Logo
image

কি ভুল কৰিলে নীল আকাশে : নীল আকাশৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ

ডিজিটেল ডেস্ক : কণ্ঠশিল্পী নীল আকাশক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে৷ ২৪ ঘণ্টাৰ ভিতৰত নীল আকাশক ক্ষমা খুজিবলৈ দাবী জনোৱা হৈছে৷ এই সময়ছোৱাৰ ভিতৰত যদি ক্ষমা নোখোজে তেন্তে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিয়া হৈছে৷

গায়ক নীল আকাশৰ বিৰুদ্ধে ধেমাজিত গোচৰ ৰুজু কৰাৰ হুংকাৰ দিছে চিমেন চাপৰি যুৱ সমাজে৷ চিমেন চাপৰিত উপস্থিত হৈ নীল আকাশক ক্ষমা খুজিবলৈ দাবী জনোৱা হৈছে৷ উল্লেখ্য, চিমেন চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাৰ সামৰণিৰ দিনা গীত গাবলৈ আয়োজক সমিতিৰে চুক্তিবদ্ধ হৈছিল নীল আকাশ৷ কিন্তু সামৰণিৰ অনুষ্ঠানৰ দিনা গীত পৰিৱেশন কৰিবলৈ নাহিল কণ্ঠশিল্পীগৰাকী৷ ১৮ নৱেম্বৰৰ নিশা সংগীতানুষ্ঠানৰ বাবে আয়োজক সমিতিৰে চুক্তিবদ্ধ হোৱাৰ পাছতো সংগীত পৰিৱেশন কৰিবলৈ কণ্ঠশিল্পীগৰাকী উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে চিমেন চাপৰি যুৱ সমাজ৷ যাৰ বাবে নীল আকাশক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ সময়সীমা বান্ধি দিছে৷