Logo
image

তহবিল শূন্যপ্ৰায়! বাঢ়িছে ঋণ

ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ: এফালে ৰাজকোষ, অসম চৰকাৰৰ তহবিল প্ৰায় শূন্য, আনফালে বাঢ়িছে ধাৰৰ বোজা৷ বিত্তীয় সংকট জোৰা মাৰিবলৈ প্ৰতি মাহেই দুই-তিনিবাৰলৈ ঋণ ল’বলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে৷ তথ্যমতে ২০২২-২৩ বিত্তীয় বৰ্ষৰ যোৱা ছটা মাহত [জুন-নৱেম্বৰ] ৰাজ্য চৰকাৰে ১২,০০০ কোটি টকাৰ ঋণ লৈছে৷ কেৱল যোৱা নৱেম্বৰ মাহতে ২৪০০ কোটি টকাৰ ঋণ লৈছে৷ যোৱা ২১ জুনৰ পৰা ২৯ নৱেম্বৰলৈ ৰাজ্যিক উন্নয়ন ঋণ হিচাপে চাৰি হাজাৰ কোটি টকা আৰু বণ্ড [গৱৰ্নমেণ্ট ছিকিউৰিটী] জাৰি কৰি আঠ হাজাৰ কোটি সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে৷ পৰিণতিত প্ৰতি মাহেই ঋণৰ সুদৰ হাৰ বৃদ্ধি পাই গৈ আছে৷ বিগত বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰখনে সুদৰ বাবদ ব্যয় কৰিছে ৭০৬৪ কোটি টকা৷ নতুন বিত্তীয় বৰ্ষত এই সুদৰ হাৰ কেইবাগুণে বৃদ্ধি পাব৷ ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষলৈ ৰাজ্য চৰকাৰে লোৱা ধাৰৰ পৰিমাণ ৰ লাখ ৩০ হাজাৰ কোটি টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয় যে ২০১৬ চনত তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ অন্তত অসমৰ ঋণৰ পৰিমাণ আছিল ৩৫ হাজাৰ কোটি টকা৷ তৰুণ গগৈ চৰকাৰৰ পাছত বিগত সময়ছোৱাত সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু এতিয়া ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভাৱনীয়ভাৱে ঋণ লৈছে৷ যদিও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যুক্তি প্ৰদৰ্শন কৰি আহিছে যে উন্নয়নৰ বাবে ঋণ লোৱাটো বেয়া কথা নহয়, ভাল কথাহে৷ মুখ্যমন্ত্ৰীৰ ভাষ্যত আশ্বন্ত হ’ব পৰা নাই সচেতন মহল৷ চৰকাৰে যদিও এহাতে ঋণৰ ধনেৰে ভোটৰ অংকত ৰাজ্যত লক্ষ লক্ষ হিতাধিকাৰী সৃষ্টি কৰিছে আনফালে চৰকাৰৰ অভ্যন্তৰত প্ৰকাশ পাইছে চৰম বিত্তীয় দুৰৱস্থাৰ আন এখন ছবি৷ অত্যাধিক কৰ কাটলৰ বোজাই কঁকাল ভাঙিছে সৰ্বসাধাৰণৰ৷ মুখ্যমন্ত্ৰীয়ে ‘বিকাশৰ পষেকৰ’ নামত ৰাজ্যৰ জিলাই জিলাই পোন্ধৰ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি থকাৰ সময়তে ওলাই পৰিছে চৰকাৰৰ ধোবাং বাং অৱস্থা৷ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে অভিযোগ কৰা অনুসৰি যোৱা ৯ মাহে চৰকাৰে বিধায়ক পুঁজিৰ ফুটা কড়ি এটাও মুকলি কৰি দিয়া নাই৷ চৰকাৰে নানা অজুহাত দেখুৱাই বিধায়কৰ সমষ্টি এলেকাৰ এক কোটি টকাৰ পুঁজিৰ ধন জিলাৰ উপায়ুক্তসকললৈ আজিকোপতি মুকলি কৰি দিয়া নাই৷ মন কৰিবলগীয়া যে চৰকাৰে ৰাজ্যৰ পৌৰ প্ৰশাসন কৰ্মচাৰী, মধ্যহ্ন ভোজন কৰ্মচাৰী, আশা কৰ্মীসকলেও নিজৰ প্ৰাপ্য দৰমহা-মাননিৰ বাবে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলগীয়া হৈছে৷ পুঁজিৰ নাটনিৰ ফলত সকলোতকৈ শোচনীয় অৱস্থা হৈছে ৰাজ্যৰ চাৰে-তিনিশখন চৰকাৰী সাহায্যপ্ৰাপ্ত তথা প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ৷ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত চৰকাৰে বছৰি দুই লাখ টকালৈ উপাৰ্জনৰ পৰিয়ালৰ কলেজত নামভৰ্তি বিনামূলীয়া কৰিছে যদিও বিনামূলীয়া নামভৰ্তি কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বিনিময়ত সমপৰিমাণৰ ধন মহাবিদ্যালয়সমূহক ঘূৰাই দিয়া নাই চৰকাৰে৷ বিগত বৰ্ষত হোৱা নামভৰ্তিৰ বাবদ যোৱা এপ্ৰিললৈকে চৰকাৰে সৰ্বাধিক ৫৯ শতাংশ ধনহে পৰিশোধ কৰিছে৷ ইয়াৰ পূৰ্বৰ বৰ্ষৰো কোটি কোটি টকা অনাদায় হৈ আছে৷ ২০২১-২২ বৰ্ষৰ প্ৰায় ৩৮ কোটি টকা [৪০ শতাংশৰো অধিক ধন] মহাবিদ্যালয়বোৰে চৰকাৰৰ পৰা পাবলৈ আছে৷ ফলত গুৰুতৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে মহাবিদ্যালয়সমূহ৷ পৰিস্থিতি এনে অৱস্থা পাইছেগৈ যে নগাঁৱৰ ননৈকে ধৰি একাংশ মহাবিদ্যালয়ৰ বিদ্যুতৰ বিল দিবলৈকে ধন নাইকিয়া হৈছে৷ ফলত এপিডিচিলে বিদ্যুৎ সংযোগ কৰ্তনৰ জাননী জাৰি কৰিছে৷ ইফালে পুঁজিৰ অভাৱৰ বাবেই ৰাজ্যৰ ৮৮খন কলেজে সময়মতে নাকৰ মূল্যায়ন কৰাব নোৱৰাৰো অভিযোগ উঠিছে৷ কিয়নো নাকৰ মূলায়নৰ বাবে একোখন মহাবিদ্যালয়ৰ প্ৰায় ১০ লাখ টকা খৰচ হয়৷ এই ধনৰ জমা মাৰিবলৈ অপৰাগ ৰাজ্যৰ বহু মহাবিদ্যালয়৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ উচ্ছ শিক্ষা সঞ্চালকলয়ে সংশ্লিষ্ট কলেজৰ অধ্যক্ষলৈ শ্ব’কজ জাৰি কৰি ২৩ ডিচেম্বৰৰ ভিতৰতে উত্তৰ দিবলৈ নিৰ্দেশ দিছে৷ চৰম বিত্তীয় সংকটৰ বাবদ একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে ১৫ লাখ টকীয়া আপোন ঘৰ আঁচনি৷ চুক্তি অনুসৰি চৰকাৰে ঋণৰ ৩ শতাংশ ব্যয় কৰিব লাগে যদিও হিতাধিকাৰীক কোনোবা এটা মাজত দুই হাজাৰ-তিনি হাজাৰ আপোন ঘৰৰ ছাবছিটি বেংকত ঘূৰাই দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে৷ সপ্তম দৰমহা আয়োগে অনুমোদন দিয়াৰ পাছতো চৰকাৰে কাৰ্যকৰী নকৰিলে চিকিৎসাৰ কলেজ ব্যৱস্থা৷ ৰাজ্যৰ ছয় শতাধিক কলেজ শিক্ষকৰ ফেব্ৰুৱাৰী মাহতে পদোন্নতি কিন্তু যোৱা ১১ মাহে বৰ্ধিত দৰমহা আদায় দিব পৰা নাই ৰাজ্য চৰকাৰে৷