Logo
image

শোকাৱহ : লাহৰীঘাটত নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৩জনৰ মৃত্যু

ডিজিটেল সংবাদ, ভূৰাগাঁও:মৰিগাঁও জিলাৰ লাহৰীঘাটত এক শোকাৱহ ঘটনা সংঘটিত হৈছে৷ লাহৰীঘাটত ব্ৰহ্মপুত্ৰত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰে তিনিজনকৈ লোকৰ মৃত্যু হয়৷ ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ গ'ল  মাতৃ, পুত্ৰ আৰু কন্যাসহ তিনিজনৰ। 

দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজন ক্ৰমে বিমলা খাতুন, জিন্নাতুল ইছলাম আৰু ইচতাৰা খাতুন। লাহৰীঘাটৰ হামু চাপৰিত সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনা। হামু চাপৰিৰ পৰা দুপৰীয়া বিয়া খাবলৈ টুলুঙা নাৱেৰে আন এখন চাপৰিত গৈ থকা অৱস্থাতে দুৰ্ঘটনা সংঘটিত হয়। 

উল্লেখ্য যে টুলুঙা নাৱখনত আছিল ৯ জনকৈ লোক৷ নাৱত থকা আন লোকসকলে সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ'ল যদিও মুহূৰ্তৰ ভিতৰতে নিঃশেষ হল এটি পৰিয়াল। ইতিমধ্যে তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চৰাঞ্চলত ব্ৰহ্মপুত্ৰত যাতায়তৰ বাবে উন্নত মেচিন নাৱৰ ব্যৱস্থা নথকাৰ বাবে এনেধৰনৰ ভয়ংকৰ দুৰ্ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে।