Logo
image

আমাৰ জনমূৰি আয় ভাল, ভাৰতলৈ অনুপ্ৰৱেশ নহয়!

আমাৰ অসম, ২৬ ডিচেম্বৰঃ বাংলাদেশৰ পৰা অসমকে ধৰি ভাৰতৰ আন ৰাজ্যলৈ বৰ্তমান অনুপ্ৰৱেশকাৰী অহাৰ প্ৰশ্নই নুঠে৷ কিয়নো বাংলাদেশৰ বৰ্তমান ৰাজনৈতিক অৱস্থা বহুখিনি উন্নত হৈছে আৰু কৰ্মসংস্থাপনৰ লগতে দেশখনৰ জিডিপিও বহুখিনি উন্নত হৈছে৷ এই মন্তব্য বাংলাদেশৰ আন্তৰ্জাতিক সীমান্তৰ পহৰাৰ দায়িত্বত থকা বৰ্ডাৰ গাৰ্ড বাংলাদেশ চমুকৈ বি জি বিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ছাফিনুল ইছলামৰ৷ শুকুৰবাৰে ভাৰতৰ সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত বি এছ এফ-বিজিবিৰ মাজত ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৪২তম সংখ্যক চাৰিদিনীয়া সমন্বয় সন্মিলনৰ সামৰণিত অনুষ্ঠিত এক যৌথ সংবাদ মেলত অংশ লৈ এই মন্তব্য আগবঢ়ায় বিজিবিৰ সঞ্চালক প্ৰধান চাফনুল ইছলামে৷ সাংবাদিকৰে সৈতে বাৰ্তালাপত ছাফিনুল ইছলামে কয়– বৰ্তমান বাংলাদেশৰ জনমূৰি আয় ভাৰততকৈ কিছু বেছি৷ যাৰ বাবে অসমৰ বহু দল-সংগঠনে দাবী কৰাৰ দৰে বাংলাদেশী অসম বা ভাৰতলৈ অহা নাই বা নাহে৷ দুয়োখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুয়োফালে থকা বহু অঞ্চলৰ ধৰ্ম, ভাষা, সংস্কৃতি, একে হোৱা বাবে বহুতে তেওঁলোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি সন্দেহ কৰে৷ কিন্তু বাস্তৱত সত্য নহয়৷ বৰ্তমান বাংলাদেশৰ জিডিপি ২,৩০০ ডলাৰলৈ উঠিছে আৰু দেশখনৰ অৰ্থনৈতিক পৰিকাঠামো বহুখিনি উন্নত হৈছে৷ যাৰ বাবে কামৰ সন্ধানত অসম বা ভাৰতলৈ বাংলাদেশী নাহে৷ দুয়োখন দেশৰ সীমান্তত চলি থকা অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে বি এছ এফৰ সৈতে সহযোগিতাৰে কাম কৰা হ’ব৷ বৰ্তমান বিজিবিয়ে সীমান্তত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ২০১৮ চনত ৩জন, ২০১৯ চনত ৩৫জন আৰু চলিত বৰ্ষত ১৮ ডিচেম্বৰলৈকে ৪৮ জন চোৰাং সৰবৰাহকাৰী বিজিবিৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হৈছে৷ তেনেদৰে সীমান্তত নিশাৰ ভাগত তহলৰ ব্যৱস্থা পূৰ্বতকৈ শক্তিশালী কৰা হৈছে৷ অৱশ্যে ৰোহিংগীয়া শৰণাৰ্থীৰ ভাৰতত অনুপ্ৰৱেশ কৰা বিষয়টো স্বীকাৰ কৰি বিজিবিৰ সঞ্চালকপ্ৰধানজনে ৰোহিংগীয়া সকল অকল ভাৰততে নহয়, দক্ষিণ-পূব এছিয়াকে ধৰি বিশ্বৰ বিভিন্ন দেশলৈ অনুপ্ৰৱেশ কৰিছে বুলি ব্যক্ত কৰে৷ আনহাতে সংবাদ মেলত বি এছ এফৰ সঞ্চালকপ্ৰধান ৰাকেশ আস্থানাই কয় আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি চোৰাং কাৰবাৰ ৰোধ কৰাৰ বাবে বিজিবিৰ সৈতে সহযোগিতাৰে কাম কৰাৰ বাবে সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বিশেষকৈ গৰু আৰু নিচাযুক্ত টেবলেটৰ চোৰাং বেহা ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ২৫ ডিচেম্বৰ পৰ্যন্ত অসমত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱা ৩,২০৪জন বাংলাদেশীক আটক কৰা হৈছে৷ ইয়াৰ বেছিভাগেই গৰুৰ চোৰাং বেহাৰ লগত জড়িত৷ বৰ্তমান নিশাৰ ভাগত বিজিবিৰ বি এছ এফৰ সীমান্তত যৌথ পহৰাৰ ব্যৱস্থা কৰি অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱা হৈছে বুলি বি এছ এফৰ সঞ্চালক প্ৰধানজনে সদৰি কৰে৷ উল্লেখ্য, সন্মিলনত সীমান্তৰ পৰিস্থিতি স্বাভাৱিক কৰি ৰখাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷