Logo
image

জাতীয়তাবাদ ৰাস্তাত নহয়, কৰ্মৰ দ্বাৰাহে সম্ভৱ

... মোগলৰ লগত যুঁজাৰ সময়ত অসমৰ জাতীয়তাবাদী বহুমাত্ৰিক আছিল যদিও শত্ৰুৰ বিৰুদ্ধে সদায় এক আছিল৷ সম্ভৱতঃ মোৱামৰীয়াৰ বিদ্ৰোহৰ সময়ৰ পৰাই অসমীয়াৰ মাজত থকা একতা হেৰাল, মানৰ আক্ৰমণত পৰিচয় হেৰাল আৰু তাৰ পাছৰখিনি কেৱল দুখ আৰু হতাশাৰ ইতিহাস৷ অনুপ্ৰৱেশ, আন্দোলন, ভ্ৰাতৃঘাতী সংঘৰ্ষ, সন্ত্ৰাসবাদ, দুৰ্নীতি আৰু হিন্দুত্ববাদ ইত্যাদি৷ কিন্তু দুখত কেৱল হিয়া ঢাকুৰি কান্দিলে যিদৰে দুখখিনি আঁতৰি নাযায়, ঠিক সেইদৰে অসমীয়াৰ দুখগাথা কেৱল চৰ্বিত-চৰ্বন কৰি থাকিলে অসমীয়া জাতিৰ সংকট আঁতৰি নাযায় ...

কৰ্মসূত্ৰে ২০১১-১২ চনত দুবছৰৰ বাবে দক্ষিণ ত্ৰিপুৰা জিলাৰ বিলোনীয়াত আছিলোঁ৷ বাংলাদেশৰ গাতে লাগি আছে জিলাখন৷ সীমান্তত কাঁটা তাঁৰৰ বেৰ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ পহৰা৷ কিন্তু সীমান্তৰ বহু ঠাই জিৰ’ পইণ্ট আছিল৷ তাতে থকা পি ডব্লিউ ডি ৰাস্তাটো ত্ৰিপুৰা চৰকাৰে বনোৱা আৰু ৰাস্তাটোৰ বাঁওফালে দুখোজ নামিলে বাংলাদেশৰ বিশাল কৃষিভূমি৷ সেই কৃষিভূমিত ওৰেদিন বাংলাদেশী লোকে কাম কৰা দেখা যায়৷ বাংলাদেশৰ বহুলোক হাজিৰা কৰিবলৈ বা বাঁহ-বেতৰ বিভিন্ন হস্তনিৰ্মিত বস্তু বেচিবলৈ জিৰ’ পইণ্টেৰে [য’ত কাঁটা তাঁৰৰ বেৰ নাথাকে] বিলোনীয়ালৈ আহি দিনটো ব্যৱসায় বা কাম কৰি ঘূৰি গৈছিল৷ বিলোনীয়া টাউন হ’লত হোৱা যিকোনো সাংস্কৃতিক অনুষ্ঠানলৈ বাংলাদেশৰ নৃত্য বা নাটকৰ দল আহিছিল৷ তেওঁলোকৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছিল৷ তদুপৰি ভাৰত আৰু বাংলাদেশৰ মাজেদি বৈ যোৱা মুহুৰী নদীখনকে দুয়োখন দেশে সীমান্ত ৰেখা বুলি গণ্য কৰাত বহু নদীপৰীয়া অঞ্চলৰ সীমান্তও দক্ষিণ ত্ৰিপুৰাত উন্মুক্ত৷ অৱশ্যে জিৰ’ পইণ্ট আৰু নদী সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ লোক থাকে৷

ওপৰৰ কথাখিনি উত্থাপন কৰাৰ মূল কাৰণটো হ’ল এয়ে যে দক্ষিণ ত্ৰিপুৰা জিলাখন বাংলাদেশৰ ইমান গাতে লাগি থকা সত্ত্বেও কিন্তু তাত অবৈধ বাংলাদেশী এজনেও অনুপ্ৰৱেশ কৰি স্থায়ীভাৱে থাকিব পৰা নাই; ভোটাৰ কাৰ্ড, পেন কাৰ্ড বা আধাৰ কাৰ্ড বনাব পৰা নাই৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল– দক্ষিণ ত্ৰিপুৰা জিলাত বাস কৰা বৰ্তমানৰ নিৰানব্বৈ শতাংশ লোকেই বাংলাদেশৰ পৰা অহা হিন্দু বেংগলী৷ বাকী এক শতাংশ লোক হ’ল ত্ৰিপুৰী, আৰু বিলোনীয়া সদৰৰ পৰা সাত-আঠ কিলোমিটাৰ নিলগত সীমান্তৰ গাতে লাগি থকা এখন মুছলিম গাঁও– আহমেদ নগৰ৷

ওপৰৰ কথাখিনিৰ সাৰমৰ্ম এনেধৰণৰ– বাংলাদেশ সীমান্তৰ কেইবাটাও উন্মুক্ত পথ থকা স্থানত অৱস্থিত এখন জিলাত আজি অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ শূন্য৷ অথচ তাত বাস কৰা বৰ্তমানৰ স্থায়ী বাসিন্দাখিনি বাংলাদেশৰে আছিল৷ ত্ৰিপুৰাত তেওঁলোকৰ কোনো গৌৰৱময় ইতিহাস নাছিল৷ দেশ বিভাজনৰ পাছত বাংলাদেশত বিভিন্ন কাৰণত তিষ্ঠিব নোৱাৰি ত্ৰিপুৰালৈ অহা লোক সেইসকল৷ গতিকে তেওঁলোকৰ আছে এক ভগনীয়াৰ ইতিহাস৷ তৎসত্ত্বেও কিন্তু যোৱা পঞ্চাছ-ষাঠি বছৰ তেওঁলোকে নিজকে মুছলমান বাংলাদেশীৰ আগ্ৰাসনৰ পৰা সফল আৰু সবলভাৱে প্ৰতিৰোধ কৰি আহিছে৷ অথচ আমি অসমীয়া, আমাৰ আছে গৌৰৱোজ্জ্বল শতিকাজোৰা ইতিহাস, কিন্তু আমাৰ সীমান্তৰ জিলাকেইখনৰ কথা বাদেই মধ্য অসমৰ জিলাকেইখনকে চাওক, বৰ্তমান কি পৰিস্থিতি হৈছে– সেয়া সকলোৰে বোধগম্য৷ মোৰ প্ৰশ্ন হ’ল– যদি ৫০-৬০ বছৰৰ আগতে ভগনীয়া হৈ দক্ষিণ ত্ৰিপুৰালৈ অহা মানুহখিনিয়ে আজি নিজক সফলভাৱে সুৰক্ষিত কৰি ৰাখিব পাৰে, তেন্তে আমি অসমীয়াই প্ৰাক্‌-ঐতিহাসিক যুগৰ পৰা এই ভূমিত বাস কৰিও কিয় নিজকে সুৰক্ষিত কৰিব পৰা নাই? অথচ এসময়ত আমি মোগলকো পৰাভূত কৰিছিলোঁ একত্ৰিত হৈ, যি মোগলে সেই সময়ত সমস্ত ভাৰতত তেওঁলোকৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিছিল৷ তেন্তে আজিৰ অসমীয়াৰ এই দুৰৱস্থাৰ কেৰোণবোৰ ক’ত?

এই প্ৰশ্নবোৰৰ আধাৰতে আজিৰ এই মুকলি বিজ্ঞাপন– দেশ আৰু জাতি গঢ়াৰ বাবে৷ এটা জাতি শক্তিশালী হৈ তেতিয়াহে থাকে যেতিয়া জাতিটোৰ মানুহখিনিৰ মাজত জাতিপ্ৰেম থাকে, জাতীয়তাবোধ থাকে আৰু স্বকীয় পৰিচয়ৰ প্ৰতি সদা সজাগ-সচেতন-সচেষ্ট হৈ থাকে৷ যি জাতিৰ আত্মপ্ৰেম নাই, আত্ম-ধাৰণা নাই, আত্ম-পৰিচয়ৰ প্ৰতি শ্ৰদ্ধা নাই, স্ব-পৰিচয় বৰ্তাই ৰাখিবলৈ কচৰৎ নাই, সেই জাতিৰ ভৱিষ্যৎ নিশ্চয়কৈ সন্দেহৰ আৱৰ্ততে থাকিব৷ ত্ৰিপুৰাত বৰ্তমান থকা বেংগলীসকল বাংলাদেশৰ পৰা প্ৰব্ৰজিত আৰু তেওঁলোকৰ বৰ্তমানত খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ অস্তিত্বৰ সংকটৰ দিশতো বিদ্যমান যদিও এটা কথা স্বীকাৰ কৰিবই লাগিব যে, শক্তিশালী বেংগলী জাতীয়তাবাদ হ’ল তেওঁলোকৰ স্বাৰ্থ বা অস্তিত্ব বজাই ৰখাৰ মূল অস্ত্ৰ৷ বেংগলী লোকৰ নিজস্ব পৰিচয় আৰু নিজস্ব ভাষা-সংস্কৃতিৰ প্ৰতি যি অপৰিসীম প্ৰেম আৰু শ্ৰদ্ধা, সেয়া অতি প্ৰশংসাৰ যোগ্য৷ ইয়াৰ ফলত এটা জাতি হিচাপে তেওঁলোক য’তেই নাথাকক কিয়, সদায় সংকটত এক হৈ থিয় দিয়ে৷ নিজস্ব পৰিচয় বা সংস্কৃতি বিপন্ন হ’লে তেওঁলোকে মাৰ বান্ধি সংগ্ৰাম কৰে৷ কিন্তু ইয়াৰ বিপৰীতে, অসমীয়া জাতীয়তাবাদ থুনুকা কাঁচৰ দৰে৷ সাধাৰণ আঘাততে টুকুৰা-টুকুৰকৈ ভাঙে৷ অথচ মোগলৰ লগত যুঁজাৰ সময়ত অসমৰ জাতীয়তাবাদী বহুমাত্ৰিক আছিল যদিও শত্ৰুৰ বিৰুদ্ধে সদায় এক আছিল৷ সম্ভৱতঃ মোৱামৰীয়াৰ বিদ্ৰোহৰ সময়ৰ পৰাই অসমীয়াৰ মাজত থকা একতা হেৰাল, মানৰ আক্ৰমণত পৰিচয় হেৰাল আৰু তাৰ পাছৰখিনি কেৱল দুখ আৰু হতাশাৰ ইতিহাস৷ অনুপ্ৰৱেশ, আন্দোলন, ভ্ৰাতৃঘাতী সংঘৰ্ষ, সন্ত্ৰাসবাদ, দুৰ্নীতি আৰু হিন্দুত্ববাদ ইত্যাদি৷ কিন্তু দুখত কেৱল হিয়া ঢাকুৰি কান্দিলে যিদৰে দুখখিনি আঁতৰি নাযায়, ঠিক সেইদৰে অসমীয়াৰ দুখগাথা কেৱল চৰ্বিত-চৰ্বন কৰি থাকিলে অসমীয়া জাতিৰ সংকট আঁতৰি নাযায়৷ সেয়ে, সমগ্ৰ অসম আৰু অসমীয়া জাতিক নতুনকৈ গঢ়াৰ বাবে নিম্নল্লিখিত কাৰ্যসূচীসমূহ ২০২১ চনৰ পৰা আৰম্ভ কৰিবলৈ এই মুকলি বিজ্ঞাপন দিয়া হ’লঃ

[১] অসমীয়াৰ মাজত আত্ম-পৰিচয় আৰু আত্ম-ধাৰণা পুনৰ গঢ়িবৰ বাবে, অসমীয়া জাতীয়তাবাদ পুনৰুদ্ধাৰৰ বাবে অসমৰ সকলো লোকক এক সামূহিক উমৈহতীয়া প্লেটফৰ্মলৈ অনাটো অত্যন্ত জৰুৰী৷ তাৰ বাবে ২০২১ চনৰ আৰম্ভণিতে এখন অভিৱৰ্তন অনুষ্ঠিত কৰা হওক৷ এই অভিৱৰ্তনলৈ অসমৰ প্ৰতিখন জিলাৰ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে উজ্জীৱিত লোকক নিমন্ত্ৰণ কৰা হওক আৰু এই সামূহিক উমৈহতীয়া প্লেটফৰ্মৰ স্বৰূপ, উদ্দেশ্য, কৰ্মপদ্ধতিৰ বিষয়ে আলোচনা কৰা হওক৷ এই আলোচনা কেইবালানিও হ’ব পাৰে৷ মুখামুখি বা অনলাইনতো হ’ব পাৰে৷ ইয়াৰ বাবে উদ্যোগ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গ্ৰহণ কৰক৷

[২] অসমৰ মাতৃভাষাৰ বিদ্যালয়সমূহ অসমীয়া জাতিৰ আয়ুস ৰেখা৷ ইয়াক পুনৰুজ্জীৱিত কৰা হওক৷ প্ৰতিখন বিদ্যালয়ত পঢ়া প্ৰাক্তন ছাত্ৰৰ নেতৃত্বত স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত বিদ্যালয়বোৰ আধুনিক বিদ্যালয়ৰ সমকক্ষ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হওক৷ ক’ভিডৰ বাবে এইবাৰ বিহু ফাংচন আৰু দুৰ্গাপূজা নহ’ল৷ তাৰ বাবে প্ৰত্যক্ষ ৰূপত সমাজত একো ক্ষতি হোৱা নাই; কিন্তু বছৰি মাতৃভাষাৰ বিদ্যালয় বন্ধ হৈছে যিটোৱে জাতিটোৰ অস্তিত্বৰ প্ৰতি প্ৰচণ্ড ভাবুকি আনিছে৷ সেয়ে সকলো বিহু আৰু পূজা কমিটীলৈ অনুৰোধ– তেওঁলোকে অহা দুবছৰ বিহু বা পূজা নাপাতি [এইবাৰৰ দৰে কেৱল নিয়মখিনি পালন কৰক] স্থানীয় বিদ্যালয়খনৰ মুৰব্বীৰ লগত আলোচনা কৰি সেই বিদ্যালয়খন সৰ্বাংগসুন্দৰ কৰি তোলক৷ স্থানীয় মহাবিদ্যালয়সমূহেও বিদ্যালয় প্ৰতিপালনত ভূমিকা গ্ৰহণ কৰক৷

[৩] ভাষা হ’ল চিন্তা আৰু প্ৰকাশৰ মাধ্যম৷ অসমৰ প্ৰচলিত ভাষাবোৰৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিকাশৰ বাবে অবিৰত প্ৰচেষ্টা সকলোৱে গ্ৰহণ কৰক৷ অসমীয়া, বড়ো, কাৰ্বি, ডিমাচা, তিৱা, মিচিং, ৰাভা আদি ভাষাৰ চৰ্চা আৰু বিকাশৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হওক৷ প্ৰত্যেক বিদ্যালয় আৰু মহাবিদ্যালয়ে ইয়াৰ বাবে নেতৃত্ব লওক৷ শিক্ষানুষ্ঠানবোৰত স্থানীয় ভাষাত বিশুদ্ধ ৰূপত বক্তৃতাৰ অনুষ্ঠান, ৰচনা প্ৰতিযোগিতা বা সাহিত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত  হওক৷ নতুন প্ৰজন্মক নিজৰ মাতৃভাষাত আত্মপ্ৰকাশৰ সকলো  পৰিৱেশ আৰু সুযোগ প্ৰদান কৰা হওক৷

[৪] অসমীয়া সংস্কৃতিৰ বাৰেৰহণীয়া ৰূপক জীয়াই ৰাখিবলৈ মইনা পাৰিজাতবোৰক পুনৰ সজীৱ কৰি তোলা হওক৷ জ্যোতি দিৱস, বিষ্ণু ৰাভা দিৱস, ভূপেন দিৱস আদি অনুষ্ঠান সুপৰিকল্পিত ৰূপত অনুষ্ঠিত কৰা হওক৷ লোক-সংস্কৃতিৰ চৰ্চা আৰু বিকাশৰ বাবে এক পৰিৱেশ ৰচনা হওক৷ জনজাতীয়সকলৰ সংস্কৃতিৰ উপাদানসমূহ, গীত-মাতৰ সংৰক্ষণ, চৰ্চা আৰু বিকাশৰ বাবে বিশেষ পদক্ষেপ লোৱা হওক৷ স্থানীয় গীত-মাতৰ প্ৰতিযোগিতা সকলো স্তৰৰ ল’ৰা-ছোৱালীৰ মাজত অনুষ্ঠিত হওক৷

[৫] অসমত এক কিতাপ পঢ়াৰ আন্দোলন আৰম্ভ হওক৷ এই আন্দোলন কেনেকৈ কৰা হয় তাৰ এক আলোচনা আৰু পৰিকল্পনা ২০২১ চনত কৰা হওক৷ অসমৰ প্ৰকাশকসকলে বিভিন্ন শিক্ষানুষ্ঠানৰ লগত আলোচনা কৰি এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰক৷

[৬] অসমত এক খেল বিপ্লৱৰ অতি প্ৰয়োজন৷ অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে খেলাৰ সা-সুবিধা সৃষ্টি কৰি আমাৰ নৱপ্ৰজন্মক খেলাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে৷ চৰকাৰে এক খেল নীতি প্ৰস্তুত কৰি এইক্ষেত্ৰত পদক্ষেপ ল’লে ভাল হয়৷ স্থানীয় দল-সংগঠন আৰু শিক্ষানুষ্ঠানৰো এইক্ষেত্ৰত কৰণীয় আছে৷

[৭] অসমত বৰ্ধিত হাৰত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো আলোচনা হৈছে৷ এইক্ষেত্ৰত মহিলাসকলক সবলীকৰণৰ বাবে ল’বলগা ব্যৱস্থা সম্পৰ্কে অসমৰ বিশ্ববিদ্যালয়, নাৰী সংগঠনসমূহ, স্বেচ্ছাসেৱী সংস্থা আৰু সচেতন সমাজ আগবাঢ়ি আহিব লাগে৷

[৮] অসমত ছশৰো অধিক উচ্ছ শিক্ষাৰ শিক্ষানুষ্ঠান আছে৷ যিহেতু অসমৰ ঠাইভেদে সমস্যা বেলেগ বেলেগ, সেয়ে এই শিক্ষানুষ্ঠানবোৰে নেতৃত্ব লৈ স্থানীয় অঞ্চলবোৰৰ বিষয়ে, স্থানীয় সমস্যাবোৰৰ বিষয়ে অধ্যয়ন কৰি, স্থানীয় লোকৰ লগত আলোচনা কৰি উন্নয়নৰ এক ৰূপৰেখা প্ৰস্তুত কৰি একোখন ৰিপ’ৰ্ট প্ৰস্তুত কৰিব লাগে আৰু প্ৰতিখন শিক্ষানুষ্ঠানে সামৰ্থ্য অনুসৰি কিছুমান উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰিব লাগে৷

[৯] স্বাৱলম্বিতা অতীতত অসমীয়া জাতিৰ এক উল্লেখনীয় বৈশিষ্ট্য আছিল৷ আজি নাই৷ সেয়ে অসমৰ প্ৰত্যেকঘৰ মানুহে নিজৰ ঘৰত অন্ততঃ দুজোপা জলকীয়া, দুজোপা বেঙেনা অথবা এজোপা নেমুগছ ৰুব লাগে৷ মাটি নাথাকিলে টাবতে ৰোৱক, কিন্তু কিছু স্বাৱলম্বী হ’বলৈ শিকক৷ ইমান বজাৰনিৰ্ভৰ নহ’ব৷ বাৰীৰ পুখুৰীটো অলপ কষ্ট কৰি চাফা কৰি মাছ দুটামান পোহক৷ ২০২১ বৰ্ষত গামোচা উৎপাদনত স্বাৱলম্বী হোৱাৰ বাবে পদক্ষেপ লোৱা হওক৷

[১০] অৰ্থনৈতিক বিপ্লৱ বিশেষকৈ কৃষিৰ ক্ষেত্ৰত আৰম্ভ হওক৷ ইয়াৰ বাবে অসমৰ কৃষি বিশ্ববিদ্যালয়, ইয়াৰ সম্প্ৰসাৰিত শিক্ষানুষ্ঠান, কেন্দ্ৰবোৰে স্থানীয় ক্ষেত্ৰত পদক্ষেপ লওক৷ এই বিপ্লৱত হাত উজান দিবলৈ সকলো কৰ্মঠ যুৱক-যুৱতী আগবাঢ়ি আহক৷ এক সাৰ্থক অৰ্থনৈতিক বিপ্লৱ আৱেগেৰে নাহে, সু-পৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰেহে আহে৷ ইয়াৰ লগত ব্যক্তিৰ মানসিকতাও জড়িত হৈ থাকে৷ যিহেতু বৰ্তমান বিশ্বায়নৰ যুগ, সেয়ে অসমৰ অৰ্থনৈতিক বিপ্লৱত নি(য় আমি এক নতুন দৃষ্টিভংগী আনিব লাগিব৷

মোৰ এই মুকলি বিজ্ঞাপনৰ সামৰণি এটা ব্যক্তিগত অভিজ্ঞতাৰে সামৰিব বিচাৰিছোঁ৷ লখিমপুৰ চহৰৰ এখন কাপোৰৰ দোকান৷ বহুদিনৰ পৰা দোকানখনৰ পৰা মই কাপোৰ কিনি আছোঁ৷ মালিকজন বাঙালী৷ দোকানখন তেওঁ বৰ নিৰিহ-নিপানীকৈ চলাই আছে৷ পুৱা ডাঙৰ ল’ৰাজন বহে, দুপৰীয়া তেওঁ নিজে বহে আৰু সন্ধিয়া লৰু ল’ৰাজনৰ লগত হয় ডাঙৰ ল’ৰা নহয় তেওঁ নিজে বহে৷ দুয়োজন ল’ৰাই অমায়িক, লখিমপুৰ কমাৰ্চ কলেজত পঢ়ে৷  প্ৰায় তিনি বছৰৰ মূৰত যোৱা মাহত দোকানখনলৈ গ’লোঁ৷ আগতকৈ দোকানখন বেছি জাকতজিলিকা হৈ পৰিছে৷ দুয়োজন ল’ৰা দোকানতে আছিল৷ এজন কৰ্মচাৰীও দেখা পালোঁ৷ দেউতাকৰ বয়স হৈছে বাবে এতিয়া দোকানত নবহে৷ কিন্তু দোকানখনত দুজন সুযোগ্য উত্তৰাধিকাৰীৰ উজ্জ্বল অমায়িক মুখে দিছে প্ৰতিশ্ৰুতি– এই দোকানখন অনাগত দিনত আৰু ভালকৈ চলিব৷ সঁচাই জাতীয়তাবাদ ৰাস্তাত নাথাকে, চিঞৰ-বাখৰ বা অনৰ্থক আৱেগিক প্ৰকাশত নাথাকে৷ জাতীয়তাবাদ এক কৰ্মৰ মাজেদি কৰা ধৰ্ম, য’ত নিষ্ঠা আৰু পৰিশ্ৰম দুয়োটাই লাগে৷ দেশ আৰু জাতি গঢ়াৰ বাবে প্ৰত্যেকেই একোজন অবিশ্ৰান্ত নীৰৱ কৰ্মী হওঁ আহক৷