Logo
image

বিশ্বৰ ৫৪ শতাংশ কৰ’না আক্ৰান্ত আমেৰিকা, ভাৰত, ব্ৰাজিলৰ

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ সময়তে এই কথা পোহৰলৈ আহিছে যে বৰ্তমান বিশ্বত যিমান লোক কৰ’নাত আক্ৰান্ত হৈছে, তাৰে ৫৪ শতাংশ হৈছে মাত্ৰ তিনিখন দেশৰ৷ এই তিনিখন দেশ হৈছে আমেৰিকা, ভাৰত আৰু ব্ৰাজিল৷ বৰ্তমান বিশ্বত ৩.১১ কোটি লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ কিন্তু এই ৩.১১ কোটি আক্ৰান্তৰ ভিতৰত আধাতকৈও বেছিসংখ্যক হৈছে আমেৰিকা, ভাৰত আৰু ব্ৰাজিলৰ৷ অৰ্থাৎ এই তিনিখন দেশতে কৰ’না ভাইৰাছে সবাতোকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বিশ্বজুৰি এই ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য হৈছে ২৩ নিযুত লোক৷ আনহাতে, মৃত্যু হৈছে ৯,৫৯,১১৬জন লোকৰ৷ আমেৰিকাত সৰ্বাধিক ৬৮ লাখ, ভাৰতত ৫৫ লাখ আৰু ব্ৰাজিলত ৪৫ লাখ লোক আক্ৰান্ত হৈছে৷ আমেৰিকাত এতিয়ালৈকে ২,০৪,৫০৬জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ব্ৰাজিলত ১,৩৬,৮৯৫জন লোকৰ মৃত্যু হৈছে৷ আমেৰিকা, ভাৰত আৰু ব্ৰাজিলৰ পাছতে সৰ্বাধিক আক্ৰান্ত হোৱা দেশকেইখন হৈছে ৰাছিয়া, পেৰু, কলম্বিয়া, মেক্সিকো, দক্ষিণ আফ্ৰিকা, স্পেইন, আৰ্জেণ্টিনা, ফ্ৰান্স, চিলি, ইৰান, ব্ৰিটেইন, বাংলাদেশ, ছৌদি আৰব, ইৰাক৷ ভাৰতত জনতাই মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব-বিধি মানি চলিবলৈ অস্বীকাৰ কৰাৰ ফলতে প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷