Logo
image

আন্তৰ্জাতিক বজাৰ অভিমুখে ‘লাৱণ্য’

আমাৰ অসম, ১৩ নৱেম্বৰ: অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ তিতাবৰস্থ ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে ক’লা ধানৰ এক নতুন প্ৰজাতিৰ উদ্ভাৱনৰ জৰিয়তে আন্তৰ্জাতিক বজাৰ দখলৰ এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে৷ ধান গৱেষণা কেন্দ্ৰটোৰ জ্যেষ্ঠ বিজ্ঞানী ড॰ সঞ্জয় চেতিয়াৰ পৰা জানিব পৰা মতে নতুন ক’লা ধানৰ সঁচটো ‘লাৱণ্য’ নামেৰে নামকৰণ কৰা হৈছে আৰু এই ধানৰ সঁচ পোন প্ৰথমবাৰৰ বাবে মেৰাপানী অঞ্চলত উৎপাদন কৰিবৰ বাবে কৃষকৰ মাজত ২০২১ চনত বিতৰণ কৰা হয়৷ অতিশয় উৎপানদশীল এই নতুন ধানৰ সঁচটোৰপৰা প্ৰতি বিঘাত ১৮ ৰপৰা ২০ মোন ধান কৃষকে উৎপাদন কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দি কৃষি বিজ্ঞানী চেতিয়াই কয় যে, এই নতুন প্ৰজাতিৰ ধানটো ঔষধি গুণ সম্পন্ন৷ লৌহ পদাৰ্থ, খনিজ পদাৰ্থ, ৰোগ প্ৰতিৰোধৰ ক্ষমতাসম্পন্ন এই চাউল ফাইবাৰযুক্ত হোৱাৰ বাবে সোনকালে হজম নহয় যাৰ বাবে মধুমেহ ৰোগীৰ বাবে ই উত্তম আহাৰ হিচাপে বিবেচিত হৈছে৷ এই চাউলত জহা চাউলৰ গোন্ধ সংযুক্ত কৰা হৈছে যাৰ বাবে সচৰাচৰ ক’লা ধানতকৈ এই চাউল অধিক স্বাদ যুক্ত আৰু আঠামুক্ত৷ সচৰাচৰ কলা চাউল আঠাযুক্ত হোৱাৰ লগতে সিজাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হোৱাৰ বাবে মানুহে তেনে চাউলৰ প্ৰতি কম আগ্ৰহ দেখুৱাই যাৰ বাবে বজাৰত এই চাউলৰ চাহিদা ক্ৰমে হ্ৰাস পায় আৰু কৃষকসকলেও এই ধানৰ প্ৰতি কম আকৰ্ষিত হোৱা দেখা যায়৷ এই দিশ কেইটাৰ প্ৰতি লক্ষ্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে থলুৱা প্ৰজাতিৰ লগত সংমিশ্ৰিত কৰি এই নতুন প্ৰজাতিটো সংকৰণ কৰি উলিয়াইছে৷ ইফালে নতুন প্ৰজাতিটোৰ সকলো কেইটা গুণৰ কথা বিবেচনা কৰি এইবাৰ অসম কৃষি বিশ্ববিদ্যালয়ে কৃষকক ব্যাপক হাৰত এই খেতি কৰিবলৈ উৎসাহিত কৰিছে৷ লগতে কৃষকে যাতে ধান উৎপাদন কৰি বজাৰৰ কথা চিন্তা কৰিব নালাগে তাৰ বাবে কৃষি বিশ্ববিদ্যালয়ে প্ৰতি কেজি ধানত ৩০ টকা দৰত ধান ক্ৰয় কৰি আন্তৰ্জাতিক বজাৰৰ বাবে উলিয়াই দিয়াৰ পৰিকল্পনা কৰিছে৷ আগন্তুক বৰ্ষত ১০০ মেট্ৰিকটন এই প্ৰজাতিৰ ধান ক্ৰয় কৰাৰ বাবে পৰিকল্পনা কৰাৰ লগতে আন্তৰ্জাতিক বজাৰত বিপননৰ বাবে গুৱাহাটীৰ এটা প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰিছে৷ ড॰ চেতিয়াই আশা কৰে যে ভৱিষ্যতে এই প্ৰজাতিৰ ধানে অসমৰ কৃষৰ ক্ষেত্ৰত এক নতুন জোৱাৰ আনিবলৈ সক্ষম হ’ব৷