Logo
image

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক হত্যাৰ চেষ্টা : আক্ৰমণকাৰীৰ বিস্ফোৰক মন্তব্য

ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক এটা সমদলত অংশগ্ৰহণৰ সময়তে হত্যাৰ চেষ্টা চলোৱা হয়৷ পাকিস্তানৰ গুজৰানৱালাৰ আল্লাহৱালা চ'কত ইমৰান খানলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে আক্ৰমণকাৰীয়ে৷ ভৰিত গুলী লাগি আহত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী৷ ইফালে ঘটনাৰ পাছতে ইমৰান খানলৈ গুলীচালনা কৰা এজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ জেৰাত আক্ৰমণকাৰীয়ে কয়, ''মই ইমৰানক হত্যা কৰিবলৈ আহিছিলো কাৰণ তেওঁ জনতাক বিপথে পৰিচালিত কৰিছিল। মই তেওঁক হত্যা কৰিবলৈ চেষ্টা কৰিছিলো।''

ভৰিত গুলী লাগি আহত হোৱা ইমৰানক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চৰকাৰৰ বিৰুদ্ধে আজাদী মাৰ্চত অংশগ্ৰহণ কৰি ট্ৰাকত থিয় হৈ থকাৰ সময়তে ইমৰান খানলৈ লক্ষ্য কৰি গুলীচালনা কৰে আক্ৰমণকাৰীয়ে। উল্লেখ্য যে এপ্ৰিলত ইমৰান খানে সেনাৰ আস্থা হেৰুওৱাৰ অভিযোগৰ পিছত পদত্যাগ কৰিছিল৷

বিগত কেইবাদিনো ধৰি ইমৰান খান আৰু তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফে (পিটিআই) দুৰ্নীতিৰ অভিযোগত শ্বেহবাজ শ্বৰীফ চৰকাৰৰ পদত্যাগৰ দাবীত বিভিন্ন স্থানত আজাদী মাৰ্চ অনুষ্ঠিত কৰি আহিছে৷ ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছত ইমৰান খানৰ সহায়ক ৰাউছ হাছানে প্ৰাক্তন প্ৰধানমন্ত্ৰীক এইয়া হত্যা কৰাৰ প্ৰয়াস চলোৱা বুলি অভিহিত কৰিছে।