Logo
image

ইমৰান খান গুলীবিদ্ধ : ইছলামাবাদমুখী বিক্ষোভ সমদলত পিষ্টলেৰে আক্ৰমণ আততায়ীৰ

আমাৰ অসম, ৪ নৱেম্বৰ : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান আজি বিয়লি পাক-পঞ্জাব প্ৰদেশৰ গুজৰনওৱালাৰ আলৱাচ’কত গুলীবিদ্ধ হয়৷ ইছলামাবাদ অভিমুখী এটা বিক্ষোভ সমদলত ভাগ লোৱা অৱস্থাত আততায়ীৰ দ্বাৰা গুলীবিদ্ধ হয় ইমৰান খান৷ এই ঘটনাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰাণ ৰক্ষা পৰে যদিও আক্ৰমণকাৰীৰ দুটা গুলীয়ে তেওঁৰ ভৰিত  আঘাত কৰে৷ ইপিনে ঘটনাটোত ইমৰান খানৰ সৈতে থকা ৮ জন সমৰ্থক গুলীবিদ্ধ হৈ আহত হয়৷ ইয়াৰে এজনৰ মৃত্যু ঘটা বুলি একাংশ সংবাদ প্ৰতিষ্ঠানে জানিবলৈ দিছে৷ আক্ৰমণকাৰীজনক লগে লগে আটক কৰা হৈছে৷ উল্লেখ্য যে পাকিস্তানত গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠানৰ দাবীত শুকুৰবাৰে লাহোৰৰ পৰা ইছলামাবাদলৈ এক বিক্ষোভ সমদলৰ কাৰ্যসূচী হাতত লৈছিল ইমৰান খানৰ নেতৃত্বাধীন পাকিস্তান তেহৰিক-ই-ইনছাফ নামৰ দলটোৱে৷ সেই অনুসুৰি বৃহস্পতিবাৰে দলৰ সকলো নেতা-কৰ্মী আৰু সমৰ্থকসকলক লাহোৰৰ লিবাৰ্টি চ’কত সমবেত হোৱাৰ আহ্বান জনোৱা হৈছিল৷ তাৰ পৰা সকলোৱে এটা বৃহৎ সমদল কৰি ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি ইছলামাবাদ অভিমুখে যোৱাৰ কথা আছিল৷ সেই কাৰ্যসূচীৰ অংশ হিচাপে গুজৰনওৱালাত দলীয় সমৰ্থকসকলৰ সমাৱেশত অংশগ্ৰহণ কৰে ইমৰানে৷ আৰু তাতেই সমৰ্থকসকলক উদ্দেশ্যি অভিবাদন জনোৱাৰ সময়তে আক্ৰমণকাৰীয়ে গুলী চলায়৷ এই ঘটনাত লগে লগে ঢলি পৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী৷ এনে অৱস্থাত ততাতৈয়াকৈ তেওঁক লাহোৰলৈ চিকিৎসাৰ বাবে নিয়া হয়৷ ইপিনে ভয়াৱহ আক্ৰমণটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰাৰ পাছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইমৰানে৷ সাংবাদিকক তেওঁ কয় ‘আল্লাহে মোক নতুন জীৱন দিলে৷ আল্লাহৰ ইচ্ছাতে মই পুনৰ যুঁজ চলাই যাম৷’ উল্লেখ্য যে ইমৰান খানৰ পদযাত্ৰাক নিষিদ্ধ ঘোষণা কৰাৰ দাবীত বৰ্তমানৰ পাক প্ৰাধনমন্ত্ৰী শ্বাহবাজ শ্বৰীফ নেতৃত্বাধীন চৰকাৰখন উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ কিন্তু যোৱা মাহত শীৰ্ষ আদালতখনে চৰকাৰৰ দাবী খাৰিজ কৰি দিয়ে৷ এনে অৱস্থাত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আক্ৰমণৰ নেপথ্যত ‘ৰাজনৈতিক কাৰণ’ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে৷ স্মৰ্তৰ্ব্য যে ইয়াৰ পূৰ্বে পাকিস্তানৰ একাধিক নেতা-নেত্ৰী জনসমাৱেশত একেধৰণৰ আক্ৰমণৰ চিকাৰ হৈছিল৷ পাকিস্তানৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী লিয়াকত আলী খানো জনসভাতেই আততায়ীৰ দ্বাৰা গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিছিল৷ সেইদৰে ২০০৭চনৰ ২৭ জানুৱাৰীত আত্মঘাতী বোমাৰুৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোই৷ আজিৰ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ পাকিস্তানৰ লগতে আনকি ভাৰতৰ ৱাঘা সীমান্ততো উত্তেজনাই বিৰাজ কৰিছে৷