Logo
image

আগন্তুক এটা বছৰত ১০ লাখ নিযুক্তি

ডিজিটেল ডেস্ক : ভাৰত চৰকাৰে আগন্তুক এটা বছৰত ১০ লাখ নিযুক্তি দিব৷ ইতিমধ্যে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ নাজিৰাৰ মেকিপুৰ চাহ বাগিছাত অনুষ্ঠিত হোৱা চাহ জনগোষ্ঠী সাহিত্য সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয় কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে৷ আগন্তুক এটা বছৰত প্ৰতিমাহে ভাৰত চৰকাৰে ৭৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে সম্পূৰ্ণ স্বচ্ছতাৰে হ'ব নিযুক্তি প্ৰক্ৰিয়া৷ আনহাতে পেট্ৰ'লিয়াম, ৰে'ল বিভাগ, ডাক বিভাগ, বেংক, শ্ৰম বিভাগত আদি বহুকেইটা বিভাগত পদ খালী হৈছে বুলি কোৱাৰ লগতে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক আবেদন কৰিবলৈ আহ্বান জনায়৷