Logo
image

গৌতম জে’ললৈ গ’লহেঁতেন অজন্তাকো কৰিছে ব্লেকমেইলিং

বিজেপিৰ আগ্ৰাসনৰ প্ৰত্যুত্তৰ কংগ্ৰেছ সভাপতি ৰিপুণৰ

আমাৰ অসম, ২৩ ডিচেম্বৰঃ জেলত যোৱাৰ ভয়তে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গ’ল প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়৷ গৌতম ৰয়ৰ দৰে অজন্তা নেওগকো ভয় ভাবুকি দিয়া হৈছে৷ ব্লেকমেইলিং কৰা হৈছে৷ আদৰ্শনত কাৰণত কোনেও বিজেপি যোৱা নাই৷ বাধ্যবাধকতাৰ বাবেহে কংগ্ৰেছ ত্যাগ কৰি একাংশই বিজেপি মুখী হৈছে৷ এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷ মঙলবাৰৰ ৰাজীৱ ভৱনত এখন সংবাদ মেলত সভাপাতি বৰাই কয়– বিটিএডি আৰু তিৱা পৰিষদৰ নিৰ্বাচনত বিজেপি দলে ধনবল ব্যৱহাৰ কৰিলে৷ মানুহক ভয় ভাবুকি দেখুৱাইছে৷ বহুত মানুহ স্বতস্ফূৰ্তভাৱে বিজেপিলৈ যোৱা নাই৷ ডাঙৰ ডাঙৰ দুই এজন নেতা যি বিজেপিলৈ গৈছে তেওঁলোক আদৰ্শগত কাৰণত বিজেপিলৈ যোৱা নাই৷ বাধ্য বাধকতাৰ কাৰণেহে বিজেপিলৈ গৈছে৷ গৌতম ৰয় কংগ্ৰেছৰ পৰা বিজেপিলৈ গ’ল৷ তেঁওক বিজেপিত যোগদান কৰিবলৈ বাধ্য কৰোৱা হ’ল৷ গৌতম যদি বিজেপিলৈ নাযায় তেন্তে তেওঁ কাৰাগাৰত থাকিলেহেতেন৷ এনে ধৰণৰ ভয় ভাবুকিৰে কিছুমান মানুহক বিজেপিলৈ লৈ গৈছে৷ বাকীবোৰকতো নিব পৰা নাই৷ আমাৰ বহুত বিধায়ক আছে৷ বহুত নেতা আছে৷ বিজেপিয়ে কিছুমানক লক্ষ্য হিচাপে বাচি গৈছে৷ কাক লক্ষ্য কৰি লৈছে ভালকৈ চালে বুজিব পৰা যায়৷ বিধায়ক ৰোজলিনা তীৰ্কিৰ লগত মই বহুবাৰ ব্যক্তিগতভাৱে কথা পাতিছো৷ তেওঁ স্পষ্টভাৱে কৈছে যে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাৰ কোনো কথা নাই৷ বিজেপিত যোৱাৰ কোনো ধৰণৰ পৰিকল্পনা নাই বুলি সংবাদ মাধ্যমৰ আগত কৈছে৷ অজন্তা নেওগৰ ক্ষেত্ৰতো ভয় ভাবুকি দিয়া হৈছে৷ ব্লেকমেইলিং কৰা হৈছে৷ অজন্তা নেওগৰ লগতো বহুবাৰ কথা পাতিছো৷ তেওঁৰ ঘৰতো গৈছো৷ জিতেন্দ্ৰ সিঙো তেখেতৰ ঘৰলৈ গৈছে৷ ৯ ডিচেম্বৰলৈ আমি নেওগৰ লগত কথা পাতি আছো৷ তেতিয়ালৈ আমাক বাৰম্বাৰ কৈছে যে তেখেত কোনো কাৰণতে বিজেপিলৈ নাযায়৷ এই বিলাক বিজেপিৰ ভুৱা প্ৰচাৰ বুলি আমাক কৈ আছিল৷ আমি তেনেকৈয়ে ভাবি আছিলো৷ যিদিনা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল তাৰ পিছৰ পৰা তেখেতৰ লগত আমি পোনপটীয়াভাৱে যোগাযোগ কৰিব পৰা নাই৷ মোবাইল ফোন বন্ধ আছিল৷ অন্যান্য বিভিন্ন মহলেদি যেতিয়া লগ কৰিছিলো তেতিয়াও একেটাই কথা কৈ আছে৷ বিধায়ক হিচাপে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ যাব পাৰো বুলি কৈছে৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাজহুৱাভাৱে মতামত প্ৰকাশ কৰিবলৈ তেওঁক কোৱা হৈছিল৷ বিজেপিত যোগদানৰ কথা যদি মিছা হয় তেন্তে ইয়াক অস্বীকাৰ কৰিবলৈ কোৱা হৈছিল৷ মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱাকে ধৰি তেখেত বিজেপিত যাববুলি সংবাদ মাধ্যমত যিবিলাক কথা ওলাইছে সেই সমূহ খণ্ডন কৰিবলৈ কোৱা হৈছিল৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ কথাও ওলাইছিল বিজেপিত যাব বুলি৷ তেওঁ লগে লগে ইয়াক অস্বীকাৰ কৰিছে৷ ৰকিবুল হুছেইনৰ কথাও ওলাইছিল৷ তেওঁ ইয়াক অস্বীকাৰ কৰিলে৷ ইয়াৰ লগে লগে কথাটো তাতেই শেষ হৈ গ’ল৷ ঠিক সেইদৰে ৰোজালিনা তীৰ্কিও অস্বীকাৰ কৰিছে বিজেপিৰ যোৱাৰ কথাটো৷ কিন্তু অজন্তা নেওগে আজি পৰ্যন্ত এই কথা অস্বীকাৰ কৰা নাই৷ তেখেত জিলা সভাপতি হৈ আছে৷ জিলাখনক নেতৃত্ব দি আছে৷ সেই কাৰণে জিলা সভাপতি পদৰ পৰা তেখেতক আতৰাই দিয়া হৈছে৷ আমি ২৫ ডিচেম্বৰলৈ অপেক্ষা কৰিম৷ ২৬ ডিচেম্বৰত তেখেত বিজেপিত যোগদান কৰিব বুলি শুনি আছো৷ যিদিনা তেখেত যাব তেতিয়া দলৰ অনুশাসন অনুসৰি ব্যৱস্থা লোৱা হ’ব৷ বাহিৰৰ পৰা শুনিছে যে তেখেতৰ ওপৰত বিজেপি দলৰ বহু হেচা আছে৷ সমাজ কল্যাণ বিভাগৰ যিটো কেলেংকাৰীৰ তদন্ত হৈ আছে তাৰ জেৰাৰ বাবে তেখেতক আৰম্ভণিতে মাতিছিল৷ তেখেতক সোধপোচ কৰিছে৷ তেখেতৰ ওপৰত চৰকাৰৰ নি(য় কিবা হেচা আছে৷ তেখেতক ভয় ভাবুকি দেখুৱাই নিব বিচাৰিছে৷ নেতৃত্বৰ সলনিৰ সিদ্ধান্ত হাইকামাণ্ডেহে লয়৷ হাইকামাণ্ডে যি সিদ্ধান্ত লয় মই তাক মানি লম৷