Logo
image

পৰীক্ষাৰ পূৰ্বেই ‘থেংক ইউ পৰীক্ষা’, এছ আই পৰীক্ষাৰ গাইপতি ৫১ পৰা ৮ লাখ টকা সংগ্ৰহ

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ কেঁচু খান্দোতে ওলাইছে সাপ৷ গুৱাহাটীৰ এটা লজত এদিন পূৰ্বেই অনুষ্ঠিত হৈছিল বহুচৰ্চিত এছ আই পদৰ গোপন পৰীক্ষা৷ প্ৰায় ৫০জনকৈ প্ৰাৰ্থীৰ পৰা ৮ লাখ টকাকৈ ধন লৈ এটা বৃহৎ চক্ৰই ২০ ছেপ্টেম্বৰৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগদিনাই গুৱাহাটীৰ গণেশগুৰি থেংক ইউ লজৰ এটা বিশেষ কোঠাত অনুষ্ঠিত কৰিছিল গোপনে পৰীক্ষা৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল-কাণ্ডৰ দালাল-চক্ৰৰ এজনৰ পাছত আন এজনৰ মুখা খুলিবলৈ আৰম্ভ কৰিছে৷ এছ আই পৰীক্ষাৰ প্ৰাৰ্থীৰ পৰা চাকৰিৰ নামত ধন সংগ্ৰহ কৰা জলসিঞ্চন বিভাগৰ কনিষ্ঠ সহায়ক যুগমী ব্ৰহ্মক গ্ৰেপ্তাৰ কৰাৰ পাছতেই গুৱাহাটী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই কামৰূপৰ বামুন্দীৰ পৰা কুশল দাস নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে৷ এছ আই পদৰ প্ৰাৰ্থী উক্ত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অসম আৰক্ষীৰ এছ টি এফত কৰ্মৰত সঞ্জীৱ শৰ্মা নামৰ লোকজনক গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ সম্প্ৰতি অগ্নিনিৰ্বাপক বাহিনীত ডেপুটেশ্বনত কৰ্মৰত সঞ্জীৱ শৰ্মাৰ মধ্যস্থতাত কুশল দাসে গুৱাহাটীৰ থেংক ইউ নামৰ এটা লজটোত আগতীয়াকৈ অ’এম আৰ শ্বীটত প্ৰশ্নোত্তৰ লিখাৰ ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰে৷ আনহাতে, ধৃত যুগমী ব্ৰহ্মৰ সৈতেও মোবাইলত সঘনে যোগাযোগ ৰাখিছিল গৃহ বিভাগৰ অধীনতে কৰ্মৰত এইগৰাকী কৰ্মচাৰীয়ে৷ প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা দালাল চক্ৰৰ অন্যতম সদস্য সঞ্জীৱ শৰ্মাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে বন বিভাগ, জলসিঞ্চন বিভাগৰ ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ বহু প্ৰশ্নকাকত জব্দ কৰে৷ তদুপৰি আৰক্ষী উপ-পৰিদৰ্শক পদৰ ৩৫খন এডমিট কাৰ্ড জব্দ কৰা বুলিও জানিবলৈ দিছে৷ ইপিনে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুশল দাস আৰু আটক কৰা সঞ্জীৱ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত গণেশগুৰিৰ থেংক ইউ লজত অভিযান চলাই এছ আই পৰীক্ষা এখন হাতে লিখা প্ৰশ্নকাকত আৰু পৰীক্ষাৰ প্ৰশ্ন-উত্তৰ লিখা ব’ৰ্ড জব্দ কৰে৷ ইয়াৰ পাছতেই আৰক্ষীয়ে লজটোৰ স্বত্বাধিকাৰী, মেনেজাৰসহ মুঠ চাৰিজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ তদুপৰি আৰক্ষীয়ে থেংক ইউ লজত পৰীক্ষাৰ এদিন পূৰ্বে কিমানজন প্ৰাৰ্থীয়ে অ’ এম আৰ শ্বীটত প্ৰশ্নোত্তৰ লিখিছিল তাৰ প্ৰকৃত তথ্য উদ্‌ঘাটনৰ বাবে লজৰ চি চি টিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে কম্পিউটাৰ-হাৰ্ডডিস্ক জব্দ কৰে৷ প্ৰাথমিক তদন্তত আৰক্ষী নিশ্চিত হৈছে যে লজটোত ১৯ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৫০জন প্ৰাৰ্থীয়ে এছ আই পৰীক্ষাৰ প্ৰশ্নোত্তৰ কৰিছিল৷ আৰক্ষীয়ে এইসকল প্ৰাৰ্থীক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰাৰ লগতে এই চক্ৰটোৰ আঁৰত জড়িত শীৰ্ষ তথ্য প্ৰভাৱশালী লোকসকলক চিনাক্ত কৰাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে৷ তদন্তকাৰী আৰক্ষীৰ সন্মুখত এটা কথা স্পষ্ট হৈ পৰিছে যে, এই সমগ্ৰ দালাল চক্ৰটোৰ আঁৰত গৃহ বিভাগৰে কোনো শীৰ্ষ বিষয়াৰ সহযোগতেই দুষ্কাৰ্য সংঘটিত হৈছিল৷ এই চক্ৰটোৱে কেনেকৈ প্ৰশ্নকাকতৰ হাতে লিখা প্ৰতিলিপি লাভ কৰিলে আৰু পৰীক্ষাৰ অ’এম আৰ শ্বীট লাভ কৰিলে, তাৰ আঁৰৰ ব্যক্তিৰ সন্ধানত নামি পৰিছে৷ নিশ্চয়কৈ প্ৰশ্ন কাকতৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ ভিতৰৰ কোনো শীৰ্ষ ব্যক্তি বা প্ৰশ্নকাকত জিম্মাত থকা বিভিন্ন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া বা অ’এম আৰ শ্বীট প্ৰচেছিং প্ৰক্ৰিয়াৰ সৈতে সম্বন্ধ থকা ঠিকাদাৰী প্ৰতিষ্ঠানৰ কোনো ব্যক্তি জড়িত থকা এক প্ৰকাৰ খাটাং হৈ পৰিছে৷ অৱশ্যে, সঠিক তদন্তইহে দালাল চক্ৰটোৰ নায়কক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব তদন্তকাৰী আৰক্ষী৷ কিন্তু কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত আৰক্ষীয়ে তদন্তক আৰু কিমান দূৰলৈ আগুৱাই নিব সেয়া সময়তহে নিশ্চিত হ’ব৷ কিয়নো অসম আৰক্ষীৰ চাকৰি বজাৰ-কাণ্ডত দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ এগৰাকী প্ৰভাৱশালী বিষয়াৰ ভ্ৰাতৃয়ে নামনি অসমৰ বিভিন্ন প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল বুলিও মুকলি অভিযোগ উত্থাপন হৈছে৷