Logo
image

গুজৰাটঃ অনুসৰণ নকৰিবলগীয়া এটা আৰ্হি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰৰ পৰা কেইবাবাৰো গুজৰাট ভ্ৰমণ কৰিছে আৰু ৰাজ্যখনত ৰ আৰু প্ত ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতে তেওঁ নৱেম্বৰত অধিক ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছিল৷ তেওঁ গুজৰাটৰ ৩৩ খন জিলাৰ প্ৰায় প্ৰতিখন জিলাতে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল৷ যেতিয়ালৈকে নিৰ্বাচন আয়োগে তেওঁক বাধা দিয়া নাছিল তেতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে ‘উদ্বোধনী’ পৰ্ব চলায়েই গৈছিল৷ এইবোৰক ‘চৰকাৰী’ অনুষ্ঠান হিচাপে প্ৰমাণ কৰিব বিচৰা হৈছিল, কিন্তু প্ৰধানমন্ত্ৰীৰ ভাষণৰ বিষয়বস্তুৰ সৈতে কোনো ‘চৰকাৰী’ বিষয়বস্তু জড়িত নাছিল৷ তেওঁৰ সকলো ভাষণত [গুজৰাটত দিয়া ভাষণ, ভাৰতৰ আন ঠাইত দিয়া ভাষণ আৰু আনকি বিদেশতো দিয়া ভাষণত] কেৱল  পুনৰাবৃত্তিমূলক বিষয়হে ঠাই পাইছিল, সেয়া হৈছে আধুনিক, পুনৰুত্থানশীল ভাৰতৰ ইতিহাস ২০১৪ চনত আৰম্ভ হৈছিল৷ একেই যুক্তিৰে আধুনিক, পুনৰুজ্জীৱিত গুজৰাটৰ ইতিহাস ২০০১ চনত আৰম্ভ হৈছিল বুলি তেওঁ মানুহক পতিয়ন নিয়াব বিচৰিছিল৷ সেই মন্তব্যবোৰত বহু বিৰক্তিকৰ কথা আছে [গুজৰাট, ভাৰতৰ আগতে উন্নত হৈছিল?], মই এই সাঁথৰটো সমাধানৰ দায়িত্ব আপোনাৰ ওপৰতে এৰি দিছোঁ৷

প্ৰধানমন্ত্ৰীৰ মতে, গুজৰাট হৈছে ভাৰতৰ বাবে এক আৰ্হি৷ তেওঁ সেই দাবী কৰাৰ উপৰি আৰু এখোজ আগুৱাই গৈ কৈছে যে ভাৰত হৈছে বিশ্বৰ বাবেই আৰ্হি৷ গুজৰাটৰ ৰাইজে ডিচেম্বৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ দাবীৰ ভিত্তিতে ভোট দিব৷ দুৰ্ভাগ্যজনক কথাটো হ’ল বিশ্বৰ জনসাধাৰণে এনে দাবীৰ ভিত্তিত ভোট দিয়াৰ সুযোগ নাপাব৷ মই ভাবোঁ এয়া তেওঁলোকৰ দুৰ্ভাগ্যই৷

ঈৰ্ষা কৰিব নালাগে 

গুজৰাট মডেলটো পৰীক্ষা কৰোঁ আহক৷ এই মডেলটো সন্দৰ্ভত মই কিছুমান অনন্য বৈশিষ্ট্য লক্ষ্য কৰিছোঁঃ

বিজেপি চৰকাৰ ৰাজ্যখনত শাসনত আছে ৷ ২০১৬ চনৰ পৰা ৰাজ্যখনত দলটোৰ তিনিজন মুখ্যমন্ত্ৰী হৈছে৷ তিনিওজনৰ ভিতৰত আটাইতকৈ দীঘলীয়া সেৱা আগবঢ়াইছিল বিজয় ৰূপানিয়ে – ২০১৬ চনৰ পৰা ২০২১ চনলৈ– কিন্তু তেওঁ ইমানেই সুন্দৰ কাম কৰিছিল যে তেওঁক তেওঁৰ সমগ্ৰ মন্ত্ৰী পৰিষদৰ সৈতে অনানুষ্ঠানিকভাৱে পদৰ পৰা আঁতৰাই দিয়া হৈছিল৷ আধুনিক পুনৰুজ্জীৱিত গুজৰাটৰ বাবে ‘ঘূৰ্ণীয়মান মুখ্যমন্ত্ৰীৰ পদ’টো হৈছে বহুতৰে পছন্দৰ আৰ্হি [দৃষ্টান্তঃ কৰ্ণাটক, উত্তৰাখণ্ড]৷

গুজৰাট মডেলৰ আন এটা বিশেষত্ব হৈছে ‘ডাবল ইি? ন’ চৰকাৰ৷ আপুনি ভাবিব পাৰে যে ডাবল ইি? নবোৰ হৈছে ‘পিএম আৰু চিএম’৷ সেয়া পিছে ভুল কথা৷ ডাবল ইি? নবোৰ হৈছে ‘পিএম আৰু এইচএম’৷ গুজৰাটত যেতিয়ালৈকে ডাবল ইি? নবোৰ সক্ৰিয় নহয় তেতিয়ালৈকে একোৱে চলাচল নকৰে৷ যেতিয়া বাকী ভাৰতে গুজৰাট আৰ্হি অনুসৰণ কৰে, তেতিয়া ৰাজ্য চৰকাৰৰ কথা পাহৰি যাব লাগিব আৰু ‘এক ভাৰত, এক চৰকাৰ’ৰ নীতিত বিশ্বাস কৰিব লাগিব৷ 

অস্বীকাৰ কৰিয়েই গৌৰৱবোধ 

গুজৰাট মডেলৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বিকাশৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱা, কিন্তু গুজৰাটীৰ গৌৰৱ বৃদ্ধি কৰা৷ চাৰি বছৰত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ [জিডিপি] বিকাশৰ হাৰ এনেধৰণৰঃ 

২০১৭-১৮: ১০.৭ শতাংশ, ২০১৮-১৯: ৮.৯ শতাংশ, ২০১৯-২০: ৭.৩ শতাংশ আৰু ২০২০-২১ঃ -১.৯১ শতাংশ৷ আপুনি সুধিব পাৰে যে ২০১৭-১৮ বৰ্ষৰ পৰা সৰ্বভাৰতীয় জিডিপিৰ বিকাশৰ হাৰ হ্ৰাস পাইছে নেকি? উত্তৰটো হৈছে ‘অৱশ্যে, হয়’৷ কাৰণ ভাৰতে গুজৰাট মডেল অনুকৰণ কৰিছিল৷ যদি মহামাৰীৰ পাছত গুজৰাটৰ ২০২১-২২ বৰ্ষৰ জিডিপিত অৱনমিত হৈছিল, সৰ্বভাৰতীয় জিডিপিও অৱনমিত হৈছিল৷ গুজৰাটে কালি যি কৰিছিল, ভাৰতে কাইলৈ কৰিব৷ আৰু তাৰ ফলাফল কেনে হ’ব সেয়াও সহজে অনুমেয়৷ 

ভাৰতে গুজৰাটৰ পৰা গ্ৰহণ কৰিব পৰা আন এটা কথা হ’ল ‘ক্ষমা বিচৰাৰ নিয়ম নাই, পদত্যাগৰো নিয়ম নাই’ৰ নীতি৷ মৰবি দলং খহি পৰি ৫৩ টা শিশুসহ ১৩৫ গৰাকী লোকৰ মৃত্যু ঘটিছে৷ দুৰ্ঘটনাটোৰ পিছত প্ৰধানমন্ত্ৰীক সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ আহ্বান জনোৱা হৈছিল৷ তেওঁ তেনে নকৰিলে৷ উচ্ছ ন্যায়ালয়ে এনেবোৰ কথা আঙুলিয়াই দিছিল যে দলং মেৰামতিৰ বাবে মাত্ৰ এক পৃষ্ঠাতকৈ সামান্য বেছি পৃষ্ঠাৰ চুক্তি আছিল; তাত কোম্পানীৰ কোনো আগ্ৰহৰ কথা পৰিস্ফূত হোৱা নাছিল; কোনো নিবিদা আহ্বান কৰা হোৱা নাছিল; মেৰামতি কৰা কোম্পানীৰ কোনো প্ৰাক-অৰ্হতা নাছিল; কোনো প্ৰতিযোগিতামূলক নিবিদা নাছিল; কোনো চৰ্ত বান্ধি দিয়া হোৱা নাছিল; দলংখনত নতুনকৈ ৰঙৰ প্ৰলেপ সনাৰ পাছত কোনো ফিটনেছ প্ৰমাণ-পত্ৰ দিয়া হোৱা নাছিল [তথাকথিত মেৰামতি]; ইমানৰ পাছতো  দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল৷ এক কথাত ক’বলৈ গ’লে গুজৰাটে ‘ক্ষমা বিচৰিবলগীয়াও নাই আৰু কোনো পদত্যাগৰ কথাও নাই’ নীতিত বিশ্বাস কৰে৷ ভৱিষ্যতে সমগ্ৰ ভাৰতেও কোনো দায়বদ্ধতা নথকা এই নীতি অনুসৰণ কৰিব৷ 

সিংহই যিদৰে গৌৰৱ কৰিব পাৰে [মূলতঃ গিৰ অৰণ্যৰ সিংহই], সংখ্যাৰ দিশৰ পৰা গুজৰাটেও গৌৰৱ কৰিব পাৰে৷ তেনে সংখ্যাবোৰে গুজৰাটী অস্মিতা [গৌৰৱ] বৃদ্ধি কৰিছে৷ উদাহৰণস্বৰূপে গুজৰাটত  প্ৰতিশ্ৰুতি দিয়া বিনিয়োগ আৰু প্ৰকৃত বিনিয়োগৰ এই তালিকাখনলৈ চাওকঃ

বছৰ     প্ৰতিশ্ৰুতি  দিয়া বিনিয়োগ         প্ৰকৃত বিনিয়োগ

                    [কোটি টকাত] 

২০০৩           ৬৬, ০৬৮                                   ৩০, ৭৪৬       

২০০৫            ১, ০৬, ১৬০                                 ৩৭, ৯৩৯

২০০৭          ৪, ৬৫, ৩০৯                                ১, ০৭, ৮৯৭         

২০০৯           ১২, ৩৯, ৫৬২                                ১, ০৪, ৫৯০      

২০১১          ২০, ৮৩, ০৪৭                                ২৯, ৮১৩      

প্ৰতিশ্ৰুতি আৰু বাস্তৱৰ মাজৰ ব্যৱধান বৃদ্ধি হোৱাৰ লগে লগে ভাৰতৰ গৌৰৱো বৃদ্ধি পাব৷

মহিলা, যুৱ আৰু শিশুৰ প্ৰসংগ 

গুজৰাট হৈছে কন্যা সন্তানৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ সৈতে কেনেদৰে আচৰণ কৰিব লাগে তাৰ এক আৰ্হি৷ সৰ্বভাৰতীয় গড় ৯৪৩ ৰ বিপৰীতে লিংগ অনুপাত [মহিলাৰ পৰা পুৰুষলৈ] হৈছে ৯১৯৷ যদিও শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ [এলপিএফ] হৈছে ৪১.০ শতাংশ, মহিলাসকলৰ বাবে এলপিএফ হৈছে ২৩.৪ শতাংশ৷ সন্ধানহীন ছোৱালীবোৰ ক’ত আছে? আৰু যদি তেওঁলোক জীয়াই আছে তথাপিও ৭৬ শতাংশই তেওঁলোকৰ ঘৰৰ বাহিৰত কাম কৰিবলৈ নাযায়৷ অৰ্থাৎ তেওঁলোকে কাম পোৱা নাই৷

গুজৰাট মডেলে যুৱকসকলক কামৰ সুবিধা নিদিয়ে৷ ৰাজ্যখনত ২০-২৪ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ হৈছে ১২.৪৯ শতাংশ৷ নিৰ্বাচনৰ আগতে তেওঁলোকক ভালদৰেই বিশ্ৰাম দিয়া হৈছে৷ 

গুজৰাট হৈছে শিশুসকলৰ পুষ্টি আৰু স্বাস্থ্যৰ যত্ন লোৱাৰ এক আৰ্হি৷ শিশুসকলৰ ভিতৰত ৩৯ শতাংশৰ বৃদ্ধি অস্বাভাৱিক আৰু ৩৯.৭ শতাংশৰ ওজন কম৷ অপচয় হোৱা শিশুৰ পৰিমাণ ২৫.১ শতাংশ৷ শিশুৰ বিকাৰ সূচকবোৰত গুজৰাট ভাৰতৰ ৩০ খন ৰাজ্যৰ ভিতৰত ২৬ ৰ পৰা ২৯ ৰ ভিতৰত আছে৷ 

গুজৰাট মডেলে আৰ এছ এছৰ ‘এই দেশত বাস কৰা সকলো ভাৰতীয় হিন্দু’ বুলি বিশ্বস্ততাৰে গ্ৰহণ কৰা নীতি অনুসৰণ কৰিছিল৷ ফলস্বৰূপে, ৰাজ্যখনৰ জনসংখ্যাৰ ৯.৬৭ শতাংশ মুছলমানো হিন্দু৷ সেয়েহে, গুজৰাট মডেলৰ অধীনত বিজেপিয়ে ১৯৯৫ চনৰ পৰা বিধানসভা নিৰ্বাচনত এজন মুছলমান প্ৰাৰ্থীক [১৮২ খন আসনত] প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই৷

গুজৰাট মডেলটো আন ৰাজ্য আৰু আন দেশলৈও ৰপ্তানি কৰা উচিত৷ গুজৰাট মডেলৰ বাবে এটা ভোটে সেই লক্ষ্যবোৰ পূৰণ কৰাত নিশ্চিতভাৱে সহায় কৰিব৷ কিমাশ্চৰ্যম