Logo
image

আজি সদলবলে অসমলৈ একনাথ সিন্দে

আমাৰ অসম, ২৬ নৱেম্বৰঃ   যোৱা জুনত অসমলৈ আহিছিল ক্ষমতা আৰু ক্ষমতা অৰ্জনৰ সময়ত প্ৰয়োজন হোৱা সুৰক্ষা বিচাৰি৷ মা কামাখ্যাৰ আশীৰ্বাদত ক্ষমতা অৰ্জন সম্ভৱ হ’ল৷ এতিয়া মা কামাখ্যাক কৃতজ্ঞতা জনোৱাৰ পাল৷ সেয়ে ২৬ নৱেম্বৰ, শনিবাৰে  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু তেওঁৰ সৈতে থকা খণ্ডিত শিৱসেনাৰ বিধায়ক আহিব অসমলৈ৷ এইবাৰ আহিব মুখ্যমন্ত্ৰীৰ ৰূপত৷ লগত আহিবলগীয়া সকলো বিধায়কে একনাথ সিন্দেৰ সৈতে ৰাজ্যৰ ক্ষমতা দখল কৰিছে৷  তাৰে অনেকেই মন্ত্ৰী হৈছে আৰু বিধায়ক হৈয়ো ক্ষমতাসীন দলৰ শক্তি অৰ্জন কৰিছে৷ সেই ৩৯ জন খণ্ডিত শিৱসেনাৰ বিধায়ক-মন্ত্ৰীক তেওঁলোকৰ পৰিয়ালসহ একেলগে লৈ শনিবাৰে গুৱাহাটীত আহি উপস্থিত হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে৷ সম্পূৰ্ণ দলটো দিনৰ ১২ বজাত আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হ’ব৷ তাৰ পৰা পোনে পোনে তেওঁলোক আহিব কামাখ্যা মন্দিৰলৈ দিনৰ ২ বজাত৷ কামাখ্যা মন্দিৰ দৰ্শনৰ অন্তত আৰু মা কামাখ্যাক কৃতজ্ঞতা জ্ঞাপন কৰাৰ পাছত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীসহ বৃহৎ দলটো আহিব হোটেল ৰেডিছন ব্লুলৈ৷ তাতে তেওঁলোকে এটা নিশা কটাব৷ কামাখ্যা মন্দিৰলৈ অহা এই অভিযানক সিন্দে বাহিনী বচন পূৰ্তিবুলি অভিহিত কৰিছে৷ কিয়নো বিগত জুনত যেতিয়া উদ্ধৱ থাকৰে চৰকাৰক লেং মাৰি বিজেপিৰ সৈতে গোপন বুজাবুজি কৰি বিদ্ৰোহীৰ ৰূপত একনাথ সিন্দে আৰু তেওঁৰ সমৰ্থকসকল গুৱাহাটী আহিছিল তেতিয়া গুৱাহাটীত থকা ৮ টা দিনৰ ভিতৰত একনাথ সিন্দে দুবাৰকৈ আৰু তেওঁৰ সতীৰ্থ বিদ্ৰোহী বিধায়কসকল এবাৰ কামাখ্যালৈ গৈছিল৷ মা কামাখ্যাৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনাইছিল, যি অভিযানত তেওঁলোকে ৰাজ্য এৰি অসমত থিতাপি লৈছে সেই অভিযান যেন মা কামাখ্যাই সাৰ্থক হোৱাৰ বাবে আশীৰ্বাদ দিয়ে৷ অভিযান সফল হ’লে অৰ্থাৎ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক বগৰাই বিজেপিৰ সৈতে জোঁট বান্ধি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে তেওঁলোক পুনৰ মা কামাখ্যাৰ ওচৰলৈ আহি কৃতজ্ঞতা প্ৰকাশ কৰিব৷ এতিয়া যিহেতু অভিযান সফল হ’ল, সেয়ে বচন পূৰ্তিৰ বাবে সিন্দে বাহিনী সদলবলে শনিবাৰে আহিব মা কামাখ্যাৰ চৰণত সেৱা কৰিবলৈ৷ 

যোৱা ২১ জুনত ১৮ জনমান সংগী বিদ্ৰোহী বিধায়কক চাৰ্টাৰ্ড বিমানত উঠাই একনাথ সিন্দে গুজৰাটৰ চুৰাটৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল৷ তাৰ আগদিনাই তেওঁলোক মুম্বাইৰ পৰা ৰাওনা হৈছিল চুৰাটলৈ৷ শিৱসেনা, কংগ্ৰেছ আৰু এনচিপিৰ মহা বিকাশ আঘাড়ী চৰকাৰখনৰ বিৰুদ্ধে অনাস্থা দেখুৱাই শিৱসেনাৰ অন্যতম শক্তিশালী নেতা আৰু উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ একনাথ সিন্দেই বিশ্বাসঘাটকতা কৰি মুম্বাই এৰিছিল৷ কিন্তু চুৰাট পৰ্যন্ত উদ্ধৱ থাকৰেৰ প্ৰভাৱ থকাত তেওঁলোকে গুৱাহাটীলৈ অহাৰ সিদ্ধান্ত লয়৷ অৱশ্যে পাছত জানিব পৰা মতে গুৱাহাটীলৈ অহাৰ পৰিকল্পনা আছিল আগতীয়া৷ সেই উদ্দেশ্যে ১৪ জুনৰ পৰাই গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলৰ সকলো কোঠা বুক কৰি নতুন বুকিং অসম চৰকাৰৰ নিৰ্দেশত বন্ধ কৰি ৰখা হৈছিল৷ উদ্ধৱ থাকৰেই গুৱাহাটীতো তেওঁলোকক বিপদত পেলাব পাৰে আশংকা কৰি প্ৰথমে বিদ্ৰোহী বিধায়কসকলে কাজিৰঙাৰ ৰিজৰ্টৰ বাহিৰে আন ঠাইত নাথাকে বুলি সিদ্ধান্ত লৈছিল৷ কিন্তু অসমৰ বিজেপি চৰকাৰ আৰু শাসনাধিষ্ঠিত গেৰুৱা দলটোৰ মুৰব্বীয়ে তেওঁলোকক আশ্বস্ত কৰাত ৰেডিছন ব্লুতে সিন্দে বাহিনীয়ে বিদ্ৰোহী শিবিৰ স্থাপন কৰে৷ গুৱাহাটীত তেওঁলোক থকাৰ সময়তে এসপ্তাহৰ ভিতৰত এজন দুজনকৈ বিদ্ৰোহী শিৱসেনাৰ বিধায়ক আহি গুৱাহাটীত উপস্থিত হয় আৰু চৰকাৰৰ পতন ঘটাব পৰাকৈ শক্তি সঞ্চয় হোৱাত আঠ দিনৰ অন্তত বিদ্ৰোহী দলটো গোৱা হৈ মুম্বাইলৈ ৰাওনা হয়৷ বিদ্ৰোহী দলটোক মহাৰাষ্ট˜ বিজেপিয়ে সমৰ্থন জনায় আৰু শক্তিহীন হৈ পৰাত উদ্ধৱ থাকৰে চৰকাৰৰ পতন ঘটে৷ একনাথ সিন্দে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হয়৷ উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লয় প্ৰাক্তন বিজেপি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশে৷ 

গুৱাহাটীত বিদ্ৰোহী শিৱসেনাৰ বিধায়কসকলৰ থকাৰ সময়ত অসমৰ বিজেপি চৰকাৰে তেওঁলোকক কোনো ধৰণে সহায় সাৰথি কৰা নাছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল৷ অথচ বিধায়কৰ দলটো আহি পোৱাৰ আগদিনা অৰ্থাৎ ২০ জুনৰ নিশা স্বয়ং হিমন্ত বিশ্ব শৰ্মাই ৰেডিছন ব্লুৰ জা-যোগাৰ নিজে পৰিদৰ্শন কৰি আহিছিল৷ বিধায়কসকলক নিশ্ছিদ্ৰ নিৰাপত্তাৰে  বিমানবন্দৰৰ পৰা আনি ৰেডিছন ব্লুত প্ৰৱেশ কৰোৱা হৈছিল৷ ৰেডিছন ব্লু হোটেল কেইকেইটা দিনত অসম আৰক্ষী আৰু অদ্ধৰ্সামৰিক বাহিনীৰ বিশাল দলে চৌপাশে পৰুৱা এটাও সোমাব নোৱাৰাকৈ পহৰা দি আছিল৷ নতুন কোনো আলহী হোটেললৈ যাব পৰা নাছিল৷ বিধায়কসকলৰ সা-সুবিধা দিনৰ ভাগত চাইছিল মন্ত্ৰী অশোক সিংঘালে৷ নিশাৰ ‘ডিউটি’ কৰিছিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতম মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক পৰ্যায়ৰ বিষয়াই বিদ্ৰোহী বিধায়কৰ সা-সুবিধাৰ খবৰ-খাতি লৈ তেওঁলোকৰ সৈতে হাঁহি-মাতি ছেলফি উঠিছিল৷ অসমৰ এটা বিশাল অধিবক্তাৰ দলে বিদ্ৰোহী বিধায়কসকলক হোটেলৰ ভিতৰত দিনে-নিশাই থাকি আইনী সাহায্য প্ৰদান কৰিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে অধিবক্তাৰ দলটো আছিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তথা ৰাজ্যৰ মহাধিবক্তাৰ জুনিয়ৰ সতীৰ্থ৷ অসম চৰকাৰে সৰ্বদিশতে ইমানকৈ সহায় কৰা সত্ত্বেও মুখ্যমন্ত্ৰীয়ে বিদ্ৰোহীসকলক চৰকাৰীভাৱে কোনো সহায়-সাৰথি কৰা হোৱা নাই বুলি মন্তব্য কৰিছিল৷ কিন্তু বিধায়সকলৰ একাংশই নিউজ-১৮ সংবাদ প্ৰতিষ্ঠানৰ আগত এনেদৰে সহায় কৰাৰ বিশদ বৰ্ণনা দিছিল৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৰা সিন্দেবাহিনীয়ে যি সহায় লাভ কৰিছিল, সেয়া তেওঁলোকে জীৱনত পাহৰিব নোৱাৰে৷ বিধায়কৰ পৰা মন্ত্ৰী হোৱা একাংশই উক্ত সংবাদ প্ৰতিষ্ঠানৰ আগত দাবী কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থন নোহোৱা হ’লে সিন্দে মুখ্যমন্ত্ৰী হ’ব নোৱাৰে আৰু তেওঁলোকো বিধায়কৰ পৰা মন্ত্ৰী হ’ব নোৱাৰে৷ সিন্দে মুখ্যমন্ত্ৰী হ’লেও মহাৰাষ্ট্ৰত এতিয়া তেওঁ বহিৰজা, উঠিৰজা হৈছে উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশহে৷ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সকলো সিদ্ধান্ত বিজেপিৰ নেতা ফাড়নবীশেই লয়৷ তদুপৰি মন্ত্ৰী হৈয়ো শিৱসেনাৰ অধিকাংশ বিদ্ৰোহীয়ে পূৰ্ণ ক্ষমতা লাভ কৰা নাই৷ চৰ্চা হৈছে শনিবাৰে গুৱাহাটীত আহি উপস্থিত হ’বলগীয়া সিন্দে বাহিনীয়ে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হ’ব৷ ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া সীমাহীন ক্ষমতা কেন্দ্ৰীভূত কৰা হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে নিজেও কিছুপৰিমাণে ক্ষমতা অৰ্জন কৰাৰ ইচ্ছা কৰিছে একনাথ সিন্দেই৷ তেওঁৰ ঘনিষ্ঠ একাংশই প্ৰকাশ কৰা মতে গুৱাহাটীৰ এই ভ্ৰমণত সিন্দেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত বহি তেওঁকো যাতে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাত আৰু অধিক ক্ষমতা প্ৰদান কৰা হয় সেয়া নিশ্চিত কৰাৰ চেষ্টা কৰিব৷ তদুপৰি খণ্ডিত শিৱসেনাৰ বঞ্চিত মন্ত্ৰী-বিধায়কৰ বাবেও তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে ক্ষমতা আৰু প্ৰভাৱ অৰ্জনৰ বাবে খাতিৰ কৰিব৷ সেয়ে একনাথ সিন্দে বাহিনীৰ এই অসম ভ্ৰমণ ৰাজনৈতিকভাৱেও গুৰুত্বপূৰ্ণ হৈ উঠিছে৷