Logo
image

আজিৰ পৰা যোৰহাটত অসম গ্ৰন্থমেলা

ডিজিটেল ডেস্ক : দহ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত, যোৰহাটৰ অসম শৈক্ষিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা৷ ইতিমধ্যে কাছাৰী ময়দানত গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ আজি এখন সংবাদমেল অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে ধেমাজি আৰু নলবাৰীত অসম গ্ৰন্থমেলাৰ সফল সামৰণিৰ পাছত যোৰহাটত এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে৷ এই গ্ৰন্থমেলাত অসমৰ উপৰিও ৰাজ্যৰ বাহিৰৰ ৫০টা প্ৰকাশন গোষ্ঠীৰ মুঠ ১২০খন বিপণী থাকিব৷ সচিব কলিতাই অসম গ্ৰন্থমেলা, যোৰহাটলৈ সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰি কয় “ কাইলৈ বিয়লি ৪.০০ বজাত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ গ্ৰন্থমেলা উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছে৷ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুক৷ সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিশিষ্ট লেখক ড॰ কুলদ্বীপ চান্দ অগ্নিহোত্ৰী৷ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক, ভাষাতত্ত্ববিদ নাহেন্দ্ৰ পাদুন আৰু নতুন দিল্লীৰ বিশিষ্ট লেখক-গৱেষক আৰ্শিয়া শেঠীয়ে৷” তদুপৰি দহ দিনীয়া অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী সদৰী কৰি তেওঁ কয় যে প্ৰতিদিনেই ভাষা-সাহিত্য আৰু সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত আলোচনা-সত্ৰ অনুষ্ঠিত হ’ব৷ ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে ৩ ডিচেম্বৰৰ বিয়লি ১.০০ বজাত “ডিজিটেল যুগ আৰু গ্ৰন্থ চৰ্চা”, ৪ ডিচেম্বৰৰ পুৱা ১০ বজাত “মুকুতা” আলোচনীৰ উদ্যোগত শিশুৰ দিন, ৫ ডিচেম্বৰৰ বিয়লি ১.০০ বজাত “গ্ৰন্থ পঠনঃ আনন্দ আৰু অন্বেষণ”, ৬ ডিচেম্বৰৰ বিয়লি ১.০০ বজাত “সাহিত্য-সংস্কৃতিৰ সমৃদ্ধিত যোৰহাটৰ ভূমিকা”, ৭ ডিচেম্বৰৰ বিয়লি ১.০০ বজাত  “যোৰহাটৰ গ্ৰন্থ প্ৰকাশৰ ইতিহাস আৰু বিকাশ”, ৮  ডিচেম্বৰৰ বিয়লি ১.০০ বজাত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে বিশেষ অনুষ্ঠান “সৰ্বভাৰতীয় স্তৰত অসমৰ ইতিহাস প্ৰতিষ্ঠাৰ প্ৰয়াস”, ৯ ডিচেম্বৰৰ বিয়লি ১.০০ বজাত “অসমীয়া বিজ্ঞান সাহিত্যৰ সমস্যা আৰু সম্ভাৱনা”, ১০ ডিচেম্বৰৰ বিয়লি ১.০০ বজাত সাহিত্য-আলচ [লেখক-পাঠকৰ সমাৰোহ],  ৩.০০ বজাত “প্ৰকাশ”ৰ উদ্যোগত গল্পৰ আবেলি শীৰ্ষক অনুষ্ঠান৷ ১১ ডিচেম্বৰৰ বিয়লি ৩.০০ বজাত অসম গ্ৰন্থমেলা, যোাহাটৰ সামৰণী অনুষ্ঠানলৈ মুখ্য অতিথি হিচাপে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুক আমন্ত্ৰণ জনোৱা হৈছে৷ সামৰণী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড॰ ননী গোপাল মহন্ত, বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো৷ গ্ৰন্থমেলাৰ প্ৰতি সন্ধিয়া আয়োজিত হ’ব মনপৰশা সাংস্কৃতিক অনুষ্ঠান৷ সচিব দেউৰীয়ে লগতে জানিবলৈ দিয়া মতে, ২৯ ডিচেম্বৰৰপৰা গুৱাহাটীত অনুষ্ঠিতব্য অসম গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰকাশন আৰু গ্ৰন্থ বিক্ৰেতাৰ বাবে বিপণীৰ আৱেদন পত্ৰ  ২ ডিচেম্বৰৰ পৰা মুকলি কৰা হ’ব৷ আৱেদন পত্ৰ www.publicationboardassam.com ৱেবছাইট উপলব্ধ হোৱাৰ উপৰিও গুৱাহাটীৰ বামুণী মৈদামত অৱস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয় আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ পাণবজাৰস্থিত কাৰ্যালয়ৰ পৰাও সংগ্ৰহ কৰিব পাৰিব৷ সংবাদ মেলত অসম শৈক্ষিক কেন্দ্ৰৰ সম্পাদক ৰমেন গগৈ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম চৌধুৰীও উপস্থিত থাকে৷