Logo
image

গুলীচালনাৰ আঁৰত স্বয়ং প্ৰধানমন্ত্ৰী!দাবী ইমৰানৰ

আমাৰ অসম, ৫ নৱেম্বৰ: বৃহস্পতিবাৰে ৰাজনৈতিক অভিযান লংমাৰ্চৰ সময়ত আততায়ীৰ গুলীত আহত হৈ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান চিকিৎসালয়ৰ বিছনাত শয্যাগত হৈ আছে আৰু উপৰ্যুপৰি দ্বিতীয় দিনাও তেওঁৰ ৰাজনৈতিক দল পাকিস্তান তেহৰিক-ই-ইনছাফৰ কাৰ্যসূচীত অজ্ঞাত লোকে ধাৰাষাৰ গুলী চালনা কৰিছে৷ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ফৈজলাবাদত শুকুৰবাৰে ইমৰানৰ ৰাজনৈতিক দল   পিটিআইৰ বিক্ষোভ কাৰ্যসূচীৰ মাজতে প্ৰতিবাদীসকলক উদ্দেশ্য কৰি পুনৰ গুলীচালনা কৰাৰ ঘটনা সংঘটিত হয়৷ সৌভাগ্যবশতঃ শুকুৰবাৰৰ গুলীচালনাৰ ঘটনাত কোনো লোক হতাহত হোৱা নাই৷ সেই বিক্ষোভ কাৰ্যসূচীত দলৰ কেইবাজনো শীৰ্ষস্থানীয় নেতা উপস্থিত আছিল৷ সেই সময়তে এজন অজ্ঞাতপৰিচয় ব্যক্তিয়ে এখন জীপত উঠি আহি বিক্ষোভকাৰীৰ উদ্দেশ্যি গুলীচালনা কৰি আঁতৰি যায়৷ উল্লেখ্য মাথোঁ এদিন পূৰ্বে পঞ্জাৱ প্ৰদেশৰেই গুজৰানৱালাত আয়োজিত পিটিআই দলৰ বিক্ষোভ কাৰ্যসূচীত সংঘটিত গুলীচালনাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ভৰিত গুলী লাগিছিল৷ সেই গুলীচালনাৰ ঘটনাত এজন বিক্ষোভকাৰী নিহত হোৱাৰ উপৰি মুঠতে চৈধ্যজন লোক আহত হৈছিল৷ সোঁভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হোৱা ইমৰান খান এতিয়াও চিকিৎসাধীন হৈ আছে৷ অৱশ্যে তেওঁ বিপদমুক্ত৷ এই ঘটনাৰ আক্ৰমণকাৰীক বৃহস্পতিবাৰেই গ্ৰেপ্তাৰ কৰা হৈছে৷ ইমৰান খানে দেশৰ মানুহক বিপথে পৰিচালিত কৰা বুলি অভিযোগ তুলি তেওঁ হত্যাৰ উদ্দেশ্যে গুলী চলাইছিল বুলি বৃহস্পতিবাৰেই স্বীকাৰোক্তি দিছিল৷ আততায়ীৰ সেই ভিডিঅ’ স্বীকাৰোক্তি কিদৰে ‘লিক’ হ’ল সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ ইপিনে চিকিৎসাধীন অৱস্থাৰ পৰাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ গুলীচালনাৰ ঘটনাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ, আভ্যন্তৰীণ মন্ত্ৰী ৰানা ছানাউল্লাহ আৰু মেজৰ জেনেৰেল ফয়জল নাছিৰক দোষী সাব্যস্ত কৰিছে৷ ইমৰান খানৰ দাবী, ৰাজনৈতিক উদ্দেশ্যতে তেওঁক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল৷ দেশৰ প্ৰধানমন্ত্ৰী, আভ্যন্তৰীণ মন্ত্ৰী আৰু এজন মেজৰ জেনেৰেলৰ তেওঁক হত্যা কৰাৰ চক্ৰান্তৰ আঁৰত হাত থকা বুলি ইমৰান খানে দাবী কৰে৷  যিহেতু ইমৰান খানে সাম্প্ৰতিক চৰকাৰখনৰ ব্যৰ্থতা দেশবাসীৰ সন্মুখত উদঙাই দিছে সেয়ে তেওঁক পথৰ কণ্টক বুলি ভাবি আঁতৰোৱাৰ চেষ্টা চলাইছে চৰকাৰে৷ ইমৰান খানে তেওঁৰ দলৰ আগশাৰীৰ নেতা আছাদ ওমৰক চিকিৎসালয়লৈ মাতি নি তেওঁৰ বিৰুদ্ধে চৰকাৰে কৰা ষড়যন্ত্ৰৰ বিষয়ে অৱগত কৰে আৰু আছাদ ওমৰে এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সেই কথা সদৰি কৰে৷ ইমৰান খানে জনোৱা অনুসৰি তেওঁৰ ওপৰত যে আক্ৰমণ হ’ব পাৰে সেই বিষয়ে আগতেই অনুমান কৰিছিল৷ ভিডিঅ’ বাৰ্তাটোক আছাদ ওমৰে কয়– ‘এই গুলীচালনাৰ ঘটনাত তিনিজন ব্যক্তি জড়িত৷ তেওঁলোক হৈছে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ, আভ্যন্তৰীণ মন্ত্ৰী ৰানা ছানাউল্লাহ আৰু মেজৰ জেনেৰেল ফয়জল নাছিৰ৷ আমাৰ নেতা ইমৰান খানে এই ঘটনাৰ পাছত প্ৰধানমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে৷’ ইপিনে শাসনাধিষ্ঠিত চৰকাৰৰ মতে ইমৰান খানৰ ওপৰত সংঘটিত গুলীচালনাৰ ঘটনা স্বয়ং ইমৰান খানৰ পৰিকল্পনাতে সংঘটিত হৈছে৷ দেশবাসীৰ সমৰ্থন লাভ কৰিবলৈ তেওঁ আবেগ সৃষ্টি কৰাৰ উদ্দেশ্যে এই ঘটনা সংঘটিত কৰা বুলি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আহমেদে মন্তব্য কৰিছে৷ তেওঁ শুকুৰবাৰে পাকিস্তানৰ সংসদত এই মন্তব্য কৰাত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য হৈছে৷ প্ৰতিৰক্ষা মন্ত্ৰীজনৰ মতে ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰাৰ বাবে ইমৰান খান যিকোনো পৰ্যায়লৈ যাব পাৰে৷ এয়া তাৰেই উদাহৰণ বুলি তেওঁ মন্তব্য কৰে৷