Logo
image

ব্ৰইলাৰ মুৰ্গীৰ ক্ষতিকাৰক দিশৰ বিষয়ে জানি থওঁক

সুস্বাস্থ্যৰ বাবে আমিষ খাদ্য জৰুৰী৷ এই ক্ষেত্ৰত কুকুৰাৰ মাংসই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কুকুৰাৰ মাংসত প্ৰ’টিন, কেলছিয়াম, এমিন’এচিড, ভিটামিন বি-৩, ভিটামিন বি-৬, মেগনেছিয়াম আৰু অন্যান্য গুৰুত্বপূৰ্ণ উপাদান থাকে৷ কিন্তু সকলোবোৰ কুকুৰাৰ মাংস স্বাস্থ্যৰ বাবে উপকাৰী নহয়৷ বিশেষকৈ ব্ৰইলাৰ মুৰ্গীৰ মাংস স্বাস্থ্যৰ বাবে বিপদজনক৷ ব্ৰইলাৰ মুৰ্গীক দ্ৰুতবৃদ্ধিৰ বাবে ক্ষতিকাৰক ৰাসায়নিক আৰু এণ্টিবায়টিক খুওৱা হয়৷ ফলত মাত্ৰ ৪০ দিনৰ ভিতৰতে ব্ৰইলাৰ মুৰ্গীসমূহ ডাঙৰ হয় আৰু ইয়াৰ ওজন বৃদ্ধি পায়৷ এনে ক্ষেত্ৰত নিতৌ ব্ৰইলাৰ মুৰ্গী খালে স্বাস্থ্যত বিপজ্জনক প্ৰভাৱ পৰিব পাৰে৷ উল্লেখ কৰা হ’ল ব্ৰইলাৰ মুৰ্গীৰ মাংস খালে কি কি পাশ্বৰ্ক্ৰিয়া ঘটিব পাৰে–

[১] কেন্সাৰৰ কাৰণ হ’ব পাৰেঃ এক গৱেষণা [প'ল্ট্ৰি কনজাম্পছন এণ্ড প্ৰ’ষ্টেট কেন্সাৰ ৰিক্স]ত তথ্য মতে উচ্ছ তাপমাত্ৰাত ৰন্ধা ব্ৰইলাৰ মুৰ্গীৰ মাংস খালে কেন্সাৰ হোৱাৰ আশংকা আহি পৰিব পাৰে৷ বিশেষকৈ পুৰুষৰ প্ৰ’ষ্টেট কেন্সাৰ হোৱাৰ আশংকা অধিক৷ সেয়ে অত্যধিক ব্ৰইলাৰ মুৰ্গীৰ মাংস নোখোৱাই ভাল৷ 

[২] বেক্টেৰিয়াঃ বেছিভাগ প'ল্ট্ৰিফাৰ্ম আৰু ব্ৰইলাৰ মুৰ্গীত মাৰাত্মক বেক্টেৰিয়া থাকে৷ এনে বেক্টেৰিয়া বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে৷ 

[৩] চিগাৰেটতকৈও ক্ষতিকাৰকঃ গ্ৰীল্ড আৰু তন্দুৰি  ব্ৰইলাৰ মুৰ্গী খোৱাটো অত্যন্ত বিপজ্জনক৷ ই ধুমপানতকৈও বেছি ক্ষতিকাৰক৷ গৱেষণামতে তন্দুৰি ব্ৰইলাৰ মুৰ্গীৰ এটুকুৰা লেগ ৰ’ষ্ট ষাঠিটা চিগাৰেটৰ সমান ক্ষতিকাৰক৷

[৪] অস্বাস্থ্যকৰ ফেটঃ ব্ৰইলাৰ মুৰ্গীৰ অস্বাস্থ্যকৰ ফেট বা চৰ্বি থাকে৷ এনে চৰ্বিয়ে স্থূলতা, উচ্ছ ৰক্তচাপ আৰু হূদৰোগৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ 

[৫] ক্ষতিকাৰক ৰাসায়নিক উপাদানঃ উৎপাদন আৰু ওজন বৃদ্ধিৰ বাবে ব্ৰইলাৰ মুৰ্গীক ক্ষতিকাৰক ৰাসায়নিক, এণ্টিবায়’টিক আৰু গ্ৰ’থ হৰমনৰ বেজি দিয়া হয়৷ ফলত এই মাংস খালে স্থূলত্ব, পুৰুষৰ প্ৰজনন আৰু মহিলাসকলৰ বয়ঃসন্ধি সমস্যা হোৱাৰ আশংকা থাকে৷ 

[৬] ৰোগ প্ৰতিৰোধ ক্ষমতা কমেঃ ব্ৰইলাৰ মুৰ্গীক এণ্টিবায়’টিক খুওৱা হয় বাবে ইয়াৰ মাংসই মানুহৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা কমাই আনে৷ শেহতীয়া গৱেষণাত পোৱা তথ্য মতে এসপ্তাহত তিনিবাৰ ব্ৰইলাৰ মুৰ্গী খোৱাটো তিনিটা এণ্টি বায়’টিক ইনজেকচন লোৱাৰ সমান৷