Logo
image

বৰ্ণাঢ্য উদ্বোধন, কাতাৰৰ পৰাজয়

আমাৰ অসম, ২১ নৱেম্বৰঃ অৱশেষত সকলো বিতৰ্ক নেওচি মধ্যপ্ৰাচ্যৰ দেশ কাতাৰত আৰম্ভ হ’ল বিশ্ব ফুটবলৰ সৰ্বোচ্ছ প্ৰতিযোগিতা বিশ্বকাপ ফুটবল৷ বিশাল আয়োজন আৰু বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানেৰে বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিও উদ্বোধনী খেলতেই ইকুৱেডৰৰ হাতত ২-০ গ’লত পৰাজয় বৰণ কৰিলে ‘গৃহস্থ’ দেশ কাতাৰে৷ উল্লেখ্য, প্ৰতিযোগিতা আয়োজনৰ স্বত্বলাভ কৰাৰ সময়ৰ পৰাই দেওবাৰে প্ৰথমখন মেচৰ কিক-অফলৈ বিগত ১২ বছৰ বিতৰ্কৰ মাজত সোমাই থাকিল এইবাৰৰ বিশ্বকাপ ফুটবল আয়োজন   কৰা কাতাৰ৷ প্ৰতিযোগিতা আয়োজনৰ স্বত্ব লাভ কৰোতে উৎকোচ প্ৰদান, প্ৰতিযোগিতাৰ প্ৰথমখন মেচত নিজৰ দেশক বিজয়ী কৰোৱাৰ বাবে প্ৰতিপক্ষ ইকুৱেডৰৰ আঠজন খেলুৱৈক ক্ৰয় কৰাৰ অভিযোগ, প্ৰতিযোগিতা আৰম্ভ হ’বলৈ ৪৮ ঘণ্টা বাকী থকা অৱস্থাত সকলো ষ্টেডিয়ামতে বীয়েৰ নিষিদ্ধ কৰি এইবাৰ বিশ্বকাপৰ মূল স্পনছৰ বাডৱাইজাৰ কোম্পানীক বৃহৎ ক্ষতিৰ সন্মুখীন কৰোৱাকে ধৰি অসংখ্য বিতৰ্কই গ্ৰাস কৰি ৰাখিলে কাতাৰৰ বিশ্বকাপ৷ পিছে দেওবাৰে সেই সকলো বিতৰ্ক নেওচি মৰুদেশখনত আৰম্ভ হ’ল ২২সংখ্যক বিশ্বকাপ ফুটবল৷ সদায় গ্ৰীষ্মকালত আয়োজিত বিশ্বকাপ ফুটবল এইবাৰ কাতাৰৰ অতি তীব্ৰ উষ্ণতাৰ বাবে আয়োজন হ’ল শীতকালত– নৱেম্বৰ আৰু ডিচেম্বৰত৷ সেই সকলো প্ৰতিবন্ধকতা নেওচি দেশখনে দেওবাৰে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে বিশ্বকাপ ফুটবলৰ সূচনা ঘটালে৷ মাথোঁ ৩০ লাখ জনসংখ্যাৰ ক্ষুদ্ৰ দেশ কাতাৰে কেনেকৈ বিশ্বকাপৰ দৰে এনে বৃহৎ প্ৰতিযোগিতা আয়োজন কৰিব বুলি বহুতে আশংকা প্ৰকাশ কৰি থাকিলেও দেওবাৰে চমকপ্ৰদ উদ্বোধনী অনুষ্ঠানেৰে কাতাৰে সেই সন্দেহৰ নিৰসন ঘটালে৷ দেশখনৰ কৃষ্টি-সংস্কৃতি দাঙি ধৰা উদ্বোধনী অনুষ্ঠানৰ সমাৱেশ ঘটিল হলীউড আৰু আনকি বলীউডৰ শিল্পীৰ৷ উদ্বোধনী অনুষ্ঠানত দক্ষিন কোৰিয়াৰ বিটিএছ সংগীত শিল্পী জাং কুকে সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি সকলোকে মোহিত কৰে৷ জাং কুকে তেওঁৰ নতুন ট্ৰেক ‘ড্ৰিমাৰ্ছ’ গাই আল বায়াট ষ্টেডিয়ামত উপস্থিত ষাঠি হাজাৰ দৰ্শকক মুগ্ধ কৰে৷ উদ্বোধনী অনুষ্ঠানত প্ৰদৰ্শন আগবঢ়ায় বলীউডৰ বিদেশী শিল্পী নোৰা ফতেহিয়ে৷ উদ্বোধনী অনুষ্ঠানত কাতাৰে দিলে সাম্যৰ বাৰ্তা, ঐক্যৰ বাৰ্তা৷ ফুটবলেই যে বিশ্বক এক কৰিব পাৰে সেই বাৰ্তা বাৰম্বাৰ বিভিন্ন আংগিকেৰে প্ৰদৰ্শিত হ’ল উদ্বোধনী অনুষ্ঠানত৷ প্ৰথমেই দেখা গ’ল কাতাৰৰ ৰজা শ্বেখ মহম্মদ বিন ৰছিদ আল-মাখতুমক৷ তাৰ পাছতে আৰম্ভ হয় গীতৰ অনুষ্ঠান৷ ইয়াৰ পাছতে বিশ্বকাপত ঐক্যৰ বাৰ্তা শুনাবলৈ মঞ্চত উপস্থিত হয় হলীউডৰ অভিনেতা মৰ্গান ফ্ৰিমেন৷ তেওঁৰ সৈতে একেলগে প্ৰৱেশ কৰে কাতাৰৰ বিশেষভাৱে সক্ষম ঘানেম আল মুফতাহ৷ কোৰিয়াৰ বেণ্ড বিটিএছৰ মূল গায়ক জাং কুকে প্ৰত্যাশা পূৰণ কৰি সংগীত পৰিৱেশন কৰাৰ পাছত সংগীত পৰিৱেশন কৰে কাতাৰৰ জনপ্ৰিয় গায়ক ফাহান আল কুবায়েছিয়ে৷ উদ্বোধনী অনুষ্ঠানত পূৰ্বৰ বিশ্বকাপৰ সকলো গান প্ৰদৰ্শন কৰা হয়৷ ১৯৯৮ ৰ বিশ্বকাপত ৰিকি মাৰ্টিনে গোৱা অ’লে অ’লে, ২০১০ ৰ বিশ্বকাপত ছাকিৰাই গোৱা ৱাকা, ৱাকা সকলো গানেই উভতি আহিল৷ পূৰ্বৰ বিশ্বকাপৰ যি মাস্কট আছিল তাকো পুনৰ প্ৰদৰ্শন কৰা হ’ল৷