Logo
image

ডিএলএডৰ নামত শিক্ষা বিভাগত ভয়ংকৰ জালিয়াতি : হাজাৰ হাজাৰ শিক্ষক-প্ৰশিক্ষাৰ্থীৰ ভৱিষ্যৎ সংকটাকীৰ্ণ

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : ৰাজ্যৰ শিক্ষা বিভাগত সংঘটিত হৈছে এটা ভয়ংকৰ কেলেংকাৰি৷ ডিএলএডৰ নামত সংঘটিত জালিয়াতিক কেন্দ্ৰ কৰিয়েই এই কেলেংকাৰি সংঘটিত হৈছে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সমগ্ৰ ঘটনাপ্ৰৱাহত জৰুৰীভাৱে হস্তক্ষেপ কৰি সমস্যাৰ সমাধান নকৰিলে এই কেলেংকাৰিৰ পৰিসৰ আৰু অধিক বৃদ্ধি পাব৷ উল্লেখ্য, শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ অনীহা আৰু অদূৰদৰ্শী পৰিকল্পনা নতুন কথা নহয় যদিও বৰ্তমান চৰকাৰৰ তৎপৰতাত পূৰ্বৰ শোচনীয় অৱস্থাৰ দ্ৰুত উন্নতি ঘটিছে৷ লক্ষণীয়ভাৱে হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ সংস্কাৰ অভিযানত প্ৰধান অন্তৰায় হিচাপে থিয় দিছে শিক্ষা বিভাগৰে একাংশ শীৰ্ষ-জ্যেষ্ঠ বিষয়া৷ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ সংস্কাৰ অভিযানলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰা একাংশ বিষয়াৰ বাবে আঠ সহস্ৰাধিক মেধাবী শিক্ষক প্ৰশিক্ষাৰ্থীৰ জীৱনলৈ কাল অমানিশা নামি আহিছে৷ পূৰ্বৰ শিক্ষামন্ত্ৰী তথা¸ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশকো অংগুষ্ঠ দেখুৱাই কেইজনমান প্ৰভাৱশালী বিষয়াই বিগত চাৰি বছৰে অনুষ্ঠিত নকৰিলে ডি. এল. এডৰ চূড়ান্ত পৰীক্ষা৷ ফলত পঞ্জীয়নভূক্ত ২,৭১০গৰাকী আৰু অ-পঞ্জীয়নভুক্ত ৫,৪৪৭ গৰাকী শিক্ষক-প্ৰশিক্ষাৰ্থী ডি.এল.এড পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে৷ উল্লেখযোগ্য যে DE.EL.Ed, ODL (Open and Distance Learning) পাঠ্যক্ৰম হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ NCTEৰ দ্বাৰা অনুমোদিত আৰু ৰাজ্য চৰকাৰৰ Scertৰ দ্বাৰা পৰিচালিত দুবছৰীয়া শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰম– যিটো ভাৰতবৰ্ষৰ ৰাজ্যসমূহত ২০১৭-১৯ বৰ্ষৰ বাবে কাৰ্যকৰী কৰা হয়৷ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সময় পাঁচ বছৰ৷ পাঠ্যক্ৰমত নামভৰ্ত্তিৰ শেষ সীমা মাৰ্চ, ২০১৭ আৰু পঞ্জীয়নৰ শেষ সীমা অক্টোবৰ, ২০১৭৷ কিন্তু অসমত ই কিছু পলমকৈ ২০১৭ চনৰ শেষৰ ফালে চৰকাৰী শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠানসমূহত আৰম্ভ হয়৷ কিন্তু পৰৱৰ্ত্তী পযাৰ্য়ত Scert, DE.EL.Ed (ODL)ৰ কেইজনমান দুন¹তিগ্ৰস্ত বিষয়াৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোৱে অন্য ৰূপ লাভ কৰে৷ সংশ্লিষ্ট বিষয়াসকলে প্ৰথম বেট্‌ছটোৰ প্ৰায় এবছৰৰ পাছত অথাৰ্ৎ ২০১৮ চনৰ এপ্ৰিলত ২০০ৰো অধিক চৰকাৰী আৰু ব্যক্তিগত অ-শিক্ষণ প্ৰশিক্ষণ অনুষ্ঠানক নিজাববীয়াকৈ আহ্বান জনাই কোনো ধৰণৰ পাঠ্যক্ৰমৰ শিক্ষাবৰ্ষ উল্লেখ নথকা Special Batch হিচাপে অনুমতি পত্ৰ প্ৰদান কৰি অধ্যয়ন কেন্দ্ৰৰ দায়িত্ব অৰ্পন কৰে৷ এই ক্ষেত্ৰত Scert কতৃৰ্পক্ষৰ ভূমিকাও সন্দেহৰ ঊধবৰ্ত নহয়৷ Scert (ODL)ৰ নিৰ্দেশ মৰ্মে Special Batchৰ অধ্যয়ন কেন্দ্ৰ সমূহত ২০১৮ চনৰ আগষ্ট মাহৰ পৰা নামভৰ্ত্তি আৰম্ভ হৈ Counsellng, Contact Classes, Workshops, School Based Activities, Assignments আদি সকলো কাৰ্যসূচী সমাপ্ত কৰাৰ অন্তত সম্পূৰ্ণ মাচুল আদায় দিয়া প্ৰশিক্ষাৰ্থীসকল পঞ্জীয়নভূক্ত হৈ (যিহেতু পঞ্জীয়ন নং আৰু প্ৰৱেশ পত্ৰ একে সময়তে প্ৰদান কৰাৰ ব্যৱস্থা আছিল৷ নামভৰ্ত্তিৰ প্ৰক্ৰিয়া Offline হোৱাৰ বাবে পৰীক্ষাৰ দুই বা তিনিদিন আগতেহে পঞ্জীয়নৰ ব্যৱস্থা ODL-এ কৰিছিল) প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে ২০১৯ চনৰ জানুৱাৰী মাহত চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ সেইদৰেই ২০১৯ চনৰ মাৰ্চ মাহত উক্ত প্ৰশিক্ষাথ¹সকল প্ৰথম বাৰ্ষিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ তেনেদৰেই Special Batchৰ অধিকাংশ প্ৰশিক্ষাথ¹য়ে পাঁচ-ছয় মাহৰ ভিতৰত দুবছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰাৰ লগতে বহুসংখ্যক প্ৰশিক্ষাৰ্থীয়ে ২০১৯ চনৰ চেপ্তেম্বৰত অনুষ্ঠিত টে’ট পৰীক্ষাত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ অধীনত সম্পূৰ্ণ মেধাৰ ভিত্তিত চাকৰি লাভ কৰাৰ বিপৰীতে উক্ত বৰ্ষতে নামভৰ্ত্তি কৰি প্ৰথম বৰ্ষৰ মাচুল আদায় দি আৰ্থিক অসুবিধাৰ বাবে সম্পূৰ্ণ মাচুল আদায় দিব নোৱৰা অথচ টে’ট উত্তীৰ্ণ প্ৰশিক্ষাৰ্থীসকল আজিকোপতি নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে৷ Left out হিচাপে বিবেচিত অধিকাংশ প্ৰশিক্ষাৰ্থীয়েই নূন্যতম বেতনভোগী, দৰিদ্ৰ পৰিয়ালৰ আৰু বাকীসকল শিক্ষা মিত্ৰ৷ সময়ৰ ব্যৱধান কম হোৱা হেতুকে তেওঁলোকে সম্পূৰ্ণ মাচুল আদায় দিব পৰা নাছিল৷ এই সন্দৰ্ভত অধ্যয়ন কেন্দ্ৰৰ সমন্বয়কসকলে তেওঁলোকক দায়িত্ব প্ৰদান কৰাৰ নিৰ্দেশত স্বাক্ষৰ কৰা বিষয়াসকলক যোগাযোগ কৰাত তেওঁলোকে Special Batchৰ পৰীক্ষা Specialভাৱে Back logৰ লগত অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষাৰ আগতে পঞ্জীয়নৰ ব্যৱস্থাৰ আশ্বাস দিয়ে৷ কিন্তু  ক’ভিড আৰু ‘কা’ পৰিস্থিতিৰ বাবে যোগাযোগ পাতল হোৱাত দুবাৰকৈ ক্ৰমে ২০২০ আৰু ২০২১ চনত দুটাকৈ Back log পৰীক্ষা অনুষ্ঠিত কৰে যদিও অ-পঞ্জীয়নভুক্ত প্ৰশিক্ষাৰ্থীৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ উল্লেখনীয় যে সমান্তৰালভাৱে চলা NIOS DE.EL.Ed (দুবছৰীয়া)ৰ নামভৰ্ত্তি Online হোৱা হেতুকে চৰকাৰী আৰু ব্যক্তিগত উভয় বিদ্যালয়ৰ শিক্ষকৰ বাবে নিৰ্ধাৰিত সম পৰিমাণৰ মাচুল এবাৰতে দিব লাগিছিল যদিও Scert, DE.EL.Ed (ODL)ৰ নামভৰ্ত্তি Offline হোৱা হেতুকে নামভৰ্ত্তিৰ মাচুল ২টা কিস্তিত আদায় দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছিল৷ সেয়েহে Scert, DE.EL.Ed(ODL)ৰ পঞ্জীয়নভুক্ত প্ৰশিক্ষাৰ্থীৰ দুবছৰৰ আৰু অ-পঞ্জীয়নভুক্ত প্ৰশিক্ষাৰ্থীৰ এবছৰৰ মাচুল SBTE, ODL, Scret, Assamৰ Account No-১৮৬১১০১০৫৯৮৪, IFSC-CNRB ০০০১৮৬১ত জমা কৰা হৈছিল৷ তদানীন্তন শিক্ষামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক অধ্যয়ন কেন্দ্ৰৰ সমন্বয়কসকলে বিষয়টো অৱগত কৰোৱাত মন্ত্ৰীগৰাকীয়ে ২০২১ চনৰ ১৭ফেব্ৰুৱাৰীত M/EDU/5 ২০২১নং চিঠিখনৰ জৰিয়তে বিষয়টো Special Case হিচাপে বিবেচনা কৰি সমাধান কৰাৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে৷ সেইমৰ্মে তৎকালীনভাৱে তদানীন্তন সঞ্চালকে Memo No. AEC/২০১৬/৩ March ২০২১/ৰ নিৰ্দেশ পত্ৰৰ যোগেদি অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক সকলক সকলো নথি-পত্ৰ পুনৰ জমা কৰাৰ নিৰ্দেশ দিয়ে৷ ইতিপূৰ্বে অধ্যয়ন কেন্দ্ৰৰ সমন্বয়কসকলে পূৰ্বৰ নিৰ্দেশক্ৰমে নথি-পত্ৰৰ লগতে শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ নিৰ্ধাৰিত মাচুল জমা কৰিছিল৷ আশ্চৰ্যজনক কথাটো এয়ে যে সকলো নথি পত্ৰ, মাচুল সময়মতে জমা কৰাৰ পিছতো সঞ্চালকে স্বাস্থ্যজনিত কাৰণত দীঘলীয়া ছুটী লৈ বিষয়টো আওকান কৰিলে– যাৰ ফলত সম্পূৰ্ণ প্ৰস্তুতিৰ পাছতো পৰীক্ষা অনুষ্ঠিত নহ’ল৷ ইতিমধ্যে পূৰ্বৰ ৰাজ্যিক সমন্বয়ক তথা অতিৰিক্ত সঞ্চালকে অৱসৰ গ্ৰহণ কৰে আৰু কাৰ্যবাহী অধ্যক্ষ তথা সঞ্চালক আন বিভাগলৈ বদলি হৈ যায়৷ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়কসকলে DE.EL.Ed (OLD) ২০১৭-২০১৯ পাঠ্যক্ৰমৰ মুখ্য যোগাযোগকাৰী বিষয়াক ২০২২ চনৰ ১১ জানুৱাৰীত দিয়া আবেদনযোগে সকলো তথ্য বিতংভাবে নথিপত্ৰসহ যোগান ধৰে যদিও তেখেতৰ পৰা কোনো সঁহাৰি নাপালে৷ উল্লেখযোগ্য যে প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে সৰ্বমুঠ পাঁচবাৰকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা পোৱাটো বাধ্যতামূলক যদিও ২০১৮ চনত নামভৰ্ত্তি কৰা পঞ্জীয়নভুক্ত প্ৰশিক্ষাৰ্থীসকলৰ একাংশৰ ক্ষেত্ৰত তিনিটা আৰু একাংশৰ ক্ষেত্ৰত চাৰিটা সুবিধাহে উপলব্ধ হৈছে৷ তদুপৰি ২০২১ চনৰ ২৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত Back log পৰীক্ষাৰ জাননী নূ্যনতম পোন্ধৰ দিনৰ পৰিৱৰ্ত্তে মাত্ৰ চাৰি দিনৰ আগতে দিয়াত ক’ভিডসৃষ্ট পৰিস্থিতিত নিজৰ জিলা বা ৰাজ্যৰ বাহিৰত থকা সৰহসংখ্যক প্ৰশিক্ষাৰ্থী চতুৰ্থটো সুবিধাটোৰ পৰা বঞ্চিত হয়৷ ২,৭১০জন এনে পঞ্জীয়নভুক্ত Back log প্ৰশিক্ষাৰ্থী আছে৷ তেওঁলোকৰ লগতে  ৫,৪৪৭ জন অ-পঞ্জীয়নভুক্ত অথচ মাচুল আদায় দিয়া Left out প্ৰশিক্ষাৰ্থীক একমাত্ৰ আৰু অন্তিম (One time measure only) সুবিধাটো প্ৰদান কৰিলেহে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ শোষণৰ বিপৰীতে শিক্ষাৰ্থীসকলৰ প্ৰায় চাৰিবছৰীয়া অপেক্ষা তথা শাৰীৰিক, মানসিক আৰু আৰ্থিক কষ্টৰ অৱসান ঘটিব৷ অধ্যয়ন কেন্দ্ৰসমূহে যেনে– নমাৰ্ল স্কুল, চতিয়া-৫৬৫, কাজিৰঙা কলেজ, নগাওঁ-৯০, বেহেকাবাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, নগাওঁ-৩৫০, নাওঁকাটা মিলন উচ্ছতৰ মাধ্যমিক বিদ্যালয়, বাগ্‌সা-৬৮৫, বৰজুলি নেহেৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়, বাগ্‌সা, ২৭৬, ইউনাইটেড্‌  ট্ৰাইবেল কলেজ, লক্ষীমপুৰ-২৫১, কামৰূপ এডুকেচন ট্ৰাষ্ট, গুৱাহাটী-৬৪, বীনাপানি উচ্ছ মাধ্যমিক বিদ্যালয়, চিৰাং-১৪৫, বালিপাৰা একাডেমী, বািলপাৰা-২৯৫, সংস্কৃতি জুনিয়ৰ কলেজ, মঙলদৈ-৩৬০, কৌপাটী জাতীয় বিদ্যালয়, বি.টি.চি-২৯০, আদৰ্শ জাতীয় বিদ্যালয়, দৰং-২৯৫, আশ্বিকা ৰিদ্‌ৱান বি.এড কলেজ, বৰপেটা-২৪৭, আলি তাংগানি জুনিয়ৰ কলেজ, নগাওঁ-১৮০, জনতা  জুনিয়ৰ কলেজ, বৰপেটা-২৮৫ আদি অধ্যয়ন কেন্দ্ৰৰ উল্লিখিত শিক্ষক প্ৰশিক্ষাথ¹সকল নামভৰ্ত্তি কৰিও পৰীক্ষাৰ পৰা বঞ্চিত হৈ আছে৷ Back log ২,৭১০ আৰু Left out ৫,৪৪৭ গৰাকী শিক্ষক প্ৰশিক্ষাৰ্থী  Scertৰ দ্বাৰা অনুমোদিত ২০ টা অধ্যয়ন কেন্দ্ৰৰ DE.EL.Ed (ODL) পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে আৰু এইক্ষেত্ৰত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে৷ নিজৰ প্ৰাপ্য বিচাৰি শ্ৰেণীকক্ষ এৰি তেওঁলোক যাতে ৰাজপথলৈ যাব নালাগে, তাৰ দিহা কৰিবৰ বাবে অসম চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক সংশ্লিষ্ট শিক্ষকসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে৷