Logo
image

যুদ্ধ প্ৰত্যাহাৰ কৰা সৈনিকক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ পুটিনৰ!

ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ ৯ মাহ অতিক্ৰম কৰিলে৷ এই ভয়াৱহ যুদ্ধৰ ফলত দুয়োখন দেশে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে৷ ইফালে এটা ব্ৰিটিছ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে যুদ্ধ প্ৰত্যাহাৰ কৰা ৰাছিয়ান সৈনিকক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিছে ৰাছিয়াই৷

ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শুকুৰবাৰে ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত এটা চোৰাংচোৱা সংস্থাৰ টুইট আপডেট কৰিছে। টুইটটোত দাবী কৰা হৈছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধ প্ৰত্যাহাৰ কৰা সৈনিকক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিছে। ব্ৰিটেইনে দাবী কৰিছে যে ৰাছিয়াই ইয়াৰ বাবে এটা বিশেষ গোট মোতায়েন কৰিছে। 

ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিগত জুনত দাবী কৰিছিল যে ৰাছিয়াৰ সৈন্যই পুটিনৰ আদেশ মানিবলৈ অস্বীকাৰ কৰিছে। যাৰ বাবে সেনা বিষয়া আৰু সৈনিকসকলৰ মাজত অচলাৱস্থা পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত ন মাহ ধৰি চলি থকা যুদ্ধত ৰাছিয়াই ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে বৃহৎ পৰাজয়ৰ সন্মুখীন হৈছিল। বিগত সময়ছোৱাত ইউক্ৰেইনৰ বহুতো অঞ্চলত ৰাছিয়াৰ সামৰিক বাহিনীয়ে প্ৰত্যাহাৰ কৰিছে৷ য'ত ইউক্ৰেইনৰ পূব ডনেটস্ক অঞ্চলৰ লাইমেন চহৰো অন্তৰ্ভুক্ত আছে।