Logo
image

বঞ্চিত নিবনুৱাঃ এক উদ্বেগজনক বিষয়

ৰাজ্যত কৰ্মসংস্থান সৃষ্টি, খালী পদত দুৰ্নীতিমুক্তভাৱে নিযুক্তিৰ দাবীত অলপতে ৰাজ্যৰ বিভিন্ন চহৰত এছ এফ আই, ডি ৱাই এফ আই আদি বাম গণতান্ত্ৰিক সংগঠনসমূহে ‘মোৰ চাকৰি কত’? শীৰ্ষক এক বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে৷ সংগঠনসমূহে শাসনলৈ অহাৰ আগে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে বছৰি ৫ লাখকৈ ৫ বছৰত মুঠ ২৫ লাখ নিবনুৱাক চাকৰি দিব বুলি  প্ৰদান কৰা প্ৰতিশ্ৰুতি অসাৰ হোৱাত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ ৰাজ্যত বৰ্তমান সময়ত নিবনুৱাৰ সংখ্যা ৪০ লাখ অতিক্ৰম কৰাৰ সত্ত্বেও খালী থকা প্ৰায় ৩ লাখ পদ পূৰণ নকৰা, টেট শিক্ষককে ধৰি ঠিকাভিত্তিক শিক্ষকৰ চাকৰি স্থায়ী নকৰা আদিৰ প্ৰতিবাদত সংগঠনসমূহ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈছে৷ এই সংগঠনসমূহৰ উপৰি ‘আছু, আটাছু, যুৱ-ছাত্ৰ পৰিষদ আৰু অন্যান্য বহু সংগঠনে নিবনুৱাক সংস্থান দিয়া, চাকৰি প্ৰদান আদিক লৈ সময়ে সময়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ উল্লেখ্য সৰ্বভাৰতীয় প্ৰেক্ষাপটতো দেশত বিভিন্ন প্ৰতিষ্ঠান, উদ্যোগৰ দ্বাৰা চাকৰি সংকোচন, কৰ্মৰত লোকক চাকৰিৰ পৰা অব্যাহতি, চৰকাৰী বিভাগসমূহত নতুন পদ সৃষ্টিত ব্যৰ্থতা আদিক লৈ সৰ্বত্ৰ ক্ষোভ, অসন্তুষ্টি অব্যাহত আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নেতৃত্বাধীন বিজেপিৰ প্ৰথম চৰকাৰ গঠনৰ সময়তে বছৰি ২ কোটি নিবনুৱাক সংস্থান দিয়াৰ ঘোষণা কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ এই ঘোষণাক লৈ দেশৰ লক্ষ লক্ষ নিবনুৱা আশ্বস্ত হৈছিল৷ কিন্তু সময়ৰ লগে লগে এই ঘোষণা কাৰ্যকৰী হোৱাৰ পৰিৱৰ্তে চৰকাৰে ওলোটা খৰহে মাৰিবলৈ আৰম্ভ কৰিলে৷ বছৰি ২ কোটি চাকৰি সৃষ্টিৰ পৰিৱৰ্তে চাকৰি কৰ্তনতহে অগ্ৰাধিকাৰ দিয়া হ’ল৷ চলিত বৰ্ষত ক’ভিড-১৯ অতিমাৰীৰ বিভীষিকাৰ বাবে সেৱা খণ্ড, নিৰ্মাণ খণ্ড, কৃষি খণ্ড, অট’মবাইল আদিৰ ব্যাপক ক্ষতি-লোকচান হোৱাৰ ফলত ইয়াত নিয়োজিত লক্ষ লক্ষ লোকে কৰ্মসংস্থান হেৰুৱালে৷ বৰ্তমান পৰিস্থিতি সামান্য উন্নতি হৈছে যদিও নতুনকৈ বিৱৰ্তন হোৱা কৰ’না ভাইৰাছে কি ৰূপ ধৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ গতিধাৰা৷ অসমৰ পৰিস্থিতি লক্ষ্য কৰিলে দেখা যায় যে উদ্যোগৰ ক্ষেত্ৰত ৰাজ্যখনৰ পৰিস্থিতি এতিয়া অধিক শোচনীয় ৰূপ ধাৰণ কৰিছে৷ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ প্ৰায় ৪০টা উদ্যোগ মৃত্যুমুখী হ’ল৷ জাগীৰোডৰ কাগজ কলৰ অকাল মৃত্যুৰ পাছত ৰাইজৰ প্ৰতিবাদলৈ লক্ষ্য ৰাখি ইয়াক পুনৰ জীয়াই তোলা বা ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ কথা চৰকাৰে কৈছিল যদিও কোনোটোৱে কাৰ্যকৰী হোৱা নাই৷ মৰাপাট উদ্যোগ, সূতা কটা কল, বস্ত্ৰ উদ্যোগ, এৰী মুগা আদি সম্ভাৱনাপূৰ্ণ উদ্যোগ-বাণিজ্যসমূহৰো পয়ালগা অৱস্থা৷ মহাৰত্ন উদ্যোগৰূপে খ্যাত অ’ এন জি চি’ৰ দ্বাৰা তেল-গেছ উৎপাদন অসমত দিনে দিনে হ্ৰাস পোৱাৰ বাবে ক্ৰমান্বয়ে ই এক ৰুগ্ন উদ্যোগ হোৱাৰ দিশে গতি কৰিছে৷ বিচিপিএল স্থাপনৰ পাছত এই উদ্যোগৰ আলম লৈ বহু ভটিয়নী আৰু আনুষংগিক ক্ষুদ্ৰ উদ্যোগ, ব্যৱসায়-বাণিজ্য গঢ় লৈ উঠিব বুলি  চৰকাৰে ঘোষণা কৰিছিল সেয়াও এই পৰ্যন্ত নহ’ল৷ বৰ্তমান কৃষকৰ বিপ্লৱক লৈ দেশজুৰি সৃষ্টি হোৱা উত্তাল পৰিস্থিতিৰ এতিয়াও শামকটা নাই৷ চৰকাৰে প্ৰযোজ্য কৰা তিনিখন বিলক লৈ কৃষকসকলে জোৰদাৰ আন্দোলন কৰিছে যদিও অসমৰ কৃষকে পঞ্জাব, হাৰিয়ানা আদিৰ কৃষকে পূৰ্বতে লাভ কৰা সা-সুবিধাসমূহকে পাবলৈ এতিয়াও বহু বাকী৷ কৃষি বিভাগে বছৰি দুটা খেতি কৰাৰ কথা কয়, কিন্তু মূৰৰ ঘাম মাটিত পেলাই খেতি কৰাৰ পাছতো ধানৰ মূল্য চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যতকৈ বহু কমত কৃষকে বিক্ৰী কৰিব লগা হয়৷ অসমত এতিয়া ধানতকৈ তুঁহৰ মূল্য বহু বেছি৷ এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত নতুন প্ৰজন্মই কি সাহেৰে কৃষিকৰ্ম কৰিব, সেয়া প্ৰশ্নৰ বিষয়৷ অসমত পৰ্যটন উদ্যোগত বহু সম্ভাৱনা আছে যদিও এই উদ্যোগে আশাপ্ৰদভাৱে অগ্ৰসৰ হোৱা নাই৷ কৃষি উদ্যোগ, পৰ্যটনৰ এনে অৱস্থাৰ পাছত বৰ্ধিত নিবনুৱাৰ সমস্যাটো অধিক জটিল হৈ পৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসমৰ কলেজ, বিশ্ববিদ্যালয়সমূহৰ পৰা স্নাতক, স্নাতকোত্তৰ, আভিযান্ত্ৰিক আৰু অন্যান্য কাৰিকৰী শিক্ষাৰে শিক্ষিত হৈ চাকৰি বিচাৰি বা আত্মসংস্থাপন বিচাৰি হাবাথুৰি খোৱা লোকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ একাংশ যুৱক-যুৱতীয়ে চৰকাৰে প্ৰদান কৰা ষ্টাৰ্টআপ বা অন্যান্য আঁচনিৰ সহায় লৈ সৰু-সুৰা উদ্যোগ স্থাপনেৰে সফলতা অৰ্জন কৰিছে যদিও এয়া তৰান্বিত হ’বলৈ সময় লাগিব৷ এই কথা সত্য যে কেৱল চাকৰি প্ৰদানৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান নহয়৷ যুৱক-যুৱতীৰ মেধা, যোগ্যতাৰ আধাৰত চাকৰিৰ লগতে উদ্যমিতাৰ দিশত জড়িত কৰিব পাৰিলেহে ৰাজ্যত নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস পাব৷