Logo
image

অমিতা পাতৰ এইবোৰ উপকাৰিতাৰ বিষয়ে জানি থওঁক

অমিতা স্বাস্থ্যৰ বাবে উপকাৰী৷ পেটৰ বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰে অমিতাই৷ সেয়ে গোটেই বছৰটোত বহুতে অমিতা খোৱাত গুৰুত্ব দিয়ে৷ পিছে জানি আচৰিত হ’ব যে অমিতা গছৰ পাতৰো আছে বহু উপকাৰী গুণ৷ নিয়ম মানি অমিতা পাত খালে বিভিন্ন ৰোগৰ পৰা নিৰাময় পাব পৰা যায়৷–

অমিতা গছৰ পাতত বিভিন্ন জীৱাণু থাকিব পাৰে৷ সেয়ে এই পাত প্ৰথমে অলপ সময় সিজাই লওক৷ ইয়াৰ পাছত ব্লেণ্ডাৰেৰে ৰস উলিয়াই সেই ৰস পান কৰক৷ আগৰ দিনত অমিতা গছৰ পাত থেতেলি তাৰ পৰা ৰস উলিওৱা হৈছিল৷ উল্লেখ কৰা হ’ল অমিতা পাতৰ ৰস খালে কি কি উপকাৰ হয়–

১৷ হজমত সহায় কৰেঃ অমিতা পাতৰ ৰসে গেছ, পেটফুলা ভাব আৰু বুকু জ্বলা-পোৰা কৰা আদিৰ দৰে পেটৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে৷ তদুপৰি ইয়াত থকা ফাইবাৰ আৰু পেপেইন নামৰ উপাদানসমূহে হজমশক্তি বঢ়োৱাত সহায় কৰে৷

২৷ ছাল ভালে ৰাখেঃ ছালৰ সমস্যা থাকিলে অমিতা পাতৰ ৰস খাব পাৰে৷ অমিতা পাতত থকা বিভিন্ন উপাদানসমূহে ছালৰ উজ্বলতা বঢ়োৱাৰ লগতে মৃত কোষসমূহ পৰিষ্কাৰ কৰে৷

৩৷ জ্বৰ নিৰাময় কৰেঃ ডেংগু জাতীয় ৰোগৰ ফলত হোৱা সমস্যাসমূহ প্ৰতিৰোধ কৰাত অমিতা পাতে সহায় কৰে৷ তদুপৰি জ্বৰ, ক্লান্তি, মূৰৰ বিষ, বমিভাব আৰু ছালৰ প্ৰদাহৰ দৰে উপসৰ্গসমূহ নিয়ন্ত্ৰণ কৰে অমিতা পাতৰ ৰসে৷ আনকি তেজত প্লেটলেটৰ মাত্ৰা হ্ৰাস পালে অমিতা পাতৰ ৰস খাব পাৰে৷

৪৷ কান্ধৰ বিষঃ দেহৰ অভ্যন্তৰ বা বাহিৰৰ প্ৰদাহ কমোৱাত সহায় কৰে অমিতা পাতৰ ৰসে৷ যিসকলৰ কান্ধৰ বিষৰ সমস্যা আছে, তেওঁলোকে অমিতা পাতৰ ৰস খাব পাৰে৷

৫৷ ডায়েবেটিচ নিয়ন্ত্ৰণ কৰেঃ মেক্সিকোৰ প্ৰাচীন লোক চিকিৎসা ব্যৱস্থাত ডায়েবেটিচ নিয়ন্ত্ৰণৰ বাবে অমিতা পাত ব্যৱহাৰ হৈছিল৷ সেই দেশৰ প্ৰাচীন লোক-বিশ্বাস মতে অমিতা পাতৰ ৰস খালে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ হয়৷