Logo
image

প্ৰয়োজন হ’লে বনকৰ্মীক আক্ৰমণ! ৰমাকান্তৰ প্ৰৰোচনা

ডিজিটেল ডেস্ক, ২০ নৱেম্বৰ: বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে থিয় হৈছে খোদ বিজেপি বিধায়ক৷ হিমন্ত বিশ্ব শৰ্মাই বনভূমিত কাম কৰি থকা খিলঞ্জীয়া লোককো উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছতে আক্ৰমণাত্মক হৈ উঠিছে বিজেপি বিধায়ক ৰমাকান্ত দেউৰী৷ প্ৰয়োজন হ’লে বনকৰ্মীক হত্যা কৰিবলৈ প্ৰৰোচনা কৰি তেওঁ কয়–আমাৰ ভূমিপুত্ৰ সকলে ফৰেষ্টৰ মাটি দখল কৰি বহি থাকিলে জোৰ জবৰদস্তি উঠাই দিয়ে৷ এইটো আইন নহয়৷ এইবাৰ উঠাবলৈ আহিলে ফৰেষ্টৰ বিষয়া-কৰ্মচাৰীক দা-যাঠি লৈ টুকুৰা টুকুৰ কৰি কাটি দিবি৷ এতিয়া আমি সচেতন হ’বৰ হ’ল৷ আমাৰ ভূমিপুত্ৰ সকলৰ পূৰ্বপুৰুষো বনভূমিতে জন্ম গ্ৰহণ কৰিছিল৷ গতিকে বনভূমিৰ পৰা আমাক খেদিবলৈ সেইসকল কোন? ফৰেষ্টৰ মাটি আমাৰ ভূমিপুত্ৰৰ মাটি, আমাৰেই মাটি৷ সেই ভূমিপুত্ৰসকলক উচ্ছেদ কৰিবলৈ কোন? কাৰোবাক উচ্ছেদ কৰিব বিচাৰিলে আমি সকলো ওলাই আহিব লাগিব৷ তিৱা মহিলা সকলকো হিংসাত্মক কাম কৰিবলৈ উচতনি দিয়ে বিধায়ক দেউৰীয়ে৷ তেওঁ আৰু কয়–যিসকল ভূমিহীনক চৰকাৰে ভূমি দিছে সেইসকলৰ এতিয়া মাটিৰ পট্টা নাই৷