Logo
image

ভিনেগাৰ এইবোৰ কামতো ব্যৱহাৰ কৰিব পৰা যায়

আচাৰ প্ৰস্তুত বা সুস্বাদ্যু খাদ্যৰ ৰন্ধন প্ৰক্ৰিয়াত ভিনেগাৰৰ প্ৰয়োজন হয়৷ তদুপৰি সৌন্দৰ্য চৰ্চাতো ভিনেগাৰৰ ব্যৱহাৰ হয়৷ ভিনেগাৰ আন কিছুমান কামতো ব্যৱহাৰ কৰিব পাৰি৷ উল্লেখ কৰা হ’ল ৰন্ধন, সৌন্দৰ্য চৰ্চা আৰু আচাৰ প্ৰস্তুত কৰাৰ বাহিৰে কি কি কামত ভিনেগাৰ ব্যৱহাৰ কৰিব পৰা যায়–

[১] ভিনেগাৰ ব্যৱহাৰেৰে আপুনি ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব পাৰে৷ ঘৰৰ দুৱাৰ-খিৰিকিৰ আইনা পৰিষ্কাৰ কৰাৰ বাবে একে পৰিমাণৰ পানী আৰু ভিনেগাৰৰ মিশ্ৰণ তৈয়াৰ কৰি এটা বটলত ভৰাই স্প্ৰে কৰক৷ কিছু সময়ৰ পাছত পৰিষ্কাৰ কাপোৰ বা কাগজেৰে মোচক৷ দেখিব আইনাবোৰ নতুনৰ দৰে হৈ পৰিছে৷

[২] পিঁয়াজ, নহৰু আদি কাটিলে বহু সময়লৈকে ইয়াৰ গোন্ধ হাত বা কটাৰীত লাগি থাকে৷ অকণমান ভিনেগাৰৰ সৈতে পানী মিহলাই কটাৰী বা হাত মোচিলে নিমিষতে সেই গোন্ধ নাইকিয়া হয়৷

[৩] ফ্ৰিজৰ ওপৰত ময়লা জমা হৈ দাগ লাগি থাকে৷ সেই দাগ ভিনেগাৰেৰে সহজতে আঁতৰাব পাৰি৷ ইয়াৰ বাবে ভিনেগাৰৰ বৰফ তৈয়াৰ কৰি এখন কাপোৰত লৈ দাগৰ ওপৰত পাতলকৈ ঘঁহক৷ দেখিব দাগ নাইকিয়া হৈছে৷

[৪] ঘৰখন বীজাণুমুক্ত কৰিবলৈও ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰি৷ যেনে– দুৱাৰৰ নব অথবা হেণ্ডেল বা টয়লেট লেতেৰা হ’লে ভিনেগাৰেৰে পৰিষ্কাৰ কৰিব পাৰি৷ ঘৰ পৰিষ্কাৰ কৰোঁতে ভিনেগাৰ ব্যৱহাৰ কৰিলে পৰুৱা আদি নাইকিয়া হয়৷

[৫] মাইক্ৰ’ৱেভ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰতো ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে ভিনেগাৰ পানীৰ সৈতে মিলাই মাইক্ৰ’ৱেভেৰে বইল কৰি ল’ব লাগে৷ কিছু সময় পাছত সেই পানী কাপোৰত লৈ মাইক্ৰ’ৱেভ পৰিষ্কাৰ কৰক৷ দেখিব মলিয়ন হৈ থকা মাইক্ৰ’ৱেভটো নতুনৰ দৰে হৈ পৰাৰ লগতে দুৰ্গন্ধ আঁতৰিছে৷

[৬] শিশুৰ খেলনা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ৰাসায়নিক ব্যৱহাৰ নকৰি তাৰ সলনি ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে৷ বহু সময়ত শিশুসকলক ঘৰৰ বিভিন্ন ঠাইত ষ্টিকাৰ আদি লগোৱা দেখা যায়৷ সেই ষ্টিকাৰ বা তাৰ আঠা সহজতে আঁতৰাব পৰা নাযায়৷ এনে ক্ষেত্ৰত ষ্টিকাৰ লগোৱা স্থানত পানীৰ সৈতে মিহলাই ভিনেগাৰ স্প্ৰে কৰক৷ দেখিব ষ্টিকাৰ সহজতে উঠি আহিছে৷

[৭] বাথৰুম ক্লিনাৰ শেষ হ’লে ভিনেগাৰ স্প্ৰে কৰি ব্ৰাছ কৰিলে মলিয়ন হৈ থকা বাথৰুম সহজে পৰিষ্কাৰ কৰিব পৰা যায়৷