Logo
image

মালাইকা অতীত ; জৰ্জিয়াৰ সৈতে ৰোমাঞ্চ আৰবাজৰ

অভিনেতা আৰবাজ খানৰ বাবে এতিয়া মালাইকা অৰোৰা অতীত৷ বিদেশী মডেল-অভিনেত্ৰী জৰ্জিয়াৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠিছে ছলমান খানৰ ভাতৃ আৰবাজৰ৷ চেলিম খানৰ পুত্ৰ হিচাপে ছলমানৰ লগতে আৰবাজকো সকলোৱে চিনি পায়৷  ছলমান, আৰবাজ, সোণাক্ষী, মালাইকা অভিনীত ছুপাৰহিট, দাবাং ছবি প্ৰযোজনা তেওঁৰে৷ অভিনয়তকৈও মালাইকা অৰোৰাৰ স্বামী হিচাপে আৰবাজ বেছ চৰ্চিত৷ বিশেষকৈ দুয়োৰে মাজত হোৱা বিচ্ছেেদ দুয়োকে অধিক চৰ্চালৈ আনিলে৷ আৰবাজৰ সৈতে বিচ্ছেদৰ পাছতে মালাইকা বনী কাপুৰৰ পুত্ৰ অভিনেতা অৰ্জুন কাপুৰৰ প্ৰেমত পৰে৷ অৰ্জুন-মালাইকা সম্প্ৰতি বলীউডৰ ‘লিভ ইন’ দম্পত্তি৷ আৰবাজৰ সৈতে এৰা এৰি হোৱাৰ পাছত মালাইকাই যিদৰে অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছে সেইদৰে আৰবাজেও তেওঁ জীৱনৰ নতুন সংগী বিচাৰি পাইছে৷ অভিনেতাজনৰ নতুন গালফ্ৰেণ্ড গৰাকী হ’ল জৰ্জিয়া৷ বিদেশী মডেল-অভিনেত্ৰী জৰ্জিয়াক লৈ যথেষ্ট সুখী আৰবাজ খান৷ পাৰ্টী, ফেশ্বন শ্ব’ আদিত দুয়োকে একেলগে প্ৰায়ে দেখা যায়৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰবাজে কয়– প্ৰেমিকা হিচাপে মালাইকাতকৈ জৰ্জিয়া বহুগুণে ভাল৷ মালাইকাৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ পাছতে আৰবাজৰ জীৱনত প্ৰৱেশ কৰে জৰ্জিয়াই৷ আৰবাজৰ ভাষ্য– ‘জীৱনত মই আগতকৈ বৰ্তমান বেছি সুখী৷’