Logo
image

টুইটাৰৰ বিপুল ক্ষতি, চাটাইৰ বাহিৰে উপায় নাছিল মাস্কৰ

আমাৰ অসম, ৬ নৱেম্বৰ: শুকুৰবাৰৰ পৰা ব্যাপক হাৰত টুইটাৰৰ কৰ্মচাৰী চাটাই আৰম্ভ কৰা নতুন মালিক এলন মাস্কৰ থমকি ৰোৱাৰ কোনো লক্ষণ নাই৷ বৰ্খাস্ত হোৱা একাংশ কৰ্মচাৰী আদালতৰ দ্বাৰস্থ হৈছে, একাংশ ক্ষোভত ফাটি পৰিছে৷ কিন্তু বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় মাইক্ৰ’ব্লগিং ছাইটটোৰ নতুন মালিক ধনকুবেৰ এলন মাস্ক ক্ষান্ত হোৱা নাই৷ আচলতে এলন মাস্কৰ উপায়ো নাই৷ উপায়বিহীন হৈয়েই হেনো এলন মাস্কে টুইটাৰৰ অৰ্ধেক কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈ ব্যাপক হাৰত চাটাই অভিযান অব্যাহত ৰাখিছে৷ লক্ষ্যত উপনীত নোহোৱালৈ এলন মাস্কৰ এই অভিযান অব্যাহত থাকিব৷ তাৰ বাবে টুইটাৰৰ প্ৰতি অসীম অৱদান থকা কৰ্মচাৰীক বৰ্খাস্ত কৰিবলগীয়া হ’লেও মালিক উপায়বিহীন৷ কিয়নো টুইটাৰক তেওঁ জীয়াই ৰাখিব লাগিব৷
বিবিচিয়ে প্ৰকাশ কৰা বাতৰি অনুসৰি টুইটাৰৰ দৈনিক ৪ নিযুত মাৰ্কিন ডলাৰকৈ লোকচান হৈ আছে৷ ভাৰতীয় মুদ্ৰাত তাৰ পৰিমাণ প্ৰায় ৩৩ কোটি টকা৷ যদিহে এইদৰে দৈনিক লোকচান হৈ থাকে, তেন্তে চলিত বিত্তীয় বৰ্ষত টুইটাৰৰ মুঠ লোকচান হ’ব ৫৭ হাজাৰ কোটি টকা৷ বিবিচিৰ খবৰ অনুসৰি লোকচানৰ পৰিমাণ হ্ৰাস কৰাৰ বাবেই এলন মাস্কে এই দুৰ্ভাগ্যজনকভাৱে নিৰ্দয় পদক্ষেপ গ্ৰহণ কৰিছে৷ এলন মাস্কে কৈছে, তেওঁৰ হাতত বিকল্প কোনো উপায় নাই৷ বিগত বছৰৰ পৰাই টুইটাৰৰ জমা-খৰচৰ হিচাপ লোকচানৰ মাজেৰে গৈছিল৷ কৰ্মচাৰীৰ বিশাল ধনৰাশিৰ দৰমহা ইয়াৰ অন্যতম কাৰণ, য’ৰ সিংহভাগ কৰ্মচাৰীয়েই হয় ভাৰতীয় বা ভাৰতীয় বংশোদ্ভৱ৷ অৱশ্যে দক্ষতাৰ জৰিয়তেই তেওঁলোকে নিযুক্তি লাভ কৰিছিল আৰু টুইটাৰক বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় মাইক্ৰ’ব্লগিং ছাইটত পৰিণত কৰাইছিল৷ তেওঁলোকৰ অৱদানৰ বাবেই আজি গাঁৱৰ এচুকৰ ঘটিৰাম-বাতিৰামেও টুইটাৰ চিনি পায়৷ পিছে এজন গ্ৰাহকে, তেওঁ প্ৰভাৱশালীয়েই হওক বা বিপদগ্ৰস্ত, যিদৰে এটা টুইট কৰি তেওঁ নিজৰ প্ৰভাৱ বিস্তাৰ কৰে কিম্বা বিপদৰ পৰা উদ্ধাৰ পায়, ঠিক সিমান লাভ কৰিব নোৱাৰে কোম্পানীটোৱে৷ আজিৰ পৰা ১০ দিন পূৰ্বে টুইটাৰ অধিগ্ৰহণ কৰি ধনকুবেৰ এলন মাস্কে জমা-খৰচৰ হিচাপ প্ৰথমটো সপ্তাহতে পৰিষ্কাৰভাৱে বুজি পাইছে আৰু প্ৰাথমিকভাৱে জমাৰ হিচাপৰ ঘৰ বৃদ্ধি কৰিবলৈ তেওঁ শুকুৰবাৰৰ পৰা বিশ্বজুৰি ব্যাপক চাটাই অভিযান আৰম্ভ কৰিছে৷ এলন মাস্কে এটা বিবৃতিত জনাই দিছিল– ‘টুইটাৰক এটা সৱল-স্বাস্থ্যকৰ পথলৈ ঘূৰাই অনাৰ বাবে আমি শুকুৰবাৰৰ পৰা কৰ্মী চাটাইৰ দৰে কঠিন পদক্ষেপ গ্ৰহণ কৰিম৷ মই জানো, ইয়াৰ ফলত টুইটাৰৰ প্ৰতি অৱদান থকা কৰ্মীৰ ওপৰতো কোব পৰিব৷ কিন্তু সংস্থাটোৰ ভৱিষ্যতৰ বাবে এয়া অপৰিহাৰ্য৷’ সেই জাননী অনুসৰি শুকুৰবাৰে আমেৰিকাৰ সময় অনুসৰি ৯ বজাৰ পৰা বহু কৰ্মচাৰীৰ লেপটপত টুইটাৰৰ আনুষ্ঠানিক সংযোগ বন্ধ হৈ যায়, অৰ্থাৎ তেওঁক বৰ্খাস্ত কৰা হয়৷ এতিয়াও বৰ্খাস্ত নোহোৱা অৰ্থাৎ সংযোগ বিচ্ছিন্ন নোহোৱা কৰ্মচাৰীসকলে সম্প্ৰতি উদ্বিগ্নতাৰে সময় পাৰ কৰিবলগীয়া হৈছে৷ শুকুৰবাৰে ভাৰতৰ মাৰ্কেটিং আৰু কমিউনিকেশ্বন শাখাৰ সকলো কৰ্মচাৰীকে বৰ্খাস্ত কৰা হৈছে৷ অপেক্ষাত আছে বহুজন৷