জি এম ডি এত স্বাৰ্থৰ সংঘাত
... প্ৰাধিকৰণটোৰ বৰ্তমানৰ অধ্যক্ষজন নিজে এজন ব্যৱসায়িক অট্টালিকা নিৰ্মাতা৷ তেওঁক এই প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াটোৱেই অযুক্তিকৰ কথা৷ এইটো এটা দেখদেখ স্বাৰ্থৰ সংঘাতৰ প্ৰশ্ন৷ যিহেতু এই স্বাৰ্থৰ সংঘাতৰ প্ৰশ্নটোক উপেক্ষা কৰি তেওঁক প্ৰাধিকৰণৰ অধ্যক্ষ পতা হ’ল, সেয়ে তেওঁৰ নিযুক্তিৰ আঁৰত যে শাসনাধিষ্ঠিতসকলৰ কোনো কোনো মহলৰ কিবা গুপুত হিচাপ-নিকাচ আছে, সেয়া সহজেই অনুমেয় ...
স্বাৰ্থৰ সংঘাত সন্দৰ্ভত এখন আইন আমাৰ দেশৰ সংসদত গ্ৰহণ কৰাৰ বাবে ‘দি প্ৰিভেনশ্বন এণ্ড মেনেজমেণ্ট অৱ কনফ্লিক্ট অৱ ইণ্টাৰেষ্ট বিল ২০২১’ বুলি এখন বিধেয়ক প্ৰস্তুত কৰা হৈছিল৷ বিধেয়কখন ২০১২ চনৰ ২৭ এপ্ৰিলত সংসদৰ দুয়োখন সদনতে, অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভাত দাখিল কৰা হৈছিল৷ এই বিধেয়কখন তাতোকৈ আৰু আগবঢ়া বুলি কোনো তথ্য আমাৰ হাতত নাই৷
এই বিধেয়কখনৰ দ্বিতীয় অধ্যায়ৰ ৩[১] দফাত কোৱা হৈছিল– ‘ৰাজহুৱাযচৰকাৰী প্ৰকল্পৰ পৰিকল্পনা বা পৰিচালনাত নিয়োজিত কোনো ৰাজহুৱাযচৰকাৰী প্ৰাধিকৰণ বা প্ৰতিষ্ঠানে এনে কোনো বিষয়া, ব্যক্তি বা উপদেষ্টাক নিযুক্তি দিব নালাগে যাৰ ক্ষেত্ৰত জ্ঞাত হোৱা যায় বা পতিয়ন যাব পৰাকৈ যুক্তি থাকে যে তেওঁলোকৰ সৈতে ৰূপায়িত কৰিব খোজা প্ৰকল্পৰ স্বাৰ্থৰ সংঘাত আছে বা হ’ব পাৰে৷
এই বিধেয়কখনৰ নৱম অধ্যায়ৰ ‘ষ্টেটমেণ্ট অৱ অৱজেক্টছ এণ্ড ৰিজন্ছ’ত স্বাৰ্থৰ সংঘাতৰ সূত্ৰ এইদৰে দিয়া হৈছিল– ‘যদিহে সংশ্লিষ্ট ৰাজনৈতিক ব্যক্তি, চৰকাৰী কৰ্মচাৰী, উপদেষ্টা, কাৰিকৰী বিশেষজ্ঞ বা বিজ্ঞানী, বিষয় পাৰদৰ্শী কিম্বা শিক্ষাবিদসকলৰ এনে কোনো বাস্তৱিক বা নিহিত স্বাৰ্থ [সাধাৰণতে আৰ্থিক স্বাৰ্থ] থাকে, যিয়ে তেওঁলোকৰ বাব বা পদ সংক্ৰান্তীয় কাম-কাজ, পৰামৰ্শ ইত্যাদিক প্ৰভাৱান্বিত কৰে বা কৰিব পাৰে, তাকেই স্বাৰ্থৰ সংঘাত বুলি ক’ব পাৰি৷ যেতিয়া কোনো ব্যৱসায়ী গোষ্ঠী বা তেওঁলোকৰ হকে কাম কৰা কোনো প্ৰভাৱ বিস্তাৰকাৰী ব্যক্তি এনেবোৰ ক্ষেত্ৰত জড়িত হৈ পৰে, স্বাৰ্থৰ সংঘাত তেতিয়া আৰু গুৰুতৰ হৈ পৰে৷’
দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ ৰাইজৰ ভোটেৰে নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা বিজেপি দলে এই বিধেয়কখন আইনলৈ ৰূপায়িত কৰাৰ ক্ষেত্ৰত যি তৎপৰতা দেখুৱাব লাগিছিল, সেই তৎপৰতা দেখুওৱাটো বাস্তৱত পৰিলক্ষিত হোৱা নাই৷ আনহাতে, দেশৰ প্ৰান্তে প্ৰান্তে বিভিন্নধৰণৰ ছিণ্ডিকেট, দুৰ্নীতি ইত্যাদিত এই দলৰ নেতা-কৰ্মী, মন্ত্ৰী-সাংসদ, বিধায়ক আদি জড়িত হোৱাৰ অভিযোগ দিনক দিনে বাঢ়ি আহিছে৷
১৯৮৫ চনৰ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ আইনৰ গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথ’ৰিটী এক্টৰ প্ৰস্তাৱনাত কোৱা হৈছে– ‘গুৱাহাটী মহানগৰক বাসোপযোগী আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা, ইয়াৰ বাসিন্দাসকলৰ জনস্বাস্থ্যৰ উন্নতি, নিৰাপত্তা আৰু সমূহীয়া কল্যাণৰ বাবে আৰু ইবোৰৰ সৈতে সংলগ্ন বা আনুষংগিক বিষয়বোৰৰ ক্ষেত্ৰত এই মহানগৰখনৰ পৰিকল্পিত উন্নয়ন নিশ্চিত কৰিবলৈ আঁচনি তথা মাষ্টাৰ প্লেন যুগুতোৱা আৰু ৰূপায়ণ কৰাৰ বাবে, আৰু তেনে আঁচনি আদিৰ ৰূপায়ণৰ কামৰ তদাৰক কৰাৰ বাবে এক প্ৰাধিকৰণ প্ৰতিষ্ঠা কৰাটো বাস্তৱিকতে সমীচীন হ’ব৷’
অৰ্থাৎ, এই প্ৰাধিকৰণৰ জন্মই হৈছিল গুৱাহাটী মহানগৰৰ পৰিকল্পিত উন্নয়নৰ বাবে আঁচনি তথা মাষ্টাৰ প্লেন যুগুতোৱা, ৰূপায়ণ কৰা আৰু সেই কাম-কাজবোৰ তদাৰক কৰাৰ বাবে যাতে এই মহানগৰখন বাসোপযোগী, পৰিষ্কাৰ-পৰিচ্ছন্ন, উন্নত জনস্বাস্থ্যৰ আৰু নিৰাপদ আৰু কল্যাণমুখী হোৱাটো নিশ্চিত হয়৷ তদুপৰি, গুৱাহাটীৰ উন্নয়নৰ বাবে ২০০১ৰ পৰা ২০২৫ চনলৈ যুগুতোৱা মাষ্টাৰ প্লেনখনৰ লক্ষ্য ঘোষণা কৰা হৈছে এইবুলি–‘যিমানদূৰ সম্ভৱ, পাহাৰ, জলাশয় আৰু বিশাল ব্ৰহ্মপুত্ৰ নদক সিবোৰৰ নিভাঁজ ৰূপত সংৰক্ষণ কৰাৰ বাবে৷’
গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ বৰ্তমানৰ অধ্যক্ষজনৰ ক্ষেত্ৰত উত্থাপিত অভিযোগবোৰৰ ভিতৰত দুটা অভিযোগ অত্যন্ত গুৰুত্বপূৰ্ণ৷ সেই দুটা হ’ল– তেওঁ নিজৰ আৰু নিজৰ বন্ধু এজনৰ ব্যৱসায়ীক স্বাৰ্থ সিদ্ধিৰ বাবে প্ৰাধিকৰণক বা ইয়াৰ অধ্যক্ষ হিচাপে তেওঁৰ নিজৰ ক্ষমতাক ব্যৱহাৰ কৰিছে৷ ই দেখদেখকৈ ক্ষমতাৰ অপব্যৱহাৰ৷ কিন্তু, ততোকৈ ডাঙৰ কথাটো হ’ল, প্ৰাধিকৰণটোৰ বৰ্তমানৰ অধ্যক্ষজন নিজে এজন ব্যৱসায়িক অট্টালিকা নিৰ্মাতা৷ তেওঁক এই প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াটোৱেই অযুক্তিকৰ কথা৷ এইটো এটা দেখদেখ স্বাৰ্থৰ সংঘাতৰ প্ৰশ্ন৷ যিহেতু এই স্বাৰ্থৰ সংঘাতৰ প্ৰশ্নটোক উপেক্ষা কৰি তেওঁক প্ৰাধিকৰণৰ অধ্যক্ষ পতা হ’ল, সেয়ে তেওঁৰ নিযুক্তিৰ আঁৰত যে শাসনাধিষ্ঠিতসকলৰ কোনো কোনো মহলৰ কিবা গুপুত হিচাপ-নিকাচ আছে, সেয়া সহজেই অনুমেয়৷ আৰু সেয়ে শিলসাঁকো বিলকেন্দ্ৰিক বৰ্তমানৰ বিতৰ্কটোৰ আৱৰ্তত প্ৰাধিকৰণটোক আজি ইয়াৰ ঘোষিত লক্ষ্যৰ পৰা আওবাটে নিয়াৰ এটা অভিসন্ধিয়ে কাম কৰি আছে বুলি কোনোবাই অভিযোগ কৰিলেও চৰকাৰৰ হাতত আত্মপক্ষ সমৰ্থনৰ বৰ সবল যুক্তি আছে বুলি মনে নধৰে৷