Logo
image

টুইটাৰলৈ ঘূৰিবলৈ ট্ৰাম্পে কৰিব লাগিব অপেক্ষা

আমাৰ অসম, ৪ নৱেম্বৰ: জনপ্ৰিয় মাইক্ৰ’ব্লগিং ছাইট টুইটাৰ নিজৰ হাতলৈ নিয়াৰ পাছতে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্কে ঘোষণা কৰিছিল যে তেওঁ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পুনৰ টুইটাৰলৈ ঘূৰাই আনিব৷ কিন্তু বাস্তৱ কথাটো হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে টুইটাৰলৈ ঘূৰি অহাটো ভবাৰ দৰে ইমান সহজ নহয়৷ সেয়ে এলন মাস্কে ঘোষণা কৰে যে টুইটাৰলৈ ঘূৰি আহিবলৈ ড’নাল্ড ট্ৰাম্পে আৰু কেই সপ্তাহমান ৰ’ব লাগিব৷ ট্ৰাম্পৰ নিষিদ্ধ টুইটাৰ একাউণ্ট পুনৰ ঘূৰাই আনিবলৈ কেইদিনমান সময় লাগিব৷ লগতে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটেও কেই সপ্তাহমান ৰ’ব লাগিব৷ বুধবাৰে এলন মাস্কে এটা টুইট কৰি এই কথা প্ৰকাশ কৰে৷ ট্ৰাম্প, কংগনা আদিয়ে যিহেতু টুইটাৰৰ নিয়ম ভংগ কৰিছিল, গতিকে তেওঁলোকৰ একাউণ্ট পুনৰ সক্ৰিয় কৰিবলৈ কিছু সময় লগাটো স্বাভাৱিক৷