Logo
image

নগাঁৱত ভয়ংকৰ কাণ্ড : নিচাসক্তই জুই লগালে কাঠৰ দলঙত

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড৷  অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সমীপৰ পৰা উত্তৰ হয়বৰগাঁৱৰ নগাঁও ছোৱালী মহাবিদ্যালয় সংযোগী কাঠৰ দলঙত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷

স্থানীয় লোকে তৎপৰতাৰে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কাঠৰ দলঙখনৰ ওচৰতে থকা জাবৰৰ দ'ম এটাৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত হয়  ৷ স্থানীয় লোকৰ সন্দেহ অনুসৰি কোনো নিচাসক্তই জাবৰৰ দ'ম অগ্নিসংযোগ কৰাৰ ফলত জুই সম্প্ৰসাৰিত হৈ কাষতে থকা দলঙখনত জুই লাগে ৷ 

উল্লেখ্য, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত থকা কাঠৰ দলঙখন ওপৰত একাংশ  নিচাসক্ত উদণ্ড-উশৃংখল যুৱকৰ আড্ডাস্থলীলৈ পৰিণত হৈছে৷ দলঙখনৰ ওচৰতে একাংশ যুৱকে গাঞ্জা, ড্ৰাগ, মদ আদি সেৱন কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে ৷ দলঙখনৰে পদব্ৰজে মহাবিদ্যালয়লৈ ছাত্ৰীসকল অহা-যোৱা কৰোতে যুৱকৰ অশ্লীল বাক্যবান- ইংগিতৰ সন্মুখীন হ'বলগীয়া হয়। এই সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক বাৰম্বাৰ অভিযোগ দি আহিছে যদিও আৰক্ষীয়ে কোনো বিশেষ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷