প্লেনিং পাৰ্মিটৰ নামত জি এম ডি এৰ ভিতৰচ’ৰাত গঢ়ি তোলা ছিণ্ডিকেটৰ বিৰুদ্ধে আদালত দ্বাৰস্থ হ’বলৈ বাধ্য হৈছে আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এছ’চিয়েশ্বন চমুকৈ এৰিডা৷ অসম পৌৰ সংশোধন আইন-২০১১ক উলংঘন কৰি বিল্ডিং প্লেনিং পাৰ্মিট আৰু বিল্ডিং অনুমতিৰ নামত গঠন কৰা কমিটীখনৰ বিৰুদ্ধে এৰিডাই ডব্লিউ পি [চি] ৫৩২০/২০২০ নম্বৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰে৷ বিগত ১৮ ডিচেম্বৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰি সু-উচ্ছ অট্টালিকাৰ অনুমতি প্ৰদানৰ বাবে গঠন কৰা কমিটীখনৰ কতৃৰ্ত্বক অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰি পূৰ্বৰ ব্যৱস্থাৰ জৰিয়তে অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া বাহাল ৰাখিবলৈ জি এম ডি এক নিৰ্দেশ প্ৰদান কৰে৷ ন্যায়ালয়ে লগতে পাঁচ জানুৱাৰীৰ ভিতৰত গুৱাহাটী উন্নয়ন বিভাগক স্থিতি স্পষ্ট কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে৷ অৰ্থাৎ জি এম ডি এত ছিণ্ডিকেট গঢ়িবলৈ গৈ এক প্ৰকাৰ মুখ ঠেকেচা খাব লগাত পৰিছে অশোক সিংঘাল৷