Logo
image

পিছুৱাই দিয়া হ’ল দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

আমাৰ অসম, ২২ ডিচেম্বৰঃ পিছুৱাই দিয়া হ’ল CBSE দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। ক’ভিড-১৯ পৰিস্থিতি বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আগন্তুক বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী পৰ্য্যন্ত অনুষ্ঠিত নহয় কোনো পৰীক্ষা। অনলাইনযোগে পৰীক্ষা সম্ভৱ নহয় বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ড০ ৰমেশ পোখৰিয়ালে। পৰৱৰ্তী সময়ত কেতিয়া পৰীক্ষা অনুষ্ঠিত কৰা হ’ব সেই সন্দৰ্ভত ফ্ৰেব্ৰুৱাৰীতহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ঘোষণা কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে।